Class 6 General Science Book Chapter 1 Answer | Sankardev School Class 6 Science Book Chapter 1 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য Question Answer |

জীৱ আৰু ইয়াৰ বৈশিষ্ট্য

পাঠ ১

১∣ জীৱদেহ গঠনৰ একক কি? 

উত্তৰঃ জীৱদেহ গঠনৰ একক হৈছে – কোষ।

২∣ এককোষী জীৱ কি?

উত্তৰঃ যিবোৰ জীৱৰ দেহত এটা কোষ থাকে সেইবোৰেই হৈছে এককোষী জীৱ। যেনে – এমিবা, ইষ্ট, এণ্টামিবা, প্লাজম’ডিয়াম আদি।

৩∣ দুটা একোষী জীৱৰ উদাহৰণ দিয়া।

উত্তৰঃ দুটা একোষী জীৱৰ উদাহৰণ হৈছে – এমিবা আৰু ইষ্ট।

৪∣ জীৱ আৰু জড়ৰ দুটাকৈ পাৰ্থক্য লিখা।

উত্তৰঃ জীৱ আৰু জড়ৰ দুটা পাৰ্থক্য় হৈছে –

– জীৱৰ দেহত চেতনা থাকে। আনহাতে জড়ৰ দেহত চেতনা নাথাকে।

– জীৱৰ দেহত কোষ থাকে। আনহাতে জড় দেহত কোষ নাথাকে।

৫∣ তলত তালিকাৰ কোনবিলাক জড়?

চকী, ৰবৰ, কলম, গছ, হাতী, মকৰা, শিলগুটি, চকমাটি।

উত্তৰঃ জড়বিলাক হৈছে – চকী, ৰবৰ, কলম, শিলগুটি আৰুচকমাটি।

৬∣ জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা।

উত্তৰঃ জীৱৰ সাধাৰণ বৈশিষ্ট্য়সমূহ হৈছে –

– জীৱই জীয়াই থাকিবলৈ উশাহ-নিশাহ লোৱাৰ লগতে খাদ্য়ও গ্ৰহণ কৰে।

– জীৱৰ একক হৈছে কোষ।

– জীৱৰ বৃদ্ধি আৰু বিকাশ হয়।

– সকলো জীৱৰে বংশ বৃদ্ধি হয়।

৭∣ তলত কোনবোৰ জড় বস্তু এটা সময়ত জীৱৰ অংশ আছিল?

চামাৰাৰ বেগ, মেজ, ৰবৰ, চকমাটি, কলম, কাগজ, শিলগুটি, কপাহী কাপোৰ।

উত্তৰঃ এটা সময়ত জীৱৰ অংশ হিচাপে থকা বস্তুবোৰ হৈছে – চামৰাৰ বেগ, মেজ, ৰবৰ, কাগজ আৰু কপাহী কাপোৰ।

৮∣ সকলো জীৱই উশাহ-নিশাহত কি কি গেছ ব্যৱহাৰ কৰে?

উত্তৰঃ সকলো জীৱই উশাহ-নিশাহত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড গেছ ব্য়ৱহাৰ কৰা হয়।

    উদ্ভিদে উশাহত কাৰ্বন-ডাই-অক্সাইড গেছ আৰু নিশাহত অক্সিজেন গেছ ব্য়ৱহাৰ কৰে।

    আৰু আন প্ৰাণীয়ে উশাহত অক্সিজেন গেছ আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ ব্য়ৱহাৰ কৰে।

-Hiru Moni Bora

Post ID :DABP005998