Class 12 Advance Assamese Chapter 1 Question Paper (Part-1)

বৰ্ষা বৰ্ণন

H.S. পৰীক্ষাত অহা প্রশ্ন

(ক) অতি চমু প্রশ্ন :                                       মূল্যাংক : ১

১। “গ্ৰীষ্মত আছিল শুখাই ৰৌদ্ৰতাপ সহি”- – কোনে ৰৌদ্ৰতাপ সহিছিল ? [HS ’99]

২। শ্ৰীমন্ত শঙ্কৰদেৱৰ বৰ্ষা বর্ণনকবিতাংশ ভাগৱতৰ কোনটো স্কন্ধত পোৱা যায় ? [HS 2000, ’02]

৩। ‘কৰিলে গুৱালী পলুৰঙ্গা থানে থান‘ – ইয়াত ‘পলুৰঙ্গা’ শব্দই কি অর্থ প্রকাশ কৰিছে, লিখা।[HS 04, ‘10]

৪। শ্ৰীশঙ্কৰদেৱ কোন যুগৰ কবি? [HS ’04]

৫। “যান্ত কৃষ্ণে গোষ্ঠক আগত ধেনু লৈ’—ইয়াত ‘গোষ্ঠ’ কি অৰ্থত ব্যৱহাৰ হৈছে? [HS 2000, ‘09]

৬। শুকমুনি কাৰ পুত্ৰ আছিল ? [HS08]

৭। বর্ষা বর্ণনকাব্যাংশ কোনখন মূল পুথিৰ পৰা অনা হৈছে? [HS 11]

৮। শ্ৰীমন্ত শংকৰদেৱৰ নাম-প্ৰসংগমূলক গ্রন্থ এখনৰ নাম লিখা । [HS 14]

৯। শ্ৰীমন্ত শংকৰদেৱৰ এখন কাব্যৰ নাম লিখা। [HS ‘16]

১০। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি ? [HS ‘17]

১১। শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ডৰ পদ ভাঙনি কৰিছিল ? [HS’18]

(খ) চমু প্রশ্ন :                                              মূল্যাংক : ২/৩/৪

১। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

(ক) বহৱৈ বিপথে অতি ক্ষুদ্র নদী যত।

কৰে অকাৰ্যক যেন ধনৰ গৰ্বত।।[HS ‘2000, 08]

(খ) আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব।

দুনাই সূৰ্য্যে এৰি দেত্ত বাৰিষা কালত ।। [HS ’02]

(গ) যদ্যাপি মূষলধাৰে মেঘে বৰষিল।

তথাপি পর্বতে পীড়া কিছো নজানিল।। [HS 04]

২। বর্ষা বর্ণন কবিতাটিৰ উৎস গ্রন্থ কি ? এই কবিতাটিৰ কবিজনৰ এখন কাব্যগ্ৰন্থৰ নাম লিখা । [HS ‘13]

৩।তপ উপবাসে দেহা আছিল শুখাই ।।

দুনাই ভোগ ভুঞ্জিলাত আপুনি পুষ্টাই ।।

—ইয়াত কাৰ দেহা শুখাইআছিল? ই কেনেকৈ পুষ্ট হ, লিখা ।[HS ‘14]

(গ) ৰচনাধর্মী প্রশ্ন :                               মূল্যাংক : ৫

১। “পশু-পক্ষী বৃক্ষৰো আনন্দে মগ্ন মন।

বাৰিষা ঋতুৰ শ্ৰীক চান্তে ঘনে ঘন।।”

-এই উক্তিৰ আলম লৈ শ্ৰীশঙ্কৰদেৱৰ বৰ্ষা ঋতুৰ বৰ্ণনাৰ এটি চমু বিৱৰণ তোমাৰ নিজৰ ভাষাত লিখা।) [HS ‘99]

২। “গ্ৰীষ্মত আছিল শুখাই ৰৌদ্ৰতাপ সহি।

বাৰিষা কালত দুনাই পুষ্ট ভৈল মহী।।”

এই কবিতাৰ স্তৱকটো কোনটো কবিতাৰ পৰা লোৱা হৈছে কবিয়ে গ্ৰীষ্মৰ অন্তত বাৰিষাকালৰ বিৱৰণ কেনেকৈ দিছে, তোমাৰ ভাষাত বৰ্ণনা কৰা। [HS ‘01, ‘05]

৩। “আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব।

দুনাই সূৰ্য্যে এৰি দেন্ত বাৰিষা কালত।।”

– এই কবিতাৰ স্তৱকটো কোনগৰাকী কবিৰ ৰচনা? এই  স্তৱকটোৰ মাজেদি কবিগৰাকীয়ে বাৰিষা কালৰ বিৱৰণ কেনেদৰে প্ৰকাশ কৰিছে, তোমাৰ ভাষাত বৰ্ণনা কৰা। । [HS ‘03]

৪। ‘শুখাই পড়ে জল পুনু অত্যন্ত আসুখ।

 দৈৱাধীন নাজানিলে মিলৈ মহাদুখ ।।

উক্ত স্তৱকটি কোনগৰাকী কবিৰ ৰচনা ? স্তৱকটিৰ অন্তৰ্নিহিত কথাখিনি বুজাই লিখা।[HS ‘06]

৫। বর্ষাকালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে, পাঠৰ আধাৰতআলোচনা কৰা। [HS ‘07, ‘11,’14,16, ‘17]

৬। ‘বর্ষা বর্ণন’ কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাব | বুজাই লিখা ।[HS ‘09]

৭। ‘বর্ষা বর্ণনকবিতাটিৰ মাজেৰে বৰ্ষাকালৰ চিত্ৰ কিদৰে প্ৰকাশ পাইছে, আলোচনা কৰা। [HS ‘10, 13, ‘15,’18]  

৮। ‘গ্রীষ্ম গৈলে ঋতু আসি বাৰিষা মিলিলা‘ – গ্ৰীষ্মৰ শেষত অহা বাৰিষা কালৰ বিৱৰণ কবিয়ে কেনেদৰে দিছে বর্ষা বৰ্ণনকাব্যাংশৰ আধাৰত বিৱৰি লিখা। [HS ‘12]

Type: Himashree Bora.