Class 10 Social Science MCQs Answer | Chapter 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

১. পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ কেইটা বৃহৎ উপাদান বা মণ্ডলে ভৌগোলিক পৰিৱেশৰ নিৰূপণ কৰিছে?

(ক) তিনিটা

(খ) চাৰিটা

(গ) দুটা

Answer: (খ) চাৰিটা

২. শিল, বালি, মাটি, মণিক আদিৰদ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক কি বোলা হয়?

(ক) স্থলমণ্ডল

(খ) জলমণ্ডল

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) স্থলমণ্ডল

৩. স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় কেই শতাংশ আগুৰি আছে?

(ক) ৩০ শতাংশ

(খ) ২৮ শতাংশ

(গ) ২৯ শতাংশ

Answer: (গ) ২৯ শতাংশ

৪. জলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে?

(ক) ৭১ শতাংশ

(খ) ৭০ শতাংশ

(গ) ৭২ শতাংশ

Answer: (ক) ৭১ শতাংশ

৫. ভূ-পৃষ্ঠৰপৰা  প্ৰায় কিমান কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ থকা বুলি ক’ব পাৰি?

(ক) ৩০০০০

(খ) ২০০০০

(গ) ১০০০০

Answer: (গ) ১০০০০

৬. বায়ুমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৰিৱেশতন্ত্ৰৰ অন্য কেইটা মণ্ডলৰ ওপৰত নিৰ্ভৰশীল?

(ক) দুটা

(খ) তিনিটা

(গ) ইয়াৰে এটাও নহয়।

Answer: (গ) ইয়াৰে এটাও নহয়।

৭. জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় কিমান নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰাজাতি চিনাক্ত কৰা হৈছে?

(ক) ১.৭৫ নিযুত

(খ) ১.৭৭ নিযুত

(গ) ১.৭৬ নিযুত

Answer: (ক) ১.৭৫ নিযুত

৮. স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই-অক্সাইড গেছ থাকে?

(ক) ৩.৩৫ শতাংশ

(খ) ০.৩৫৫ শতাংশ

(গ) ০.০৩৫ শতাংশ

Answer: (গ) ০.০৩৫ শতাংশ

৯. ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যসমূহক কেই প্ৰকাৰে বিবেচনা কৰিব পাৰি?

(ক) তিনি প্ৰকাৰে

(খ) চাৰি প্ৰকাৰে

(গ) দুই প্ৰকাৰে

Answer: (ক) তিনি প্ৰকাৰে

১০. আঞ্চলিক সমস্যা যিকোনো এটা উদাহৰণ দিয়া?

(ক) এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ

(খ) অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্য

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্য

১১. অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াক সহজ কথাত কি বুলি ক’ব পাৰি?

(ক) ভূমিস্থলন

(খ) প্ৰদূষণ

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) প্ৰদূষণ

১২. স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰ’জেন গেছ থাকে?

(ক) ০.০৩৫

(খ) ২০.৯৮ শতাংশ

(গ) ৭৮.০৮ শতাংশ

Answer: (গ) ৭৮.০৮ শতাংশ

১৩. মাত্ৰাধিক ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইড সঞ্জিত হ’লে কিহৰ সৃষ্টি হয়?

(ক) এচিড বৰষুণৰ

(খ) ভূমি প্ৰদূৰ্ষণ

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) এচিড বৰষুণৰ

১৪. মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ প্ৰায় কিমান শতাংশ সামৰি আছে?

(ক) ২৫ শতাংশ

(খ) ২০ শতাংশ

(গ) ১৫ শতাংশ

Answer: (খ) ২০ শতাংশ

১৫. আফ্ৰিকা মহাদেশৰ নাইৰ’বিত কিমান চনত ৰাষ্টসংঘৰ এক সন্মিলন অনুষ্ঠিত হৈছিল?

(ক) ১৯৫০ চনত

(খ) ১৯৬৬ চনত

(গ) ১৯৭৭ চনত

Answer: (গ) ১৯৭৭ চনত

১৬. সাগৰ- পৃষ্ঠ বৰ্তমানতকৈ এক মিটাৰ ওপৰলৈ উঠি আহিলে পৃথিৱীৰ উপকুল অঞ্চলৰ প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ পৰিমাণৰ ভূমি জলমগ্ন হ’ব?

(ক) ৬ নিযুত

(খ) ৫ নিয়ুত

(গ) ৪ নিযুত

Answer: (খ) ৫ নিয়ুত

১৭. স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন গেছ থাকে?

(ক) ২০.৯৮ শতাংশ

(খ) ০.০৩৫ শতাংশ

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) ২০.৯৮ শতাংশ

১৮. সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ প্ৰায় কিমান শতাংশ ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে?

(ক) ৩০ শতাংশ

(খ) ৩৫ শতাংশ

(গ) ৩৬ শতাংশ

Answer: (খ) ৩৫ শতাংশ

১৯. পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ কি প্ৰদাৰ্থৰদ্বাৰা গঠিত?

(ক) গেছীয় প্ৰদাৰ্থৰদ্বাৰা।

(খ) জুলীয়া প্ৰদাৰ্থৰদ্বাৰা

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) গেছীয় প্ৰদাৰ্থৰদ্বাৰা।

২০. আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ কিমান শতাংশ কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদৃষিত হৈছে?

(ক) ৬০ শতাংশ

(খ) ১৬ শতাংশ

(গ) ৫৫ শতাংশ

Answer: (গ) ৫৫ শতাংশ