Class 8 Assamese Chapter 9 MCQs । ভয় ।

ভয়

Chapter 9

১। ভয় পাঠটোৰ গল্পকাৰ কোন?

(ক) শীলভদ্ৰ

(খ) সত্যনাথ বৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (ক) শীলভদ্ৰ

২। শীলভদ্ৰ ৰ প্ৰকৃত নাম কি?

(ক) গোপাল মোহন

(খ) মোহন দত্ত

(গ) ৰেৱতীমোহন দক্ত

উত্তৰঃ- (গ) ৰেৱতীমোহন দক্ত

৩। উচ্চ শিক্ষা লাভ কৰি গল্পকাৰে ক’ত অধ্যাপনা কৰে ?

(ক) অসম ইঞিনিয়াৰিং কলেজত

(খ) হাই স্কুলত

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (ক) অসম ইঞিনিয়াৰিং কলেজত

৪। কিমান চনত গল্পকাৰে সাহিত্য অকাদেমি বঁটা লাভ কৰে।

(ক) ১৯২৩

(খ) ১৯৯৪

(গ) ২০০৮

উত্তৰঃ- (খ) ১৯৯৪

৫। কিমান চনত গল্পকাৰৰ মৃত্যু হয়?

(ক) ১৯২৩

(খ) ১৯৯৮

(গ) ২০০৮

উত্তৰঃ- (গ) ২০০৮

৬। ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া কোন?

(ক) সাহস

(খ) ভয়

(গ) পৰিবাৰ

উত্তৰঃ- (খ) ভয়

৭। ৰবীনৰ পৰিবাৰৰ নাম কি?

(ক) বিমলা

(খ) ৰমলা

(গ) কমলা

উত্তৰঃ- (খ) ৰমলা

৮। ফুটবল খেলি থাকোঁতে কোন ঢুকাল?

(ক) সত্য খুৰাৰ ল’ৰাজন

(খ) ৰবিনৰ পুতেক

(গ) সত্য খুৰাজন

উত্তৰঃ- (ক) সত্য খুৰাৰ ল’ৰাজন

৯। ৰবিনৰ কেইটা সন্তান আছিল?

(ক) চাৰিটা

(খ) ছয়টা

(গ) তিনিটা

উত্তৰঃ- (গ) তিনিটা

১০। ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তৰ্কা-তৰ্কি হয়?

(ক) লৰা-ছোৱালিৰ লগত

(খ) ৰমলাৰ লগত

(গ) সত্য় খুৰাৰ লগত

উত্তৰঃ- (খ) ৰমলাৰ লগত

১১। চাহ দোকানত ট্ৰাক এখন সোমাই মানুহ কেইজনক মাৰিলে?

(ক) মানুহ দুজনক

(খ) মানুহ চাৰিজনক

(গ) মানুহ পাঁছজনক

উত্তৰঃ- (ক) মানুহ দুজনক

১২। মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি ক’লৈ যাবলৈ ওলাইছিল?

(ক) কমলাৰ ঘৰৰ ফালে

(খ) বিমলাৰ ঘৰৰ ফালে

(গ) জহীৰুদ্দিনৰ ঘৰৰ ফালে

উত্তৰঃ- (গ) জহীৰুদ্দিনৰ ঘৰৰ ফালে

১৩। ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই। কথাষাৰ কোনে কৈছিল?

(ক) লৰা-ছোৱালীয়ে কৈছিল

(খ) ৰমলাই কৈছিল

(গ) ৰবিনে কৈছিল

উত্তৰঃ- (খ) ৰমলাই কৈছিল

১৪। হেৰা শুনিছা ? কোনোবাই চিঞৰা যেন লাগিছে। কথাষাৰ কোনে কৈছিল?

(ক)ৰমলাই

(খ) ৰবিনে

(গ) কমলাই

উত্তৰঃ- (খ) ৰবিনে

১৫। আজি মই তাৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ’লে কাইলৈ মোৰ ল’ৰা-ছোৱালীক ৰক্ষাকৰিবলৈ কোন আহিব? কথাষাৰ কোনে কৈছিল ?

(ক) ৰবিনে

(খ) পবিনে

(গ) ৰমলাই

উত্তৰঃ- (ক) ৰবিনে

১৬। গভীৰ ৰাতি হঠাতে উৎকৰ্ণ হৈ ৰবিনে  কি কৰে ?

(ক) জাঁপ মাৰি উঠে

(খ) কিবা শুনাৰ চেষ্টা কৰে

(গ) ওপৰৰ দুয়োটাই নহয়

উত্তৰঃ- (খ) কিবা শুনাৰ চেষ্টা কৰে

১৭। গল্পকাৰৰ জন্ম ক’ত হৈছিল?

(ক) গোৱালপাৰা জিলাত

(খ) মৰিগাঁও জিলাত

(গ) নগাঁও জিলাত

উত্তৰঃ- (ক) গোৱালপাৰা জিলাত

১৮। অসমীয়া চুটিগল্পৰ জনক কোন?

(ক) শীলভদ্ৰ

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) সত্যনাথ বৰা

উত্তৰঃ- (খ) লক্ষ্মীনাথ বেজবৰুৱা

১৯। মৰম শব্দৰ সমাৰ্থক অৰ্থ কি ?

(ক) গৰিমা

(খ) মধুৰ

(গ) প্ৰেম

উত্তৰঃ- (গ) প্ৰেম

২০। অশেষ শব্দৰ বিপৰীত অৰ্থ কি?

(ক) ঘৃণা

(খ) পাৰ্প

(গ) শেষ

উত্তৰঃ- (গ) শেষ