Class 10 Geography Book Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল Short Question Answer Type

 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

ষষ্ঠ অধ্য়ায়

১। ভাৰতবৰ্ষ কোন মহাদেশৰ অন্তৰ্গত?

উত্তৰঃ এছিয়া মহাদেশৰ।

২। পৃথিৱীৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাম লিখা?

উত্তৰঃ ভাৰতবৰ্ষ।

৩। ভাৰতবৰ্ষ খন কি ৰাষ্ট্ৰ?

উত্তৰঃ অখণ্ড ৰাষ্ট্ৰ।

৪। এই দেশৰ ঐতিহ্য় কি?

উত্তৰঃ ঐক্য় আৰু সংহতি এই দেশৰ ঐতিহ্য়।

৫। ভাৰতবৰ্ষ এছিয়া মহাদেশৰ কোন অংশত অৱস্থিত?

উত্তৰঃ দক্ষিণ অংশত অৱস্থিত।

৬। ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ কৰ পৰা কলৈ আৰু পূৱা-পশ্চিমাকৈ কৰ পৰা কলৈ বিস্তৃত?

উত্তৰঃ উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিলৈকে আৰু পূবা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূৱ প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত।

৭। উত্তৰা-দক্ষিণাকৈ আৰু পূবা-পশ্চিমাকৈ ভাৰতবৰ্ষৰ ভূ-খণ্ড কিমান কিলমিটাৰ বিস্তৃত?

উত্তৰঃ উত্তৰা-দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূ-খণ্ড ৩,২১৪ কিল’মিটাৰ আৰু পূবা-পশ্চিমাকৈ ২,৯৩৩ কিল’মিটাৰ বিস্তৃত।

৮। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য় কিমান?

উত্তৰঃ ১৫,২০০ কিল’মিটাৰ।

৯। ভাৰতবৰ্ষখন আকাৰত পৃথিৱীৰ দেশসমূহৰ ভিতৰত কেইনম্বৰ স্থানত আছে?

উত্তৰঃ সপ্তম স্থানত আছে।

১০। এই দেশ ব্ৰিটিছ যুক্তৰাষ্ট্ৰতকৈ আৰু জাপানতকৈ কেইগুণ ডাঙৰ?

উত্তৰঃ এই দেশ ব্ৰটিছ যুক্তৰাষ্টতকৈ ১৩ গুণ ডাঙৰ আৰু জাপানতকৈ ৪ গুণ ডাঙৰ।

১১। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ভাৰতবৰ্ষৰ মুঠ মাটিকালি ৩,২৮৭,২৬৩ বৰ্গ কিল’মিটাৰ।

১২। ভাৰত বৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ জুৰি আছ?

উত্তৰঃ ২.২ শতাংশ জুৰি আছে।

১৩। ভাৰতবৰ্ষখন কেইখন ৰাজ্য় আৰু কেইটা কেন্দ্ৰীয় শাসিত অঞ্চলেৰে গঠিত?

উত্তৰঃ ২৮ খন ৰাজ্য় আৰু ৭টা কেন্দ্ৰীয় শাসিত অঞ্চলেৰে গঠিত।

১৪। ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান কিমান শতাংশ কিহেৰে আবৃত হৈ আছে?

উত্তৰঃ ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ১০.৭ শতাংশ পৰ্বতেৰে, ১৮.৬ শতাংশ পাহাৰ আৰু টিলাৰে, ২৭.৭ শতাংশ মালভূমিৰে আৰু ৪৩.৩ শতাংশ সমভূমিৰে আবৃত হৈ আছে।

১৫। সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি কাক বোলে?

উত্তৰঃ সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ নদী আৰু ইহঁতৰ অলেখ উপনৈয়ে গঠন কৰা পলসুৱা বৃহৎ সমভূমিক সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি বোলে।

১৬। ভাৰতৰ কোন অংশত ৰাজস্থান সমভূমি অৱস্থিত?

উত্তৰঃ ভাৰতৰ পশ্চিমাংশত।

১৭। ভাৰতক কিহত লেখত ল’বলগীয়া দেশ?

উত্তৰঃ নদ-নদীৰ ক্ষেত্ৰত।

১৮। কোন দেশক নদী-মাতৃক দেশ বুলি কোৱা হয়?

উত্তৰঃ ভাৰত দেশক।

১৯। উত্তৰ ভাৰতৰ প্ৰধান নদী কি?

উত্তৰঃ গংগা আৰু ব্ৰহ্মপুত্ৰ।

২০। দক্ষিণ ভাৰতৰ প্ৰধান নদী বিলাকৰ ভিতৰত কি কি উল্লেখযোগ্য়?

উত্তৰঃ নৰ্মদা, তাপ্তী, মহানদী, গোদাবৰী, কৃষ্ণা, আৰু কাবেৰি উল্লেখযোগ্য়।

২১। ভাৰতবৰ্ষক মুঠ কেইটা ভূ-প্ৰাকৃতিক ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ ভাৰতবৰ্ষক মুঠ চাৰিটা ভাগত ভগাব পাৰি, যেনে-(ক) উত্তৰৰ হিমালয় পাৰ্বত্য় অঞ্চল, ( খ ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, ( গ ) দাক্ষিণাত্য় মালভূমি অঞ্চল আৰু ( ঘ) উপকূল অঞ্চল।

২২। পৃথিৱীৰ সৰ্বোচ্চ ওখ পৰ্বতটোৰ নাম কি?

উত্তৰঃ হিমালয়।

২৩। হিমালয় পৰ্বতমালা কৰ পৰা কলৈ বিস্তৃত?

উত্তৰঃ হিমালয় পৰ্বতমালা ভাৰতৰ বাহিৰেও নেপাল, ভূটান আৰু চীনদেশলৈকে বিস্তৃত।

২৪। হিমালয় পৰ্বতমালা কি যুগত সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে ঠাৱৰ কৰিছে?

উত্তৰঃ টাৰচিয়েৰী যুগত সৃষ্টি হৈছিল বুলি ঠাৱৰ কৰিছে।

২৫। বৰ্তমানৰ হিমালয় পৰ্বতমালাই যি ঠাই আগুৰি আছে সেই ঠাইত বহু নিযুত বছৰৰ আগেয়ে কি আছিল?

উত্তৰঃ সেই ঠাইত বহু নিযুত বছৰৰ আগেয়ে এখন সাগৰ আছিল।

২৬। সাগৰখনৰ নাম কি?

উত্তৰঃ সাগৰখনৰ নাম টেথিছ সাগৰ।

২৭। টেথিছ সাগৰৰ উত্তৰৰ ভূখণ্ডক আৰু দক্ষিণৰ ভূখণ্ডক কি বুলি জনা যায়?

উত্তৰঃ উত্তৰৰ ভূখণ্ডক ‘আঙ্গাৰালেণ্ড’ আৰু দক্ষিণৰ ভূখণ্ডক ‘গণ্ডোৱানালেণ্ড’ বুলি জনা যায়।

২৮। পূবা-পশ্চিমাকৈ প্ৰায় সমান্তৰালভাৱে হিমালয় পৰ্বতমালাক কেইটা শাৰীত বিভক্ত কিৰিছে? আৰু কি কি?

উত্তৰঃ তিনিটা শাৰীত বিভক্ত কৰিছে। যেনে- উচ্চ হিমালয়, নিম্ন হিমালয়, বহিঃ হিমালয়।

২৯। উচ্চ হিমালয় পৰ্বতশ্ৰেণীৰ গড় উচ্চতা কিমান?

উত্তৰঃ  ৬,০০০ মিটাৰ।

৩০। নিম্ন হিমালয় গড় উচ্চতা কিমান?

উত্তৰঃ ৪,০০০ মিটাৰ।

৩১। বহিঃ হিমালয় পৰ্বতশ্ৰেণীৰ উচ্চতা কিমান?

উত্তৰঃ ১,০০০ মিটাৰ।

৩২। বহিঃহিমালয়ক ঠায়ে ঠায়ে কি বুলি জনা যায়?

উত্তৰঃ সিৱালিক বুলি জনা যায়।

৩৩। উত্তৰ ভাৰতৰ সমভূমি অঞ্চল কৰ পৰা কলৈ কিমান কিল’মিটাৰ বিস্তৃত?

উত্তৰঃ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল অসমৰ পৰা পশ্চিমে পাকিস্তান সীমালৈকে প্ৰায় ২,৪০০ কিল’মিটাৰ বিস্তৃত।

৩৪। হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নদীৰ নাম লিখা?

উত্তৰঃ হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নদীৰ নাম হ’ল- সিন্ধু , গঙ্গা, আৰু ব্ৰহ্মপুত্ৰ।

৩৫। ব্ৰহ্মপুত্ৰ নদী কৰ পৰা উৎপত্তি হৈছিল?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী চীনদেশৰ তিব্বত মালভূমিত থকা চেমা-যুংদুং নামৰ হিমবাহৰ পৰা উৎপত্তি হৈছিল।

৩৬। উপকূল অঞ্চলত কেইটা হ্ৰদ আছে আৰু কি কি?

উত্তৰঃ এই উপকূলত চিলকা, কোলাৰ আৰু পলিকট নামে তিনিটা হ্ৰদ আছে।

৩৭। ভাৰতীয় দ্বীপসমূহ কেইটা গোট বা দ্বীপপুঞ্জত বিভক্ত? আৰু কি কি নামৰে জনা যায়?

উত্তৰঃ ভাৰতীয় দ্বীপসমূহ দুটা  গোট বা দ্বীপপুঞ্জত বিভক্ত। ইয়াৰে এটাক লাক্ষা দ্বীপপুঞ্জ আৰু আনটোক আন্দামান-নিকোবৰ দ্বীপপুঞ্জ নামেৰে জনা যায়।

৩৮। লাক্ষা দ্বীপপুঞ্জ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি?

উত্তৰঃ লাক্ষা দ্বীপপুঞ্জ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী ক্ৰমে কৱাৰাতে আৰু প’ৰ্ট ব্লেয়াৰ।

৩৯। লাক্ষা দ্বীপুঞ্জৰ মাটিকালি কিমান?

উত্তৰঃ ৩২ বৰ্গ কিল’মিটাৰ।

৪০। আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ কোইটা দ্বীপৰ সমষ্টিয়ে গঠিত হৈছে?

উত্তৰঃ আন্দামান অঞ্চলৰ ২০৪ টা আৰু নিকোবৰ অঞ্চলৰ ১১ সৰু বৰ দ্বীপক লৈ মুঠ ২১৫ টা দ্বীপৰ সমষ্টিয়ে গঠিত হৈছে।

৪১। ইয়াৰ মাটিকালি কিমান?

উত্তৰঃ ইয়াৰ মাটিকালি ৮,২৪৯ বৰ্গ কিল’মিটাৰ।

৪২। মেঘালয় চেৰাপুঞ্জীত বছৰি কিমান চেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়?

উত্তৰঃ ১,২৫০ চিন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়।

৪৩। ভাৰতত বছৰটোৰ ভিতৰত কেইটা ঋতু অনুভূত হয়?

উত্তৰঃ ভাৰতত বছৰটোৰ ভিতৰত চাৰিটা ঋতু অনুভূত হয়।

৪৪। এই ঋতু কেইটা কি কি?

উত্তৰঃ এই ঋতুকেইটা হ’ল ক) শীতকাল খ) প্ৰাক্ বৰ্ষাকাল গ) বৰ্ষাকাল ঘ) প্ৰাক্ শীতকাল।

৪৫। প্ৰাকৃতিক পৰিৱেশৰ অন্য়তম উপাদান কি?

উত্তৰঃ মাটি।

৪৬। ভাৰতবৰ্ষত পোৱা মাটিবোৰক কেই প্ৰকাৰত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ ভাৰতবৰ্ষত পোৱা মাটিবোৰক ছয় ভাগত ভগাব পাৰি। যেনে- পাৰ্বত্য় অঞ্চলৰ মৃত্তিকা, সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ মৃত্তিকা, মৰু অঞ্চলৰ মৃত্তিকা, লাভা মৃত্তিকা ( ক’লা মৃত্তিকা) দাক্ষিণাত্য় মালভূমিৰ মৃত্তিকা আৰু উপকূল অঞ্চলৰ মৃত্তিকা।

৪৭। সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলত পোৱা মৃত্তিকা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলত পোৱা মৃত্তিকা দুই প্ৰকাৰৰ,যেনে- নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি।

৪৮। নতুন পলসুৱা মাটি কেনেধৰণৰ?

উত্তৰঃ নতুন পলসুৱা মাটি কিছু কোমল আৰু সাৰুৱা।এনে মাটি প্লাৱন ভূমি আৰু নদীৰ পাৰত পোৱা যায়।

৪৯। পুৰণি পলসুৱা মাটি কেনেধৰণৰ?

উত্তৰঃ পুৰণি পলসুৱা মাটি তুলনামূলকভাৱে কঠিন। এই মাটি সাৰুৱা নহয়।

৫০। নতুন পলসুৱা মটি ক’ত ক’ত পোৱা যায়?

উত্তৰঃ নতুন পলসুৱা মাটি পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্য়া, পশ্চিমবংগ আৰু অসমৰ নদী উপত্য়কাসমূহত এই মাটি পোৱা যায়।

৫১। পুৰণি পলসুৱা মাটি ক’ত ক’ত পোৱা যায়।

উত্তৰঃ পুৰণি পলসুৱা মাটি পঞ্জাৱ, উত্তৰ প্ৰদেশ, আৰু ব্ৰহ্মপুত্ৰ সমভূমিত এনে মাটি দেখা যায়।

৫২। মৰু অঞ্চলৰ মৃত্তিকা ক’ত ক’ত পোৱা যায়?

উত্তৰঃ মৰু অঞ্চলৰ মৃত্তিকা থৰ মৰুভূমি অঞ্চল, ৰাজস্থান, সৌৰাষ্ট্ৰ, আৰু কচ্চ উপসাগৰীয় অঞ্চলত পোৱা যায়।

৫৩। লাভা মৃত্তিকা কাক বোলে?

উত্তৰঃ লাভা অৱক্ষেপনৰ পৰা গঠিত হোৱা মৃত্তিকাক লাবা মৃত্তিকা বোলা হয়।

৫৪। লাভা মৃত্তিকাক সাধাৰণতে কি বুলি জনা যায়?

উত্তৰঃ লাভা মৃত্তিকাক সাধাৰণতে কৃষ্ণ মৃত্তিকা বুলি জনা যায়।

৫৫। কংকৰ মৃত্তিকা বুলিলে কি বুজা?

উত্তৰঃ পৰ্বত আৰু মালভূমিৰ কাষৰিয়া অঞ্চলত এবিধ ৰঙচুৱা টান মাটি পোৱা যায়। এয়াকে কংকৰ মৃত্তিকা বুলি কোৱা হয়।

৫৬।