Class 9 History Chapter 4 Short Question Answer Solution For Assam | Class 9 History Book Solution | Chapter 4 | মানৰ অসম আক্ৰমণ | নৱম শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ |

অধ্য়ায়-4

মানৰ অসম আক্ৰমণ

১/ মানসকলে অসমত কেইবাৰ আক্ৰমণ কৰিছিল আৰু কেতিয়া কেতিয়া?

উত্তৰঃ মানসকলে অসমত তিনিবাৰ আক্ৰমণ কৰিছিল। ১৮১৭, ১৮১৯, ১৮২১ চনত।

২/ গোৰীনাথ সিংহৰ মৃত্য়ু কিমান চনত হৈছিল?

উত্তৰঃ ১৭৯৫ চনত মৃত্য়ু হৈছিল।

৩/ উজনীৰ বেংমৰা বৰ্তমান কোন অঞ্চলত আছে?

উত্তৰঃ উজনীৰ বেংমৰা বৰ্তমান তিনিচুকীয়া অঞ্চলত আছে।

৪/ মোৱামৰীয়াসকলে আহোমক আক্ৰমণ কৰোতে সহায় কৰা জাতি দুটা কি কি?

উত্তৰঃ মোৱামৰীয়াসকলে আহোমক আক্ৰমণ কৰোতে সহায় কৰা জাতি দুটা – চিংফৌ আৰু মানসকল।

৫/ চিংফৌ নেতা বিচানাঙলৈ এজনী গাভৰু উপহাৰ হিচাপে কোনে পঠিয়াইছিল?

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে।

৬/ পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে পঠিওৱা গাভৰু গৰাকীৰ নাম কি আছিল?

উত্তৰঃ ৰঙ্গিলী।

৭/ বিচানাঙে ৰঙ্গিনী আইদেউক কাক উপহাৰ দিলে?

উত্তৰঃ মান ৰজা বদৌপায়াক উপহাৰ দিলে।

৮/ পূৰ্ণানন্দউ বদনচন্দ্ৰৰ ঠাইত কাক বৰফুকন পাতিলে?

উত্তৰঃ কলীয়াভোমোৰা।

৯/ কলীয়াভোমোৰা সেতু নিৰ্মাণ কৰাৰ সপোন কাৰ আছিল?

উত্তৰঃ কলীয়াভোমোৰা বৰফুকনৰ।

১০/ কমলেশ্বৰ সিংহৰ দিনত গঢ়ি উঠা বিদ্ৰোহৰ নেতৃত্ব কৰা মানুহজনৰ নাম কি?

উত্তৰঃ পানীমুৱা।

১১/ সৎৰামক কি খিতাপ দিয়া হৈছিল?

উত্তৰঃ চাৰিঙিয়া ফুকন খিতাপ দিয়া হৈছিল।

১২/ কমলেশ্বৰ সিংহৰ মৃত্য়ু কিমান চনত হৈছিল?

উত্তৰঃ ১৮১০ চনত মৃত্য়ু হৈছিল।

১৩/ পূৰ্ণানন্দ বৰগোঁহাইৰ পুতেকৰ নাম কি আছিল?

উত্তৰঃ ওৰেষনাথ

১৪/ বদনচন্দ্ৰ বৰফুকনৰ জীয়ৰীৰ নাম কি আছিল?

উত্তৰঃ পিজৌ গাভৰু।

১৫/ কোনজন ৰজাৰ দিনৰ পৰা মানসকলে ৰাজ্য় সম্প্ৰসাৰণৰ গুৰুত্ব বেছিকৈ দিছিল?

উত্তৰঃ মান ৰজা আল সায়াৰ দিনৰ পৰা।

১৬/ মান ৰজা বদৌপায়াৰ আমোলত কোনখন ৰাজ্য় জয় কৰিছিল?

উত্তৰঃ আৰাকান

১৭/ কৰ পৰা কলৈ বঙ্গোপসাগৰীয় উপকূল ৰেখা আছে?

উত্তৰঃ মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ।

১৮/ বদনৰ লগত অহা মান লিপিকাৰ দুজনে লিখা টোকা দুটাৰ নাম কি?

উত্তৰঃ বৈশালী হুকং আৰু বৈশালী মুং ডুন-চুন-খাম।

১৯/ বদন বৰফুকনক কোনে হত্য়া কৰিছিল?

উত্তৰঃ ৰূপসিং নামৰ এজন চুবেদাৰে হত্য়া কৰিছিল।

২০/ অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোনখন ৰণক কোৱা হয়?

উত্তৰঃ মঁহগড়ৰ ৰণেই।

২১/ ইংৰাজ সেনাই কিমান চনত গুৱাহাটী অধিকাৰ কৰিছিল?

উত্তৰঃ ইংৰাজ সেনাই ১৮২৪ খ্ৰীষ্টাব্দত ২৮ মাৰ্চত।

২২/ কিমান চনত য়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত।

২৩/ য়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদ কাৰ সম্পৰ্কে আছিল?

উত্তৰঃয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অসম সম্পৰ্কে আছিল ।

২৪/ য়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি আছিল?

উত্তৰঃ ১/ আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব।

            ২/ মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয়।