ধাতু আৰু অধাতু | Class 10 General Science Question Paper | Class 10 General Science All Question | 2010 to 2020 All Class 10 Question in General Scince Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন | Class 10 General Science Book Question Bank |

ধাতু আৰু অধাতু 

 অধ্য়ায়-3 অতি চমু প্রশ্নাৱলীঃ মূল্য়াংকঃ1
শুদ্ধ উত্তৰটো লিখাঃ

1. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা ঃ [HSLC ’15]

(a) ছডিয়াম

(b) এলুমিনিয়াম

(c) ক্ল’ৰিন

(d) ব’ৰন

2. ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় ? [HSLC ‘ 15]

3. তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্রবল বেগে |বিক্ৰিয়া কৰে ? [HSLC ’16]
(a) Al

(b) Fe

(c) Na

(d) Ca

4. তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্রভাবে বিক্ৰিয়া কৰে ? [HSLC ’17]

(a) Na

(b) Fe

(c) Cu

(d) Ag

5. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হ’ল— [HSLC ‘ 19]

(i) কেলছিয়াম

(ii) কার্বন

(iii) ছিলিকন

(iv) আইন

6. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ পদ্ধতি উপযুক্ত হ’ব? [HSLC ’20]

(i) গ্রীজ ব্যৱহাৰ কৰি

(ii) ৰং ব্যৱহাৰ কৰি

(iii) যিংকৰ প্ৰলেপ দি
(iv) ওপৰৰ সকলো

7. সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু এটাৰ নাম লিখা ৷ [HSLC ’17]

8. মণিক আৰু আকৰৰ পাৰ্থক্য এটা উদাৰণ সহ লিখা ৷ [HSLC ‘ 17]

9. অধাতু আৰু অক্সিজেনৰ মাজত যোজন হ’লে কোন প্ৰকাৰৰ অক্সাইড উৎপন্ন হয় ? [HSLC ’17]

10. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা এটা ধাতুৰ নাম লিখা ৷ [HSLC ’17]

11. কাৰণ দৰ্শোৱা ঃ

(i) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়। [HSLC ‘ 18]

(ii) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় । [HSLC 18]

(iii) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় । [HSLC ’18]

12. কিয়, ব্যাখ্যা কৰা :

(i) ছিলভাৰ অৰ্থাৎ ৰূপৰ পাত্র বা গহনা বতাহৰ সংস্পৰ্শত কিছু সময় হ’লে ক’লা হৈ পৰে। [HSLC ‘ 18]
(ii) কপাৰে বতাহত থকা সেমেকা কার্বন ডাইঅক্সাইডৰ লগত বিক্ৰিয়া কৰাৰ ফলত তাৰ উজ্জ্বল মুগা ৰং পাতল হৈ শেষত সামান্য সেউজীয়া হৈ পৰে। [HSLC ‘ 18]

13. ধাতু এটাৰ নমনীয়তা কাক বোলে ? [HSLC ‘ 19]

14. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয় ? [HSLC ‘ 19]

15. লোত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় উল্লেখ কৰা । [HSLC ’19]

16. NaCl যৌগটোত থকা আয়নসমূহ কি কি ? [HSLC ’19] 17. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ? [HSLC ’20]

18. পানীত দ্রৱীভূত হোৱা দুটা ধাতৱ অক্সাইডৰ নাম লিখা । [HSLC ’20]

19. তলত দিয়াবোৰৰ মাজৰ পৰা আটাইতকৈ বেছি সক্ৰিয় আৰু আটাইতকৈ কম সক্রিয় ধাতুবোৰ চিনাক্ত কৰা। [HSLC ’20]Al, K, Cu, Au

B. চমু প্রশ্নাৱলী মূল্যাংক : 2/3 |

1. তলৰ বিক্ৰিয়াবোৰৰ ৰাসায়নিক সমীকৰণ লিখা [HSLC ’15]

(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আয়ৰণৰ বিক্ৰিয়া
(ii) পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া

2. এটা উদাহৰণৰ সৈতে ক্ষয়ীভৱন ব্যাখ্যা কৰা । [HSLC’15]

3. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল । [HSLC’ 15, ’19]

(i) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?

(ii) ধাতু আৰু অধাতু চিনাক্ত কৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাংকন কৰা।

4. কাৰণ দৰ্শোৱা ঃ [HSLC ‘ 15]

(i) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয় ।

(ii) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(iii) ধাতু নিষ্কাশনৰ সময়ত কার্বোনেট আৰু ছালফাইড আকৰ সাধাৰণতঃ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

5. (a) তাপজাৰণ কাক বোলে ? ৰাসায়নিক সমীকৰণ এটাৰ দ্বাৰা ব্যাখ্যা কৰা । [HSLC’16]

(b) ক’পাৰ ধাতু শোধনৰ বিদ্যুৎ পৰিশোধন পদ্ধতিটো চিহ্নিত চিত্ৰৰ সৈতে বৰ্ণনা কৰা। [HSLC’16]

6. এজন ছাত্ৰই চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তপ্ত কৰিলে। এটা পৰীক্ষা নলী গেছটোৰ ওপৰত ওভোটাকৈ ধৰি নিৰ্গত | হোৱা গেছটো সংগ্ৰহ কৰিলে । [ HSLC 17,19]

(A) সংঘটিত হোৱা বিক্ৰিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ৷ (B) গেছটোৰ ক্ৰিয়া কেনে হ’ব?
(i) শুকান লিটমাছ কাগজৰ লগত ?
(ii) সিক্ত লিটমাছ কাগজৰ লগত ?

7. আয়ৰণ (II) ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা ? সংঘটিত হোৱা ৰাসায়নিক বিক্রিয়টো লিখা । [HSLC ’18]

8. ধাতুৰ শোধন বুলিলে কি বুজা? অশুদ্ধিযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো উল্লেখ কৰা । এনড বোকা কাক বোলে ? [HSLC ‘ 18]

9. এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰ সৈতে বিক্রিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায় । [HSLC ’19]

(a) জ্বলি থকা ম’ম নুমুওৱা গেছটোৰ নাম লিখা ।
(b) বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা । [HSLC ’19]

10. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা । এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ? [HSLC ’19]

11.ইলেকট্রন স্থানান্তৰৰ জৰিয়তে ছ’ডিয়াম ক্ল’ৰাইডৰ (NaCl) গঠন ব্যাখ্যা কৰা। [HSLC ‘ 19]

12. উভধর্মী অক্সাইড কাক বোলে? উভধর্মী অক্সাইডৰ দুটা উদাহৰণ দিয়া ৷ [HSLC ’19]

13. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা সন্তুলন কৰা। [HSLC ’20]

(i) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

(ii) পটেছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্রক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে ।

14. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয় ? উদাহৰণেৰে সৈতে বাখ্যা কৰা । [HSLC ’20]

15. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেঁতেলী ৰসেৰে পৰিস্কাৰ কৰা তোমালোকে নিশ্চয় দেখিছা। পাত্রবিলাক পৰিস্কাৰ কৰিবলৈ টেঙা জাতীয় বস্তু কিয় ব্যৱহাৰ কৰে বুজাই লিখা । [HSLC ’20]

16. উদাহৰণেৰে সৈতে তলত দিয়াবোৰৰ সংজ্ঞা লিখা । [HSLC ’20]

(i) মণিক

(ii) আকৰ

17. ধাতুৰ শোধনৰ বাবে ব্যৱহৃত বিদ্যুৎ পৰিশোধন পদ্ধতিটো বাখ্যা কৰা ।

[HSLC ’20]

c. ৰচনাধৰ্মী প্রশ্নাৱলী (Essay Type Questions) : মূল্যাংক : 5

1. মেগনেছিয়াম আৰু ক্ল’ৰিণৰ ইলেক্‌ট্রন বিন্দু গঠন লিখা। ইলেক্‌ট্রন স্থানান্তৰৰ জৰিয়তে মেগনেছিয়াম ক্ল’ৰাইডৰ গঠন লিখা। এই যৌগটোত থকা আয়ন সমূহ কি কি? [HSLC 16]

Type By- Bikul Mandal