প্ৰফুল্ল কুমাৰ মহন্ত

১) প্ৰফুল্ল কুমাৰ মহন্তৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ প্ৰফুল্ল কুমাৰ মহন্তৰ জন্ম ১৯৫২ চনত হৈছিল।

২) প্ৰফুল্ল কুমাৰ মহন্ত কোন দলৰ নেতা ?

উত্তৰঃ প্ৰফুল্ল কুমাৰ মহন্ত অসম গণ পৰিষদৰ নেতা।

৩) কিমান চনত প্ৰফুল্ল কুমাৰ মহন্তক অসম গণ পৰিষদৰ পৰা বহিষ্কাৰ কৰা হৈছিল ?

উত্তৰঃ ২০০৫ চনত প্ৰফুল্ল কুমাৰ মহন্তক অসম গণ পৰিষদৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

৪) অসম গণ পৰিষদ গঠন কৰাৰ আগত তেখেত কি দলৰ নেতা আছিল ?

উত্তৰঃ অসম গণ পৰিষদ গঠন কৰাৰ আগত তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ নেতা আছিল।

৫) প্ৰফুল্ল কুমাৰ মহন্ত কিমান চনৰ পৰা কিমান চনলৈ মূখ্যমন্ত্ৰীৰ কাৰ্যভাৰ চম্ভালিছিল ?

উত্তৰঃ প্ৰফুল্ল কুমাৰ মহন্ত ১৯৮৫ চনৰ ২৪ ডিচেম্বৰৰ পৰা ১৯৯০ চনৰ ২৭ নৱেম্বৰলৈ মূখ্যমন্ত্ৰীৰ কাৰ্যভাৰ চম্ভালিছিল।

৬) প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী কোন আছিল ?

উত্তৰঃ প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী আছিল জয়শ্ৰী গোস্বামী মহন্ত।

৭) প্ৰফুল্ল কুমাৰ মহন্তক অসম গণ পৰিষদৰ পৰা কিয় বহিষ্কাৰ কৰা হৈছিল ?

উত্তৰঃ আলফা সকলৰ পৰিয়ালক গুপ্তহত্যাৰ বাবে শইকীয়া কমিছনে তেখেতৰ ওপৰত অভিযোগ দিয়াৰ বাবে তেওঁক অসম গণ পৰিষদ দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

৮) প্ৰফুল্ল কুমাৰ মহন্তৰ সন্তান কেইটা ?

উত্তৰঃ প্ৰফুল্ল কুমাৰ মহন্তৰ সন্তান দুটা।

৯) প্ৰফুল্ল কুমাৰ মহন্ত কেইবাৰৰ বাবে অসমৰ মূখ্যমন্ত্ৰী হিচাবে নিয়োজিত হৈছিল ?

উত্তৰঃ প্ৰফুল্ল কুমাৰ মহন্ত দ্বিতীয়বাৰৰ বাবে অসমৰ মূখ্যমন্ত্ৰী হিচাবে নিয়োজিত হৈছিল।

১০) প্ৰফুল্ল কুমাৰ মহন্ত কোন জিলাত জন্ম হৈছিল ?

উত্তৰঃ প্ৰফুল্ল কুমাৰ মহন্ত নগাঁও জিলাত জন্ম হৈছিল।

১১) প্ৰফুল্ল কুমাৰ মহন্ত কিমান চনত দ্বিতীয় বাৰৰ বাবে অসমৰ মূখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ?

উত্তৰঃ ১৯৯৬ চনত তেওঁ দ্বিতীয় বাৰৰ বাবে অসমৰ মূখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।