Class 12 Assamese Question Paper Chapter 2 (part-2)

বিশ্বখনিকৰ

H.S. পৰীক্ষাত অহা প্রশ্নসমূহ

(ক) অতি চমু প্রশ্নাৱলী :                                                                                    মূল্যাংক : ১

১। মফিজুদ্দিন আহমদ হাজৰিকাই লিখা কবিতাপুথি এখনৰ নাম লিখা । [HS ‘08]

২। অসম সাহিত্য সভাৰ দ্বাদশ গোলাঘাট অধিবেশনৰ সভাপতি কোন আছিল ? [HS ‘09,’11]

৩। ‘তত্ত্ব-পাৰিজাত’ পুথিৰ ৰচক কোন ? [HS ‘10]

৪। ‘তেওঁৰেহে মহিমাৰ   [HS ‘13]

নাই কোনো ওৰপাৰ ‘

 — ইয়াত কাৰ মহিমাৰ কথা কোৱা হৈছে?

৫। মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰভাবে প্রকাশিত কাব্যগ্ৰন্থখনিৰ নাম কি ? [HS ‘14]

৬। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শনৰ প্রকাশ ঘটিছে। [HS ‘15]

৭। ‘বিশ্বখনিকৰ’ কবিতাটিত বিশ্বখনিকৰ বুলি কাক কোৱা হৈছে ? [HS ‘16]

৮। ‘জ্ঞানমালিনীৰ কবি কোন ? [HS ‘18]

(খ) চমু প্রশ্নাৱলী :                                                  মূল্যাংক : ২/৩

১। ‘সকলোতে আছে তেওঁ

কিন্তু নেদেখে কেওঁ,

ওৰণিৰে মুখ ঢাকি থাকে ওচৰত।’

এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাব প্রকাশ কৰিব বিচাৰিছে চমুকৈ লিখা । [HS ’07, ’13]

২। মফিজুদ্দিন আহমদ হাজৰিকাৰ কাব্যকৃতিৰ বিষয়ে চমুকৈ লিখা । [HS ’09,’11]

৩। ত্রিলোক বুলিলে কি বুজা যায় ? [HS’12,14]

৪। ‘বিশ্ব খনিকৰকবিতাটিত উল্লেখ থকা তিনিটা গুণ কি কি? [HS ’13]

৫। পৰমেশ্বৰৰ তিনিটা গুণ কি কি? [HS ’14]

৬। বিশ্বখনিকৰক কিয় খেপিয়ালে পোৱা নাযায় ? [HS ’16, ’17]

৭। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।[HS ’18]

(গ) ৰচনাধৰ্মী প্ৰশ্নাৱলী:                                   মূল্যাংক: ৪/৫

১। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাৱ লিখা। [HS ’09]

২। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰাঁ :

(ক) তেৱেঁ যোগী তপস্বী ও তেৱেঁ বাজীকৰ

তেৱেঁ ধনী, তেৱেঁ ধন-

গোমোস্তা ও মহাজন; [HS ’09]

(খ) চাওঁ যদি ইপিনেদি [HS ’10]

   আহাহু কেনে বুকু ভেদি

 মৰমেৰে বৰষিছে দয়া বৰষুণ।

(গ) ‘তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।।’ [HS ’11]

(ঘ) নিশ্চয় নিশ্চয় তেৱেঁ

(দেখা নায়ো যদি কেৱেঁ)

অন্তর্যামী সর্বজ্ঞান, বিশ্ব আত্মা প্ৰাণ

সর্বব্যাপী সর্ব শক্তিমান ।। [HS ’12, ’17]

(ঙ) সত্ত্বঃ ৰজঃ তমো গুণ

সকলোতে নিৰগুণ

বোলে হু বিশ্বগিৰি সেই মহাজন ।[HS ’15]

(চ) তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰি

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।[HS ’18]

Type : Himashree Bora.