Class 10 Geography Book Chapter 3 Short Answer | SEBA Class 10 Geography Book Chapter 3 পৃথিৱীৰ ভূগোল Short Answer | চমু প্ৰশ্ন উত্তৰ |

পৃথিৱীৰ ভূগোল

অধ্য়ায় ৩

১) পৃথিৱীত সৰ্মুবঠ কিমানখন দেশ আছে ?
উত্তৰঃ
পৃথিৱীত সৰ্মুবঠ ১৯৭খন দেশ আছে ।

২) মহাদেশসমূহৰ ভিতৰত কোনখন মহাদেশ সৰ্ববৃহৎ ?
উত্তৰ ঃ মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশখন সৰ্ববৃহৎ ।

৩) মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ সৰ্ববৃহৎ ?
উত্তৰ ঃ মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ সৰ্ববৃহৎ ।

৪) ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংস্যা কিমান ?
উত্তৰ ঃ ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংস্যা ৭৩০ কোটি বা ৭.৩ মহানিযুত। 

৫) জনমণ্ডল কাক বোলে ?
উত্তৰ ঃ ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ আদিৰ পানীৰে আগুৰি তকা বৃহৎ অংশকে জলমণ্ডল বুলি কোৱা হয় ।

৬) স্থলমণ্ডন কাক বোলে ?
উত্তৰ ঃ সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূ-পৃষ্ঠৰ আন এটা  বৃহৎ  অংশক স্থলমণ্ডল বুলি কোৱা হয় ।

৭) এছিয়া মহাদেশত কিমানখন দেশ আছে ?
উত্তৰ ঃ
 এছিয়া মহাদেশত ৫১খন দেশ আছে।

৮) প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান ?
উত্তৰঃ  
প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৫০০০ মিটাৰ ।

৯) পৃথিৱীৰ মুঠ মাটিকালি কিমান?

উত্তৰ ঃ পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ ।

১০) আটলাণ্টিক মহাসাগৰৰ গড় গভীৰতা কিমান ?
উত্তৰ ঃ
  আটলাণ্টিক মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৩০০০ মিটাৰ।

১১) গড় হিচাপে মহাসাগৰৰ গভীৰতা কিমান ?
উত্তৰ ঃ
 গড় হিচাপে মহাসাগৰৰ গভীৰতা প্ৰায় ৪০০০মিটাৰ ।

১২) আটাইতকৈ জনবহুল দেশ কোনখন ?
উত্তৰ ঃ
 আটাইতকৈ জনবহুল দেশ  হ’ল চীন ।

১৩) আফ্ৰিকা মহাদেশত মুঠতে কিমান খন দেশ আছে?

উত্তৰঃ  আফ্ৰিকা মহাদেশত মুঠতে ৫৩খন দেশ আছে।

১৪) আটাইতকৈ কম জনসংখ্যা থকা দেশ কোনখন ?
উত্তৰঃ 
আটাইতকৈ কম জনসংখ্যা থকা দেশ খন হ’ল ভেটিকান চিটি।

১৫) পৃথিৱীৰ কিমান শতাংশ স্থলভাগ আৰু কিমান শতাংশ জলভাগে আৱৰি আছে ?
উত্তৰ ঃ
 পৃথিৱীৰ ২৯ শতাংশ স্থলভাগ আৰু ৭১ শতাংশ জলভাগে আৱৰি আছে।

১৬)  ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান ?
উত্তৰ ঃ
 ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা হ’ল ৭৩০ কোটি ।

১৭) টেথিছ সাগৰ বুলিলে কি বুজা ?
উত্তৰ ঃ
 কিছুকাল অতিক্ৰম কৰাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল । ইয়াকে টেথিছ সাগৰ বোলে ।

১৮) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰে ?
উত্তৰ ঃ
 পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰে।

১৯)   ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা কিমান ?
উত্তৰ ঃ
   ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা ৪০৭ নিযুত।

২০) সমগ্ৰ বিশ্বত মুঠতে কিমান খন দেশ আছে ?
উত্তৰঃ 
সমগ্ৰ বিশ্বত মুঠতে ১৯৭ খন দেশ আছে।

Type : Dimpi Bora 


Post ID :DABP005789