ৰাজনৈতিক তত্ত্বৰ পৰিচয় | Lesson 1 | AHSEC HS 1st Year Political Science Solution | Class 11 Political Science Lesson 1 Question and Answer Assamese Medium | একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ ৰাজনৈতিক তত্ত্বৰ পৰিচয় পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

ৰাজনৈতিক তত্ত্বৰ পৰিচয় 

১।ৰাজনৈতিক তত্ত্ব মানে কি?ৰাজনৈতিক তত্ত্বৰ উৎপত্তি আৰু বিষয়-বস্তুৰ বিষয়ে আলোচনা কৰা।

উত্তৰ:-ৰাজনৈতিক তত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে “পলিটিকেল থিয়ৰী” ।”পলিটিকেল” শব্দটো গ্ৰীক শব্দ “প’লিচ”ৰ পৰা আহিছে আৰু “থিয়ৰী” শব্দটো গ্ৰীক শব্দ “থিয়ৰা”ৰ পৰা আহিছে।প’লিচ”ৰ অৰ্থ হৈছে নগৰ -ৰাষ্ট্ৰ।অৰ্থাৎ ৰাষ্ট্ৰৰ লগত সম্পৰ্কিত।আনহাতে “থিয়ৰী” শব্দৰ অৰ্থ হৈছে তত্ত্ব যিয়ে প্ৰণালীবদ্ধ জ্ঞানক বুজায়।গতিকে ৰাজনৈতিক তত্ত্বৰ অৰ্থ হৈছে ৰাষ্ট্ৰ সম্বন্ধে কৰা এক প্ৰণালীবদ্ধ অধ্যয়ন।

জে জি প্লানো আৰু ই ৰিগছ্‌ৰ মতে ৰাজনৈতিক তত্ত্ব হৈছে কেতবোৰ চিন্তাৰ সমষ্টি,যিয়ে ৰাজনৈতিক ধাৰণা ,পৰিঘটনা আদিৰ মূল্যায়ন,ব্যাখ্যা আৰু ভৱিষ্যতবাণী কৰিব পাৰে।

           ৰাজনৈতিক তত্ত্বৰ উৎপত্তি সম্বন্ধে বিভিন্নজন ৰাজনীতিবিদে বিভিন্ন ধৰণে মতামত আগবঢ়াইছে।গ্ৰীক দাৰ্শনিক প্লেটো,এৰিষ্টটলে আদিয়ে ইয়াৰ সূত্ৰপাত কৰিছিল।ৰাজনৈতিক শব্দটোৱে ৰাজহুৱা জীৱনৰ সৈতে জড়িত বিষয়ক বুজায়।এই শব্দটো “ব্যক্তিগত” অথবা “মুষ্ঠিমেয়” লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।ৰাজনৈতিক শব্দটোৱে ৰাষ্ট্ৰ,চৰকাৰ আৰু এখন সমাজৰ ৰাজনৈতিক সম্পৰ্ক অথবা ক্ষমতা সম্পৰ্কক বুজায়।সহজ অৰ্থত ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক বাস্তৱিকতা আৰু বিশেষকৈ ৰাষ্ট্ৰৰ পৰিঘটনাৰ তত্ত্বগত ব্যাখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

           ৰাজনৈতিক তত্ত্বই মানৱ জীৱনৰ বহুতো বিষয়েই ইয়াৰ বিষয়বস্তুৰ অন্তৰ্গত কৰিছে।

১।এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ সৈতে জড়িত হৈ থাকে ক্ষমতা,কৰ্তৃত্ব,স্বাধীনতা,ন্যায়,স্বতন্ত্ৰতা,সমতা আদি ধাৰণাবোৰ।এনে ব্যৱস্থা আৰু সংশ্লিষ্ট নীতিসমূহ পৰিবৱশ অনুসৰি বেলেগ বেলেগ ৰাষ্ট্ৰত গ্ৰহণ কৰা হয় আৰু সেই ৰাষ্ট্ৰসমূহৰ সংবিধানত অন্তৰ্ভূক্ত কৰা হয়।ফলস্বৰূপে এই আটাইবোৰ ধাৰণা,নীতি,মূল্যবোধ আদিয়ে ৰাজনৈতিক তত্ত্বৰ বিষয়বস্তু হিচাপে স্বীকৃতি লাভ কৰে।

২।বিভিন্ন শাসন ব্যৱস্থা যেনে-ৰাজতন্ত্ৰ,গণতন্ত্ৰ,মাক্সবাদী আদি আৰু এইবোৰৰ ভিত্তি নীতিসমূহৰ আলোচনা ৰাজনৈতিক তত্ত্বই সামৰি লয়।

৩।ৰাষ্ট্ৰৰ উদ্ভৱ,বিকাশ আৰু আধিপত্য বৃদ্ধিৰ লগে লগে সাৰ্বভৌমত্ব,সংবিধান,নাগৰিকত্ব,ৰাজনৈতিক দল,প্ৰভাৱগোষ্ঠী আদি বিভিন্ন বিষয়ৰ আলোচনা ৰাজনৈতিক তত্ত্বৰ অধ্যয়নত  সন্নিবিষ্ট হৈছে।

৪।ৰাজনৈতিক তত্ত্বই প্ৰণালীবদ্ধভাৱে সংবিধান ,চৰকাৰ আৰু সমাজ জীৱনক আকাৰ দিয়া ধাৰণা আৰু নীতিসমূহৰ আলোচনা কৰে।

৫।ৰাজনৈতিক তত্ত্বৰ জৰিয়তে বিভিন্ন ধাৰণা যেনে- স্বাধীনতা ,সমতা,ন্যায়,গণতন্ত্ৰ,ধম্ননিৰপেক্ষবাদ আদিৰ অৰ্থ স্পষ্ট হৈ পৰে।একেদৰে আইনৰ শাসন ,ক্ষমতাৰ পৃথকীকৰণ,ন্যায়িক সমীক্ষা আদি নীতিৰ তাৎপৰ্যতা প্ৰমাণ কৰাৰ দায়িত্বও ৰাজনৈতিক তত্ত্বৰ।

২।ৰাজনীতিৰ অৰ্থ ব্যাখ্যা কৰা।লেতেৰা ৰাজনীতি নাইকিয়া কৰাৰ বাবে ব্যক্তি ৰাজনীতিৰ পৰা আঁতৰি থকা উচিত নে?

উত্তৰ:-আমি প্ৰতিটো দিনত ব্যৱহাৰ শব্দটোৱেই হৈছে ৰাজনীতি।বিভিন্নজন ৰাজনীতিবিদে ৰাজনীতিৰ অৰ্থ বিভিন্নধৰণে প্ৰকাশ কৰিছে।প্লেটো আৰু এৰিষ্টটলৰ দৃষ্টিভংগীৰে প্ৰকাশ কৰিব লাগিলে ৰাজনীতিক আমি এটা ‘ভাল ‘ আৰু ‘ন্যায়সংগত’জীৱন লাভৰ মাধ্যম বুলি ক’ব লাগিব।পৰম্পৰাগত দাৰ্শনিক সকলৰ মতে ৰাজনীতি ৰাষ্ট্ৰ আৰু চৰকাৰ অথবা এই দুয়োটাৰে অধ্যয়ন।ৰাজনীতিৰ অধ্যয়নে বিভিন্ন আনুষ্ঠানিক ৰাজনৈতিক অনুষ্ঠান যেনে-সংসদ,কাৰ্যপালিকা,ন্যায়পালিকা,আমোলাতন্ত্ৰ আদিক সামৰি লয়।ৰাজনীতিয়ে ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্কৰ লগতে ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্কৰ বিষয়েও আলোচনা কৰে।আনহাতে আধুনিক ৰাজনীতিবিদসকলে ৰাজনীতিক এক কাৰ্যকলাপ হিচাপে ব্যাখ্যা কৰিছে।তেওঁলোকে ৰাজনীতিক ক্ষমতাৰ অধ্যয়ন হিচাপে আলোচনা কৰে।

        লেতেৰা ৰাজনীতি নাইকিয়া কৰাৰ বাবে ব্যক্তি ৰাজনীতিৰ পৰা আঁতৰি থকা উচিত নহয়।লেতেৰা ৰাজনীতিক প্ৰশ্ৰয় দিয়াতকৈ সকলো ব্যক্তিয়ে ৰাজনীতি ত্যাগ কৰা উচিত হয়।কিন্তু সকলোৱে ৰাজনীতি ত্যাগ কৰাৰ পৰিৱৰ্তে ৰাজনীতিৰ ভাল আদৰ্শবোৰ লৈ আগুৱাই যোৱাটো শ্ৰেয়।

৩।বিদ্যাৰ্থীসকলৰ বাবে ৰাজনীতি বৰ্জনীয় হয়নে?ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত অংশগ্ৰহণৰ সপক্ষে আৰু বিপক্ষে যুক্তি প্ৰদৰ্শন কৰা।

উত্তৰ:-বিদ্যাৰ্থীসকলৰ বাবে ৰাজনীতি বৰ্জনীয় স্পূৰ্ণৰূপে নহয়।কাৰণ বিদ্যাৰ্থীসকলে ৰাজনীতিৰ প্ৰথম শিক্ষা ছাত্ৰ জীৱনতেই আৰম্ভণি হয়।   ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত অংশগ্ৰহণৰ সপক্ষে যুক্তিসমূহ হ’ল-

১।ৰাজনীতিয়ে যিহেতু চৰকাৰ আৰু ৰাষ্ট্ৰৰ বিষয়ে সামৰি লয়,ছাত্ৰ-ছাত্ৰীসকলে ৰাজনীতিত যোগদানৰ জৰিয়তে চৰকাৰ আৰু ৰাষ্ট্ৰৰ বিষয়ে জ্ঞান অৰ্জন কৰিব পাৰে।

২।ছাত্ৰ-ছাত্ৰীসকলে ৰাজনীতিত যোগদানৰ জৰিয়তে ভৱিষ্যতে সমাজ কল্যাণমূলক কাৰ্যৰ আভাস পায়।

৩।ছাত্ৰ-ছাত্ৰীসকলে ৰাজনীতিত যোগদানৰ জৰিয়তে ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকৰ কৰ্তব্য আৰু দাঢ়িত্ব সম্পৰ্কে সজাগ হয়।        

ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত অংশগ্ৰহণৰ বিপক্ষে যুক্তিসমূহ হ’ল-     

১।ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত যোগদানৰ জৰিয়তে তেওঁলোকৰ পঢ়া-শুনাত ব্যাঘাত জন্মিব পাৰে।

২।ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত যোগদানৰ জৰিয়তে কেতিয়াবা কিছুমান অৰাজনৈতিক কাৰ্যত যোগদান কৰাৰ সম্ভাৱনা থাকে।

৩।ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত যোগদানে আৰু তেওঁলোকৰ অপৰিপক্ক ৰাজনীতিৰ জ্ঞানে ভৱিষ্যত জীৱন অন্ধকাৰময় হোৱাৰ সম্ভাৱনা থাকে।

৪।ৰাজনৈতিক তত্ত্ব কি?ৰাজনৈতিক তত্ত্বৰ বিষয়বস্তু আলোচনা কৰা।

উত্তৰ:-ৰাজনৈতিক তত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে “পলিটিকেল থিয়ৰী” ।”পলিটিকেল” শব্দটো গ্ৰীক শব্দ “প’লিচ”ৰ পৰা আহিছে আৰু “থিয়ৰী” শব্দটো গ্ৰীক শব্দ “থিয়ৰা”ৰ পৰা আহিছে।প’লিচ”ৰ অৰ্থ হৈছে নগৰ -ৰাষ্ট্ৰ।অৰ্থাৎ ৰাষ্ট্ৰৰ লগত সম্পৰ্কিত।আনহাতে “থিয়ৰী” শব্দৰ অৰ্থ হৈছে তত্ত্ব যিয়ে প্ৰণালীবদ্ধ জ্ঞানক বুজায়।গতিকে ৰাজনৈতিক তত্ত্বৰ অৰ্থ হৈছে ৰাষ্ট্ৰ সম্বন্ধে কৰা এক প্ৰণালীবদ্ধ অধ্যয়ন।

জে জি প্লানো আৰু ই ৰিগছ্‌ৰ মতে ৰাজনৈতিক তত্ত্ব হৈছে কেতবোৰ চিন্তাৰ সমষ্টি,যিয়ে ৰাজনৈতিক ধাৰণা ,পৰিঘটনা আদিৰ মূল্যায়ন,ব্যাখ্যা আৰু ভৱিষ্যতবাণী কৰিব পাৰে।ৰাজনৈতিক তত্ত্বই মানৱ জীৱনৰ বহুতো বিষয়েই ইয়াৰ বিষয়বস্তুৰ অন্তৰ্গত কৰিছে–

১।এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ সৈতে জড়িত হৈ থাকে ক্ষমতা,কৰ্তৃত্ব,স্বাধীনতা,ন্যায়,স্বতন্ত্ৰতা,সমতা আদি ধাৰণাবোৰ।এনে ব্যৱস্থা আৰু সংশ্লিষ্ট নীতিসমূহ পৰিবৱশ অনুসৰি বেলেগ বেলেগ ৰাষ্ট্ৰত গ্ৰহণ কৰা হয় আৰু সেই ৰাষ্ট্ৰসমূহৰ সংবিধানত অন্তৰ্ভূক্ত কৰা হয়।ফলস্বৰূপে এই আটাইবোৰ ধাৰণা,নীতি,মূল্যবোধ আদিয়ে ৰাজনৈতিক তত্ত্বৰ বিষয়বস্তু হিচাপে স্বীকৃতি লাভ কৰে।

২।বিভিন্ন শাসন ব্যৱস্থা যেনে-ৰাজতন্ত্ৰ,গণতন্ত্ৰ,মাক্সবাদী আদি আৰু এইবোৰৰ ভিত্তি নীতিসমূহৰ আলোচনা ৰাজনৈতিক তত্ত্বই সামৰি লয়।

৩।ৰাষ্ট্ৰৰ উদ্ভৱ,বিকাশ আৰু আধিপত্য বৃদ্ধিৰ লগে লগে সাৰ্বভৌমত্ব,সংবিধান,নাগৰিকত্ব,ৰাজনৈতিক দল,প্ৰভাৱগোষ্ঠী আদি বিভিন্ন বিষয়ৰ আলোচনা ৰাজনৈতিক তত্ত্বৰ অধ্যয়নত  সন্নিবিষ্ট হৈছে।

৪।ৰাজনৈতিক তত্ত্বই প্ৰণালীবদ্ধভাৱে সংবিধান ,চৰকাৰ আৰু সমাজ জীৱনক আকাৰ দিয়া ধাৰণা আৰু নীতিসমূহৰ আলোচনা কৰে।

৫।ৰাজনৈতিক তত্ত্বৰ জৰিয়তে বিভিন্ন ধাৰণা যেনে- স্বাধীনতা ,সমতা,ন্যায়,গণতন্ত্ৰ,ধম্ননিৰপেক্ষবাদ আদিৰ অৰ্থ স্পষ্ট হৈ পৰে।একেদৰে আইনৰ শাসন ,ক্ষমতাৰ পৃথকীকৰণ,ন্যায়িক সমীক্ষা আদি নীতিৰ তাৎপৰ্যতা প্ৰমাণ কৰাৰ দায়িত্বও ৰাজনৈতিক তত্ত্বৰ।

৫।ৰাজনৈতিক তত্ত্বৰ অৰ্থ আৰু বাস্তুৱায়িতকৰণৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ আলমত এখন ৰচনা লিখা।

উত্তৰ:-ৰাজনৈতিক তত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে “পলিটিকেল থিয়ৰী” ।”পলিটিকেল” শব্দটো গ্ৰীক শব্দ “প’লিচ”ৰ পৰা আহিছে আৰু “থিয়ৰী” শব্দটো গ্ৰীক শব্দ “থিয়ৰা”ৰ পৰা আহিছে।প’লিচ”ৰ অৰ্থ হৈছে নগৰ -ৰাষ্ট্ৰ।অৰ্থাৎ ৰাষ্ট্ৰৰ লগত সম্পৰ্কিত।আনহাতে “থিয়ৰী” শব্দৰ অৰ্থ হৈছে তত্ত্ব যিয়ে প্ৰণালীবদ্ধ জ্ঞানক বুজায়।গতিকে ৰাজনৈতিক তত্ত্বৰ অৰ্থ হৈছে ৰাষ্ট্ৰ সম্বন্ধে কৰা এক প্ৰণালীবদ্ধ অধ্যয়ন।

জে জি প্লানো আৰু ই ৰিগছ্‌ৰ মতে ৰাজনৈতিক তত্ত্ব হৈছে কেতবোৰ চিন্তাৰ সমষ্টি,যিয়ে ৰাজনৈতিক ধাৰণা ,পৰিঘটনা আদিৰ মূল্যায়ন,ব্যাখ্যা আৰু ভৱিষ্যতবাণী কৰিব পাৰে।ৰাজনৈতিক তত্ত্বৰ সম্পৰ্ক মানুহৰ লগত,সমাজৰ লগত।ৰাজনৈতিক তত্ত্বৰ সফল বাস্তৱায়িতকৰণে এখন সমাজ,এখন ৰাষ্ট্ৰলৈ উন্নতি কঢ়িয়াই আনিব পাৰে।সেয়ে ৰাজনৈতিক তত্ত্বসমূহৰ বাস্তৱায়িতকৰণৰ জৰিয়তে সমাজ আৰু ৰাষ্ট্ৰৰ সমূহ জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰাৰ গুৰু দায়িত্ব চৰকাৰৰ।সংবিধানত উল্লেখ থকা বিভিন্ন নীতি আৰু আদৰ্শৰ সফল ৰূপায়ণৰ জৰিয়তে চৰকাৰে নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পাৰে।অৱশ্যে সকলো শ্ৰেণীৰ চৰকাৰৰ দৃষ্টিভংগী একেধৰণৰ নহয়।উদাহৰণস্বৰূপে একনায়কত্ববাদী,গণতান্ত্ৰিক,কল্যাণকামী আদি বিভিন্ন শ্ৰেণীৰ চৰকাৰেএকেটা তত্ত্বকে নিজৰ ৰাজনৈতিক মতবাদ আৰু স্বাৰ্থৰ হকে প্ৰয়োগ কৰে। সাধাৰণতে গণতান্ত্ৰিক চৰকাৰ এখন জনসাধাৰণৰ কল্যাণৰ অৰ্থে প্ৰতি মুহূৰ্ততে সচেষ্ট হৈ থাকিব লাগে।চৰকাৰৰ সক্ৰিয় ভূমিকাই এখন ৰাষ্ট্ৰৰ বহু সমস্যা সমাধান কৰিব পাৰে।গণতান্ত্ৰিক চৰকাৰৰ অধীনত ৰাজনৈতিক তত্ত্বৰ ইতিবাচক ব্যাখ্যা আৰু জনকল্যাণমুখী প্ৰয়োগ অতি গুৰুত্বপূৰ্ণ,চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ কৰ্তব্য।ব্যক্তি,অনুষ্ঠান,বেচৰকাৰী সংস্থা আদিয়েও ৰাজনৈতিক তত্ত্বৰ বাস্তৱায়িতকৰণত গৌণ ভূমিকা পালন কৰিব পাৰে।

৬।ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আলোচনা কৰা।

উত্তৰ:- ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ প্ৰয়োজনীয়তা সমূহ হ’ল- 

১।ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক পৰিঘটনাৰ বৰ্ণনা দিয়ে,ইয়াৰ অবৈজ্ঞানিক আৰু বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়ায় ,ৰাজনৈতিক লক্ষ্য আৰু ৰাজনৈতিক কাৰ্যৰ বাছনিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু নৈতিক ৰায়দান কৰে।

২।ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ জৰিয়তে আমি সামাজিক ব্যৱস্থাৰ প্ৰকৃতি আৰু বিভিন্ন সমস্যা যেনে -দৰিদ্ৰতা,হিংসা,দুৰ্নীতি আদি বুজি উঠো।

৩।ৰাজনৈতিক তত্ত্বৰ সম্যক জ্ঞানে নাগৰিকসকলক সাময়িক উত্তেজনা,অহংকাৰ,অসহিষ্ণুতা আদিৰ কৱলৰ পৰা ৰক্ষা কৰিব পাৰে।

৪।ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ৰাজনৈতিক তত্ত্বৰ জ্ঞান অপৰিহাৰ্য।

৫।বৰ্তমান যুগত মানৱ অধিকাৰৰ অনস্বীকাৰ্য।মানৱ অধিকাৰৰ সম্যক জ্ঞান অৰ্জনৰ বাবে ৰাজনৈতিক তত্ত্বৰ অতীৱ প্ৰয়োজন।

*চমু উত্তৰৰ প্ৰশ্ন:-

১।”ৰাজনীতি” শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল?

উত্তৰ:-ৰাজনীতি” শব্দটো এৰিষ্টটলে প্ৰথমে ব্যৱহাৰ কৰিছিল

২।অতি কম আশীটা আৰু অতি বেছি এশ শব্দ ব্যৱহাৰ কৰি ৰাজনীতি মানে কি বুজা যায় লিখা।

উত্তৰ:-আমি প্ৰতিটো দিনত ব্যৱহাৰ শব্দটোৱেই হৈছে ৰাজনীতি।বিভিন্নজন ৰাজনীতিবিদে ৰাজনীতিৰ অৰ্থ বিভিন্নধৰণে প্ৰকাশ কৰিছে।প্লেটো আৰু এৰিষ্টটলৰ দৃষ্টিভংগীৰে প্ৰকাশ কৰিব লাগিলে ৰাজনীতিক আমি এটা ‘ভাল ‘ আৰু ‘ন্যায়সংগত’জীৱন লাভৰ মাধ্যম বুলি ক’ব লাগিব।পৰম্পৰাগত দাৰ্শনিক সকলৰ মতে ৰাজনীতি ৰাষ্ট্ৰ আৰু চৰকাৰ অথবা এই দুয়োটাৰে অধ্যয়ন।ৰাজনীতিৰ অধ্যয়নে বিভিন্ন আনুষ্ঠানিক ৰাজনৈতিক অনুষ্ঠান যেনে-সংসদ,কাৰ্যপালিকা,ন্যায়পালিকা,আমোলাতন্ত্ৰ আদিক সামৰি লয়।ৰাজনীতিয়ে ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্কৰ লগতে ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্কৰ বিষয়েও আলোচনা কৰে।আনহাতে আধুনিক ৰাজনীতিবিদসকলে ৰাজনীতিক এক কাৰ্যকলাপ হিচাপে ব্যাখ্যা কৰিছে।তেওঁলোকে ৰাজনীতিক ক্ষমতাৰ অধ্যয়ন হিচাপে আলোচনা কৰে।

৩।লেতেৰা ৰাজনীতিৰ অৰ্থ লিখা।

উত্তৰ:-সাধিৰণ অৰ্থত লেতেৰা ৰাজনীতিয়ে ৰাজনৈতিক ক্ষেত্ৰত দুৰ্নীতিৰ আশ্ৰয় লোৱাকে বুজায়।কিন্তু মাক্সবাদীসকলে ৰাজনীতিক এটা “শ্ৰেণীগত” ধাৰণা বুলি গণ্য কৰি “লেতৰা” আখ্যা দিছে।কাৰণ তেওঁলোকৰ মতে ৰাজনীতি কেৱল সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত হোৱা সংঘৰ্ষ।যিয়ে সমাজত দুৰ্নীতিৰ সৃষ্টি কৰে।নিজৰ স্বাৰ্থ লাভৰ বাবে কিছু চৰম পন্থা হাতত লোৱাই হৈছে লেতেৰা ৰাজনীতি।

৪।ব্যক্তিয়ে লেতেৰা ৰাজনীতিৰ কৰা ৰাজনীতি কৰা উচিতনে?লেতেৰা ৰাজনীতিক প্ৰশ্ৰয় দিয়াতকৈ সকলো ব্যক্তিয়ে ৰাজনীতি ত্যাগ কৰা উচিত হয়নে?

উত্তৰ:-ব্যক্তিয়ে লেতেৰা ৰাজনীতিৰ কৰা ৰাজনীতি কৰা উচিত নহয়।লেতেৰা ৰাজনীতিক প্ৰশ্ৰয় দিয়াতকৈ সকলো ব্যক্তিয়ে ৰাজনীতি ত্যাগ কৰা উচিত হয়।কিন্তু সকলোৱে ৰাজনীতি ত্যাগ কৰাৰ পৰিৱৰ্তে ৰাজনীতিৰ ভাল আদৰ্শবোৰ লৈ আগুৱাই যোৱাটো শ্ৰেয়।

৫।ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত যোগদানৰ ঔচিত্য আৰু অনৌচিত্যৰ বিষয়ে তিনিটাকৈ যুক্তি আগবঢ়োৱা।

উত্তৰ:-ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত যোগদানৰ ঔচিত্য তিনিটাকৈ যুক্তি হ’ল-

১।ৰাজনীতিয়ে যিহেতু চৰকাৰ আৰু ৰাষ্ট্ৰৰ বিষয়ে সামৰি লয়,ছাত্ৰ-ছাত্ৰীসকলে ৰাজনীতিত যোগদানৰ জৰিয়তে চৰকাৰ আৰু ৰাষ্ট্ৰৰ বিষয়ে জ্ঞান অৰ্জন কৰিব পাৰে।

২।ছাত্ৰ-ছাত্ৰীসকলে ৰাজনীতিত যোগদানৰ জৰিয়তে ভৱিষ্যতে সমাজ কল্যাণমূলক কাৰ্যৰ আভাস পায়।

৩।ছাত্ৰ-ছাত্ৰীসকলে ৰাজনীতিত যোগদানৰ জৰিয়তে ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকৰ কৰ্তব্য আৰু দাঢ়িত্ব সম্পৰ্কে সজাগ হয়।           ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত যোগদানৰ  অনৌচিত্যৰ বিষয়ে তিনিটাকৈ যুক্তি হ’ল-

১।ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত যোগদানৰ জৰিয়তে তেওঁলোকৰ পঢ়া-শুনাত ব্যাঘাত জন্মিব পাৰে।

২।ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত যোগদানৰ জৰিয়তে কেতিয়াবা কিছুমান অৰাজনৈতিক কাৰ্যত যোগদান কৰাৰ সম্ভাৱনা থাকে।

৩।ছাত্ৰ-ছাত্ৰীসকলৰ ৰাজনীতিত যোগদানে আৰু তেওঁলোকৰ অপৰিপক্ক ৰাজনীতিৰ জ্ঞানে ভৱিষ্যত জীৱন অন্ধকাৰময় হোৱাৰ সম্ভাৱনা থাকে।

৬।ৰাজনৈতিক তত্ত্বৰ বিষয়বস্তুৰ বিষয়ে তোমাৰ মতামতৰ আভাস দিয়া।

উত্তৰ:-ৰাজনৈতিক তত্ত্বই মানৱ জীৱনৰ বহুতো বিষয়েই ইয়াৰ বিষয়বস্তুৰ অন্তৰ্গত কৰিছে–

১।এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ সৈতে জড়িত হৈ থাকে ক্ষমতা,কৰ্তৃত্ব,স্বাধীনতা,ন্যায়,স্বতন্ত্ৰতা,সমতা আদি ধাৰণাবোৰ।এনে ব্যৱস্থা আৰু সংশ্লিষ্ট নীতিসমূহ পৰিবৱশ অনুসৰি বেলেগ বেলেগ ৰাষ্ট্ৰত গ্ৰহণ কৰা হয় আৰু সেই ৰাষ্ট্ৰসমূহৰ সংবিধানত অন্তৰ্ভূক্ত কৰা হয়।ফলস্বৰূপে এই আটাইবোৰ ধাৰণা,নীতি,মূল্যবোধ আদিয়ে ৰাজনৈতিক তত্ত্বৰ বিষয়বস্তু হিচাপে স্বীকৃতি লাভ কৰে।

২।বিভিন্ন শাসন ব্যৱস্থা যেনে-ৰাজতন্ত্ৰ,গণতন্ত্ৰ,মাক্সবাদী আদি আৰু এইবোৰৰ ভিত্তি নীতিসমূহৰ আলোচনা ৰাজনৈতিক তত্ত্বই সামৰি লয়।

৩।ৰাষ্ট্ৰৰ উদ্ভৱ,বিকাশ আৰু আধিপত্য বৃদ্ধিৰ লগে লগে সাৰ্বভৌমত্ব,সংবিধান,নাগৰিকত্ব,ৰাজনৈতিক দল,প্ৰভাৱগোষ্ঠী আদি বিভিন্ন বিষয়ৰ আলোচনা ৰাজনৈতিক তত্ত্বৰ অধ্যয়নত  সন্নিবিষ্ট হৈছে।

৪।ৰাজনৈতিক তত্ত্বই প্ৰণালীবদ্ধভাৱে সংবিধান ,চৰকাৰ আৰু সমাজ জীৱনক আকাৰ দিয়া ধাৰণা আৰু নীতিসমূহৰ আলোচনা কৰে।

৫।ৰাজনৈতিক তত্ত্বৰ জৰিয়তে বিভিন্ন ধাৰণা যেনে- স্বাধীনতা ,সমতা,ন্যায়,গণতন্ত্ৰ,ধম্ননিৰপেক্ষবাদ আদিৰ অৰ্থ স্পষ্ট হৈ পৰে।একেদৰে আইনৰ শাসন ,ক্ষমতাৰ পৃথকীকৰণ,ন্যায়িক সমীক্ষা আদি নীতিৰ তাৎপৰ্যতা প্ৰমাণ কৰাৰ দায়িত্বও ৰাজনৈতিক তত্ত্বৰ।

৭।ৰাজনৈতিক তত্ত্বৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ ধাৰা বৰ্ণনা কৰা।

উত্তৰ:-ৰাজনৈতিক তত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে “পলিটিকেল থিয়ৰী” ।”পলিটিকেল” শব্দটো গ্ৰীক শব্দ “প’লিচ”ৰ পৰা আহিছে আৰু “থিয়ৰী” শব্দটো গ্ৰীক শব্দ “থিয়ৰা”ৰ পৰা আহিছে।প’লিচ”ৰ অৰ্থ হৈছে নগৰ -ৰাষ্ট্ৰ।অৰ্থাৎ ৰাষ্ট্ৰৰ লগত সম্পৰ্কিত।আনহাতে “থিয়ৰী” শব্দৰ অৰ্থ হৈছে তত্ত্ব যিয়ে প্ৰণালীবদ্ধ জ্ঞানক বুজায়।গতিকে ৰাজনৈতিক তত্ত্বৰ অৰ্থ হৈছে ৰাষ্ট্ৰ সম্বন্ধে কৰা এক প্ৰণালীবদ্ধ অধ্যয়ন।

জে জি প্লানো আৰু ই ৰিগছ্‌ৰ মতে ৰাজনৈতিক তত্ত্ব হৈছে কেতবোৰ চিন্তাৰ সমষ্টি,যিয়ে ৰাজনৈতিক ধাৰণা ,পৰিঘটনা আদিৰ মূল্যায়ন,ব্যাখ্যা আৰু ভৱিষ্যতবাণী কৰিব পাৰে।     

      ৰাজনৈতিক তত্ত্বৰ উৎপত্তি সম্বন্ধে বিভিন্নজন ৰাজনীতিবিদে বিভিন্ন ধৰণে মতামত আগবঢ়াইছে।গ্ৰীক দাৰ্শনিক প্লেটো,এৰিষ্টটলে আদিয়ে ইয়াৰ সূত্ৰপাত কৰিছিল। গ্ৰীচৰ নগৰ ৰাষ্ট্ৰত পাতনি মেলা ৰাজনীতি বৰ্তমান গোটেই বিশ্বতেই বিদ্যমান।পৰিৱৰ্তনশীল সমাজৰ লগে লগে ৰাজনৈতিক তত্ত্বইয়ো ইয়াৰ পৰিসৰ বৃদ্ধি কৰি বিভিন্ন বিষয় সামৰি লৈছে।পৰৱৰ্তী পৰ্যায়ত ৰবাৰ্ট ডাল,কাৰ্ল মাক্স আদিয়ে ৰাজনীতি তত্ত্বক বহল ভাৱে আলোচনা কৰিলে।এনেকৈ ৰাজনৈতিক তত্ত্বই বৰ্তমানৰ এক বহল অৱস্থাত পৰিণত হৈছে।ৰাজনৈতিক শব্দটোৱে ৰাজহুৱা জীৱনৰ সৈতে জড়িত বিষয়ক বুজায়।এই শব্দটো “ব্যক্তিগত” অথবা “মুষ্ঠিমেয়” লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।ৰাজনৈতিক শব্দটোৱে ৰাষ্ট্ৰ,চৰকাৰ আৰু এখন সমাজৰ ৰাজনৈতিক সম্পৰ্ক অথবা ক্ষমতা সম্পৰ্কক বুজায়।সহজ অৰ্থত ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক বাস্তৱিকতা আৰু বিশেষকৈ ৰাষ্ট্ৰৰ পৰিঘটনাৰ তত্ত্বগত ব্যাখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ সৈতে জড়িত হৈ থাকে ক্ষমতা,কৰ্তৃত্ব,স্বাধীনতা,ন্যায়,স্বতন্ত্ৰতা,সমতা আদি ধাৰণাবোৰ।এনে ব্যৱস্থা আৰু সংশ্লিষ্ট নীতিসমূহ পৰিবৱশ অনুসৰি বেলেগ বেলেগ ৰাষ্ট্ৰত গ্ৰহণ কৰা হয় আৰু সেই ৰাষ্ট্ৰসমূহৰ সংবিধানত অন্তৰ্ভূক্ত কৰা হয়।ফলস্বৰূপে এই আটাইবোৰ ধাৰণা,নীতি,মূল্যবোধ আদিয়ে ৰাজনৈতিক তত্ত্বৰ বিষয়বস্তু হিচাপে স্বীকৃতি লাভ কৰে।বিভিন্ন শাসন ব্যৱস্থা যেনে-ৰাজতন্ত্ৰ,গণতন্ত্ৰ,মাক্সবাদী আদি আৰু এইবোৰৰ ভিত্তি নীতিসমূহৰ আলোচনা ৰাজনৈতিক তত্ত্বই সামৰি লয়।ৰাষ্ট্ৰৰ উদ্ভৱ,বিকাশ আৰু আধিপত্য বৃদ্ধিৰ লগে লগে সাৰ্বভৌমত্ব,সংবিধান,নাগৰিকত্ব,ৰাজনৈতিক দল,প্ৰভাৱগোষ্ঠী আদি বিভিন্ন বিষয়ৰ আলোচনা ৰাজনৈতিক তত্ত্বৰ অধ্যয়নত  সন্নিবিষ্ট হৈছে।ৰাজনৈতিক তত্ত্বই প্ৰণালীবদ্ধভাৱে সংবিধান ,চৰকাৰ আৰু সমাজ জীৱনক আকাৰ দিয়া ধাৰণা আৰু নীতিসমূহৰ আলোচনা কৰে।এনেকৈ ৰাজনৈতিক তত্ত্বই এক নতুন ৰূপত স্থান পাইছে।

৮।ৰাজনৈতিক তত্ত্বৰ উপকাৰিতা আৰু অপকাৰিতা আৰু সীমাবদ্ধতাৰ চমু আভাস দিয়া।

উত্তৰ:-ৰাজনৈতিক তত্ত্বৰ উপকাৰিতা সমূহ হ’ল-

১।ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক পৰিঘটনাৰ বৰ্ণনা দিয়ে,ইয়াৰ অবৈজ্ঞানিক আৰু বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়ায় ,ৰাজনৈতিক লক্ষ্য আৰু ৰাজনৈতিক কাৰ্যৰ বাছনিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু নৈতিক ৰায়দান কৰে।

২।ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ জৰিয়তে আমি সামাজিক ব্যৱস্থাৰ প্ৰকৃতি আৰু বিভিন্ন সমস্যা যেনে -দৰিদ্ৰতা,হিংসা,দুৰ্নীতি আদি বুজি উঠো।

৩।ৰাজনৈতিক তত্ত্বৰ সম্যক জ্ঞানে নাগৰিকসকলক সাময়িক উত্তেজনা,অহংকাৰ,অসহিষ্ণুতা আদিৰ কৱলৰ পৰা ৰক্ষা কৰিব পাৰে।

৪।ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ৰাজনৈতিক তত্ত্বৰ জ্ঞান অপৰিহাৰ্য।

৫।বৰ্তমান যুগত মানৱ অধিকাৰৰ অনস্বীকাৰ্য।মানৱ অধিকাৰৰ সম্যক জ্ঞান অৰ্জনৰ বাবে ৰাজনৈতিক তত্ত্বৰ অতীৱ প্ৰয়োজন।

ৰাজনৈতিক তত্ত্বৰ অপকাৰিতা আৰু সীমাবদ্ধতা সমূহ হ’ল ১।ৰাজনৈতিক তত্ত্বৰ অপপ্ৰয়োগ আৰু অপব্যাখ্যাই সমাজ,ৰাষ্ট্ৰ আৰু আনকি সমগ্ৰ বিশ্বৰ যথেষ্ট ক্ষতিসাধন কৰাৰ আশংকা থাকে।

২।ৰাজনৈতিক তত্ত্বত উল্লেখ থকা কেতিয়াবা কেতিয়াবা গণতান্ত্ৰিক ৰাষ্ট্ৰতো স্বাধীনতা,সমতা,ন্যায় আদিৰ উপযুক্ত প্ৰয়োগ নহ’বও পাৰে।উদাহৰণস্বৰূপে স্বাধীনতাৰ ছয়টা দশকৰ পিছতো ভাৰতবৰ্ষত স্বাধীনতা আৰু সমতাৰ বিষয়ত প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হয়।

৩।ঠিক তেনেদৰে মুক্ত আৰু নিকা নিৰ্বাচনক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ শক্তিশালী ভেটি আখ্যা দিয়া হয় ।কিন্তু ভাৰতবৰ্ষত ধনবহুল,বাহুবলৰ ব্যাপক প্ৰয়োগে নিৰ্বাচন ব্যৱস্থাটোত যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰিছে আৰু ই ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোত বিৰূপ প্ৰভাৱ পেলাইছে।

৪।ইয়াৰোপৰি তাত্ত্বিকভাৱে গুৰুত্বপূৰ্ণ প্ৰায় প্ৰতিটো তত্ত্বৰ যথেষ্ট সীমাবদ্ধতা পৰিলক্ষিত হয়।উদাহৰণস্বৰূপে সাৰ্বভৌমত্ব,সমতা,স্বাধীনতা,ক্ষমতাৰ পৃথকীকৰণ আদি তত্ত্ববোৰৰ সীমাবদ্ধতা যথেষ্ট পৰিমানে আছে।

৯।ৰাজনৈতিক তত্ত্বৰ বাস্তৱায়িতকৰণৰ এটি চমুটোকা লিখা(ব্যৱহৃত শব্দৰ সংখ্যা ৮০তকৈ কম আৰু ১০০তকৈ অধিক হ’ব নোৱাৰিব)

উত্তৰ:- ৰাজনৈতিক তত্ত্বৰ সম্পৰ্ক মানুহৰ লগত,সমাজৰ লগত।ৰাজনৈতিক তত্ত্বৰ সফল বাস্তৱায়িতকৰণে এখন সমাজ,এখন ৰাষ্ট্ৰলৈ উন্নতি কঢ়িয়াই আনিব পাৰে।সেয়ে ৰাজনৈতিক তত্ত্বসমূহৰ বাস্তৱায়িতকৰণৰ জৰিয়তে সমাজ আৰু ৰাষ্ট্ৰৰ সমূহ জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰাৰ গুৰু দায়িত্ব চৰকাৰৰ।সংবিধানত উল্লেখ থকা বিভিন্ন নীতি আৰু আদৰ্শৰ সফল ৰূপায়ণৰ জৰিয়তে চৰকাৰে নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পাৰে।অৱশ্যে সকলো শ্ৰেণীৰ চৰকাৰৰ দৃষ্টিভংগী একেধৰণৰ নহয়।উদাহৰণস্বৰূপে একনায়কত্ববাদী,গণতান্ত্ৰিক,কল্যাণকামী আদি বিভিন্ন শ্ৰেণীৰ চৰকাৰেএকেটা তত্ত্বকে নিজৰ ৰাজনৈতিক মতবাদ আৰু স্বাৰ্থৰ হকে প্ৰয়োগ কৰে। সাধাৰণতে গণতান্ত্ৰিক চৰকাৰ এখন জনসাধাৰণৰ কল্যাণৰ অৰ্থে প্ৰতি মুহূৰ্ততে সচেষ্ট হৈ থাকিব লাগে।চৰকাৰৰ সক্ৰিয় ভূমিকাই এখন ৰাষ্ট্ৰৰ বহু সমস্যা সমাধান কৰিব পাৰে।গণতান্ত্ৰিক চৰকাৰৰ অধীনত ৰাজনৈতিক তত্ত্বৰ ইতিবাচক ব্যাখ্যা আৰু জনকল্যাণমুখী প্ৰয়োগ অতি গুৰুত্বপূৰ্ণ,চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ কৰ্তব্য।ব্যক্তি,অনুষ্ঠান,বেচৰকাৰী সংস্থা আদিয়েও ৰাজনৈতিক তত্ত্বৰ বাস্তৱায়িতকৰণত গৌণ ভূমিকা পালন কৰিব পাৰে।

১০।ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ সপক্ষে যিকোনো পাঁচটা যুক্তি প্ৰদৰ্শন কৰা।

উত্তৰ:-ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ সপক্ষে যিকোনো পাঁচটা যুক্তি হ’ল –

১।ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক পৰিঘটনাৰ বৰ্ণনা দিয়ে,ইয়াৰ অবৈজ্ঞানিক আৰু বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়ায় ,ৰাজনৈতিক লক্ষ্য আৰু ৰাজনৈতিক কাৰ্যৰ বাছনিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু নৈতিক ৰায়দান কৰে।

২।ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ জৰিয়তে আমি সামাজিক ব্যৱস্থাৰ প্ৰকৃতি আৰু বিভিন্ন সমস্যা যেনে -দৰিদ্ৰতা,হিংসা,দুৰ্নীতি আদি বুজি উঠো।

৩।ৰাজনৈতিক তত্ত্বৰ সম্যক জ্ঞানে নাগৰিকসকলক সাময়িক উত্তেজনা,অহংকাৰ,অসহিষ্ণুতা আদিৰ কৱলৰ পৰা ৰক্ষা কৰিব পাৰে।

৪।ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ৰাজনৈতিক তত্ত্বৰ জ্ঞান অপৰিহাৰ্য।

৫।বৰ্তমান যুগত মানৱ অধিকাৰৰ অনস্বীকাৰ্য।মানৱ অধিকাৰৰ সম্যক জ্ঞান অৰ্জনৰ বাবে ৰাজনৈতিক তত্ত্বৰ অতীৱ প্ৰয়োজন।

১১।সমাজৰ সকলোৰে বাবে ৰাজনৈতিক তত্ত্বৰ বিষয়ে জনাটো প্ৰয়োজনীয় হয়নে?

উত্তৰ:-সমাজৰ সকলোৰে বাবে ৰাজনৈতিক তত্ত্বৰ বিষয়ে জনাটো প্ৰয়োজনীয় ।কাৰণ ৰাষ্ট্ৰৰ প্ৰণালীবদ্ধ অধ্যয়ন ৰাজনৈতিক তত্ত্বৰ জৰিয়তেহে জানিব পাৰি।ৰাষ্ট্ৰৰ নাগৰিক হিচাপে ৰাষ্ট্ৰৰ বিষয়ে জনাটো সমাজৰ সকলোৰে বাবে প্ৰয়োজন।সমাজৰ সকলোৰে বাবে ৰাজনৈতিক তত্ত্বৰ বিষয়ে জনাটো বিভিন্ন কাৰণত প্ৰয়োজন।সেই কাৰণসমূহ হ’ল –

১।ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক পৰিঘটনাৰ বৰ্ণনা দিয়ে,ইয়াৰ অবৈজ্ঞানিক আৰু বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়ায় ,ৰাজনৈতিক লক্ষ্য আৰু ৰাজনৈতিক কাৰ্যৰ বাছনিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু নৈতিক ৰায়দান কৰে।

২।ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ জৰিয়তে আমি সামাজিক ব্যৱস্থাৰ প্ৰকৃতি আৰু বিভিন্ন সমস্যা যেনে -দৰিদ্ৰতা,হিংসা,দুৰ্নীতি আদি বুজি উঠো।

৩।ৰাজনৈতিক তত্ত্বৰ সম্যক জ্ঞানে নাগৰিকসকলক সাময়িক উত্তেজনা,অহংকাৰ,অসহিষ্ণুতা আদিৰ কৱলৰ পৰা ৰক্ষা কৰিব পাৰে।

৪।ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ৰাজনৈতিক তত্ত্বৰ জ্ঞান অপৰিহাৰ্য।

৫।বৰ্তমান যুগত মানৱ অধিকাৰৰ অনস্বীকাৰ্য।মানৱ অধিকাৰৰ সম্যক জ্ঞান অৰ্জনৰ বাবে ৰাজনৈতিক তত্ত্বৰ অতীৱ প্ৰয়োজন।

*বস্তুনিষ্ঠ প্ৰশ্ন:-

(ক)শুদ্ধ নে অশুদ্ধ কোৱা:-

১।গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰ:-গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম হ’ল “politikas”।

২।বিধান মণ্ডলৰ সদস্য হৈ বিতৰ্কত অংশগ্ৰহণ কৰাক লেতেৰা ৰাজনীতি বোলে।

উত্তৰ:-শুদ্ধ।

৩।বিধান মণ্ডলত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ বাবে সদস্যক ধনেৰে প্ৰলোভিত কৰাটো লেতেৰা ৰাজনীতি।

উত্তৰ:-শুদ্ধ

৪।লেতেৰা ৰাজনীতি নিৰ্মূল কৰাৰ এটা উত্তম উপায় হ’ল সকলোৱে ৰাজনৈতিক জীৱনৰ পৰা অব্যাহতি লোৱা।

উত্তৰ:-অশুদ্ধ

৫।মেকিয়াভেলিৰ মতে,নিৰ্বাচনত অন্যায়ৰ আশ্ৰয় লৈ জয়লাভ কৰাটো লেতেৰা ৰাজনীতি বুলি পৰিগণিত হোৱা উচিতনে?

উত্তৰ:-মেকিয়াভেলিৰ মতে,নিৰ্বাচনত অন্যায়ৰ আশ্ৰয় লৈ জয়লাভ কৰাটো লেতেৰা ৰাজনীতি বুলি পৰিগণিত হোৱা উচিত নহয়।

৬।গান্ধীজীৰ মতে,মানুহে ইচ্ছা কৰিলে ৰাজনীতিত অংশগ্ৰহণ নকৰাকৈ থাকিব পাৰে।

উত্তৰ:-অশুদ্ধ

(খ)নিৰ্দেশ অনুসৰি উত্তৰ দিয়া:

১।গ্ৰীক ভাষাৰ——শব্দৰ পৰা ‘ৰাজনীতি’ৰ ইংৰাজী প্ৰতিশব্দ ‘পলিটিকছ্‌’ৰউদ্ভৱ হৈছে।—খালী ঠাই পূৰণ কৰা।

উত্তৰ:-গ্ৰীক ভাষাৰ প’লিচ শব্দৰ পৰা ‘ৰাজনীতি’ৰ ইংৰাজী প্ৰতিশব্দ ‘পলিটিকছ্‌’ৰউদ্ভৱ হৈছে।

২।সংবিধান,নাগৰিকত্ব,কূটনীতি,মনস্তত্ব,ব্যক্তিত্ব আদি  ৰাজনৈতিক তত্ত্বৰ আলোচ্য অনাৱশ্যকীয় অংশ বাদ দি বাক্যটো শুদ্ধকৈ লিখা।

উত্তৰ:-সংবিধান,নাগৰিকত্ব  মনস্তত্ব,ব্যক্তিত্ব আদি  ৰাজনৈতিক তত্ত্বৰ আলোচ্য।

৩।ৰাজনৈতিক তত্ত্বৰ বাস্তুৱায়িতকৰণ চৰকাৰৰ/আইনজীৱীসকলৰ/শিক্ষকসকলৰ/কৰ্তব্য।

উত্তৰ:-ৰাজনৈতিক তত্ত্বৰ বাস্তুৱায়িতকৰণ চৰকাৰৰ কৰ্তব্য।

৪।ৰাজনৈতিক তত্ত্ব প্ৰয়োগিক ৰাজনীতিৰ তুলনাত নতুন।—বিবৃতিটো শুদ্ধ হ’লে বাক্যটোৰ সোঁমূৰত ‘✓’চিহ্ন আৰু অশুদ্ধ হ’লে ‘×’ চিহ্ন দিয়া।

উত্তৰ:-ৰাজনৈতিক তত্ত্ব প্ৰয়োগিক ৰাজনীতিৰ তুলনাত নতুন।✓