Class 9 History Chapter 2 Short Question Answer Solution For Assam | SCERT Class 9 History Book | ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ | Chapter 2 | নৱম শ্ৰেণীৰ ইতিহাস কিতাপ খনৰ চমু প্ৰশ্ন উত্তৰ | Class 9 History Book Solution |

দ্বিতীয় অধ্য়ায় 

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ 

Short Question Answer:

১। আনন্দ মঠ উপন্য়াসৰ ৰচয়িতা কোন ?

উত্তৰঃ বঙ্কিমচন্দ্ৰ চট্টোপাধ্য়ায় ।

২। স্য়াৰে  জাহাছে আচ্ছা গীতটিৰ ৰচয়িতা কোন ?

উত্তৰঃ মহম্মদ ইকবাল ।

৩। কিমান খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড নিৰ্মাণ কৰিছিল ?

উত্তৰঃ ১৮৩৯ খ্ৰীষ্টাব্দত । 

৪। কিমান খ্ৰীষ্টাব্দত ভাপ কলেৰে ৰেল যোগাযোগ আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল ?

উত্তৰঃ ১৮৩২ খ্ৰীষ্টাব্দত ।

৫। ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়ত ব্য়ৱস্থাৰ কেতিয়া সূচনা হয় ?

উত্তৰঃ ১৮৫৩ খ্ৰীষ্টাব্দত । 

৬। ভাৰতবৰ্ষত প্ৰথম কৰ পৰা ক’লৈ ৰেল চলাচল হয় ?

উত্তৰঃ বোম্বাই আৰু থানেৰ মাজত । 

৭। কিমান খ্ৰীষ্টাব্দত মাদ্ৰাজত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ?

উত্তৰঃ ১৮৫৪ খ্ৰীষ্টাব্দত । 

৮। কিমান খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰম্ভ হয় ?

উত্তৰঃ ১৮৮৩ খ্ৰীষ্টাব্দত ।

৯। কেতিয়া প্ৰথম তেলিগ্ৰাফ ব্য়ৱস্থাৰ প্ৰৱৰ্তন হয় ?

উত্তৰঃ ১৮৩৯ খ্ৰীষ্টাব্দত । 

১০। টেলিগ্ৰাফ ব্য়ৱস্থাটো কোনে চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল ? 

উত্তৰঃ লৰ্ড ডেলহাউচিয়ে । 

১১। প্ৰথমটো ছপাখানা ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰঃ শ্ৰীৰামপুৰত আৰু ১৭৯৭ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল । 

১২। আত্মীয় সভা নামৰ অনুষ্ঠান কেতিয়া স্থাপন কৰিছিল ?

উত্তৰঃ ১৮১৫ খ্ৰীষ্টাব্দত । 

১৩। ব্ৰাক্ষ্ম সভা নামৰ অনুষ্ঠানটো কেতিয়া স্থাপন কৰিছিল ?

উত্তৰঃ ১৮২৮ খ্ৰীষ্টাব্দত ।

১৪। হিন্দু কলেজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ ১৮১৭ খ্ৰীষ্টাব্দত ।

১৫। কোন খন কলেজ পিছলৈ প্ৰেছিডেন্সি কলেজ নামেৰে বিখ্য়াত হৈ পৰে ?

উত্তৰঃ হিন্দু কলেজ ।

১৬। প্ৰথম গৰাকী জাতীয়তাবাদী বুলি কাক কোৱা হয় ?

উত্তৰঃ ডেৰজিয়ক ।

১৭। প্ৰাৰ্থনা সমাজ কোনে কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ কেশৱ চন্দ্ৰ সেনে ১৮৬৭ খ্ৰীষ্ঠাব্দত প্ৰতিষ্ঠা কৰিছিল । 

১৮। বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য় শিক্ষা সমাজ নামৰ অনুষ্ঠান দুটা কোনে গঢ় দিছিল?

উত্তৰঃ জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাডে । 

১৯। ৰামকৃষ্ণ মিছন কেনেদৰে গঢ়ি উঠিছিল ?

উত্তৰঃ ৰামকৃষ্ণ পৰমহংস মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল ।

২০। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন ?

উত্তৰঃ স্বামী বিবেকানন্দ ।

২১। স্বামী বিবেকানন্দ প্ৰকৃত নাম কি ?

উত্তৰঃ নৰেন্দ্ৰ নাথ দত্ত ।

২২। থিয়’ছফিকেল ছ’চাইটি এটা কি ?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান । 

২৩। এই অনুষ্ঠানটো কেতিয়া ক’ত প্ৰতিষ্ঠা কৰা হয় ?

উত্তৰঃ নিউয়ৰ্ক চহৰত, ১৮৭৫ খ্ৰীষ্টাব্দত । 

২৪। থিয়’ছফিকেল ছ’চাইটিক কোনে জনপ্ৰিয় কৰি তুলিছিল ?

উত্তৰঃ এনি বেছাণ্ট ।

২৫। এনি বেছাণ্টে প্ৰতিষ্ঠা কৰা স্কুল খনৰ নাম কি ?

উত্তৰঃ চেণ্ট্ৰেল হিন্দু স্কুল ।

২৬। হোম ৰুল লীগ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ এনি বেছাণ্টে ১৯১৬ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল ।

২৭। ১৯১৭ খ্ৰীষ্টাব্দত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনৰ সভাপতি কোন ?

উত্তৰঃ এনি বেছাণ্ট । 

২৮। ‘বেংগল গেজেট’ কি ? 

উত্তৰঃ প্ৰথমখন ইংৰাজী ভাষাৰ সংবাদপত্ৰ ।

২৯। বেংগল গেজেট কোনে প্ৰকাশিত কৰিছিল ?

উত্তৰঃ জেমছ আগষ্টাচ হিকিৰ । 

৩০। ‘অস্ত্ৰ আইন’ কোনে জাৰি কৰিছিল ?

উত্তৰঃ লৰ্ড লিটনে ।