Class 10 History Chapter 5 Short Answer | SEBA Class 10 History Chapter 5   ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য় Short Answer | চমু প্ৰশ্ন উত্তৰ |

                                    ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য়

অধ্য়ায় ৫

১/ সাঁচীৰ স্তূপটোৰ কি ৰূপ বুলি কোৱা হয়?

উত্তৰঃ সাঁচীৰ স্তূপটোৰ ৰূপ আদৰ্শ ৰূপ বুলি কোৱা হয়।

২/ সিন্ধু সভ্য়তাৰ ঘাই নিৰ্মাতাসকল কোন?

উত্তৰঃ সিন্ধু সভ্য়তাৰ ঘাই নিৰ্মাতা আছিল দ্ৰাবিড়সকল।

৩/ সিন্ধু সভ্য়তাৰ স্থানত কি কি আৱিষ্কাৰ হৈছিল?

উত্তৰঃ সিন্ধু সভ্য়তাৰ বিভিন্ন স্থানত পশুপতি সদৃশ মূৰ্তি, শিৱলিংগ আৰ্হিৰ পোৰা মাটিৰ সামগ্ৰী, স্বস্তিকাৰ চিন থকা মোহৰ,মাতৃদেৱীৰ মূৰ্তি আদিৰ আৱিষ্কাৰ হৈছে।

৪/ বৈদিক যুগ কাক বোলে? 

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১৫০০ চন মানত সিন্ধু সভ্যতাৰ পতন হোৱাৰ পিছত বৈদিক যুগৰ সূচনা হয়। পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ ঋকবেদৰ আনুমানিক ৰচনাকালৰ ওপৰত ভিত্তি কৰি খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰপৰা খ্ৰীষ্টপূৰ্ব ৬০০ লৈ সময় ছোৱাক পৰৱৰ্তী বৈদিক যুগ বুলি কোৱা হয়।

৫/ বৈদিক যুগৰ তিনিখন বেদৰ নাম লিখা?

উত্তৰঃ বৈদিক যুগৰ তিনিখন বেদৰ নাম হল – যজুঃ, সাম আৰু অথৰ্ব।

৬/ বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা কি আছিল?

উত্তৰঃ বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা আছিল আৰ্যভাষী নৰ্ডিক গোষ্ঠীৰ অন্তৰ্ভুক্ত লোকৰ এটা দল।

৭/ ২০০১ চনৰ পিয়ল অনুযায়ী ভাৰতত কিমান টা মাতৃভাষা প্ৰচলিত হৈছিল?

উত্তৰঃ ২০০১ চনৰ পিয়ল অনুযায়ী ভাৰতত ১০১৩ টা মাতৃভাষা প্ৰচলিত হৈছিল।

৮/ ভাৰতীয় সংবিধানত কেইটা চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল?

উত্তৰঃ ভাৰতীয় সংবিধানত ২২ টা চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে।

৯/ সিন্ধু উপত্যকাত থকা নগৰ দুখনৰ নাম কি কি?

উত্তৰঃ সিন্ধু উপত্য়কাত থকা নগৰ দুখনৰ নাম হল – হৰপ্পা আৰু মহেঞ্জোদাৰো।

১০/ ভাৰত চৰকাৰে গঠন কৰা পৰিষদটোৰ নাম কি?

উত্তৰঃ ভাৰত চৰকাৰে গঠন কৰা পৰিষদটোৰ নাম হল – নৰ্থ – ইষ্ট কাউঞ্চিল।

১১/ ভাৰতীয় সংস্কৃতিৰ ‘বিবিধতাৰ মাজত একতা’ বাক্য়াংশ কোন কোন নেতাই জনপ্ৰিয় কৰি তুলিছিল?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ ‘বিবিধতাৰ মাজত একতা’ বাক্য়াংশ স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, আবুল কালাম আজাদ, সুভাষচন্দ্ৰ বসু আদি নেতাই জনপ্ৰিয় কৰি তুলিছিল।

১২/ চুলতানী আৰু বাদছাহী যুগৰ চাৰি প্ৰকাৰৰ স্থাপত্য নাম লিখা?

উত্তৰঃ চুলতানী আৰু বাদছাহী যুগত মুখ্যত চাৰি প্ৰকাৰৰ স্থাপত্য দেখা যায় – মছজিদ, মহল(ৰাজপ্ৰসাত), মাকোৱাৰা (মৃতকৰ সৌধ) আৰু মিনাৰ গম্বুজ অথবা কীৰ্তিস্তম্ভ)।

১৩/ প্ৰাচীন কালৰ শিলেৰে নিৰ্মিত মঠ-মন্দিসমূহক ঘাইকৈ কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ প্ৰাচীন কালৰ শিলেৰে নিৰ্মিত মঠ-মন্দিৰসমূহৰ নিৰ্মাণ শৈলীক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ্য়আৰু কৃষ্ণানদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেচৰ শৈলী – এই তিনি ভাগত ভাগ কৰিব পাৰি।

১৪/ ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্য় দুটা কি কি?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্য় দুটা হল – সাংস্কৃতিক বহুত্ববাদ আৰু বৈচিত্ৰ্য়ৰ মাজত একতা।

১৫/ ভাস্কৰ্যসমূহৰ ভিতৰত কি কি দেখা যায়?

উত্তৰঃ গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তৰ মূৰ্তি এই ভাস্কৰ্যসমূহৰ ভিতৰত দেখা যায়।

১৬/ প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্য়সমূহক কেইটা ভাগত বিভক্ত কৰিব পাৰি?

উত্তৰঃ প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্য়সমূহক দুটা ভাগত বিভক্ত কৰিব পাৰি – বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ।

১৭/ দুয়োটা চিত্ৰশৈলী ভাৰতৰ কোন কোন স্থানত অঁকা হৈছিল?

উত্তৰঃ দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ বিষয়বস্তক আলম কৰি অজন্তা (মহাৰাষ্ট্ৰ), বাঘ (মধ্যপ্ৰদেশ), চিত্তনাৱাচল (তামিলনাডু), আৰমামলাই (তামিলনাডু) আদিৰ গুহাৰ দেৱাল সমূহত অঁকা হৈছিল।

১৮/ ক্ষুদ্ৰাকৃতিৰ চিত্ৰ কত কত অঁকা হৈছিল?

উত্তৰঃ দশম শতিকা মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্য়া, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাট কাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অঁকা হৈছিল।

১৯/ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে কৰা প্ৰয়োগসমূহ কি কি?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় (১) আকৃতি, (২) জোখ-মাখ,(৩) আবেগ অনুভূতি প্ৰকাশক কৌশল, (৪) কলাত্মক উপস্থাপন, (৫) সাদৃশ্য় জ্ঞান আৰু (৬) তুলিকা ব্য়ৱহাৰৰ নিয়ম এই ষড়াংগৰ চৰ্চা হৈছিল। দেৱাল চিত্ৰত এইবোৰৰ প্ৰয়োগ হৈছিল আৰু পিছলৈ ক্ষুদ্ৰাকাৰ চিত্ৰটো এইবোৰৰ প্ৰয়োগ কৰা হৈছিল।

২০/ চিত্ৰ অংকনৰ বাবে কি কি ৰং ব্য়ৱহাৰ কৰিছিল?

উত্তৰঃ এলান্ধু, হালধি, সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰা হৈছিল আৰু ৰং বিৰঙীয়া চিত্ৰ অংকন কৰা হৈছিল।

২১/ মোগল সকলৰ দিনত সংগীতৰ কাৰণে কি কি বাদ্য়যন্ত্ৰৰ প্ৰচলন কৰিছিল?

উত্তৰঃ সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেঁপা, চেহনাই, ঢোল, তবলা, বিভিন্ন ধৰণৰ তাল, নাগাৰা মৃদংগ, খোল, চাৰংগী, চন্তৰ, জলতৰংগ, নুপুৰ, চেতাৰ, চাৰিন্দা, দোতাৰা, বিভিন্ন প্ৰকাৰৰ বীণা আদি বাদ্য়যন্ত্ৰ প্ৰচলন কৰিছিল।

২২/ ধ্ৰুপদী নৃত্যসমূহ কি কি?

উত্তৰঃ ধ্ৰুপদী আঠবিধ নৃত্য হল – কথাকলি (মালায়ালম, কেৰালা), মোহিনী আট্টম (কেৰালা), ভাৰতনাট্য়ম (তামিলনাডু), কুচিপুড়ী (অন্ধ্ৰপ্ৰদেশ), অডিছি (ওড়িশা), কথক (উত্তৰ ভাৰত), সত্ৰীয়া (অসম) আৰু মণিপুৰী (মণিপুৰ)।

২৩/ কিমান  চনত যোগ দিৱস পালন কৰা হয়?

উত্তৰঃ পতঞ্জলিৰ যোগ পদ্ধতিত যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্য়ান আৰু সমাধি নামেৰে অষ্টাংগ যোগৰ বিধান দিয়া হৈছিল। যোগ বিদ্য়াৰ কাৰ্যকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনত ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে।

২৪/ উত্তৰ-পূৰ্বাঞ্চলৰ শব্দটো কৰ পৰা উদ্ভাৱন হৈছে?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ শব্দটো – ঔপনিৱেশিক ব্ৰিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল। এই শব্দটোৱে সামৰি লেৱা অৰুণাচল প্ৰদেশ, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসম প্ৰত্যেকৰে নিজা নিজা কৃষ্টি – সংস্কৃতি, ৰাজনৈতিক ইতিহাস আছে।

২৫/ ‘নাট্য়শাস্ত্ৰ’ কিমান চনত ৰচিত কৰা হৈছিল? ইয়াৰ কিমানটা শ্লোকত নীতি নিয়ম লিপিবদ্ধ কৰা হৈছে?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত ভৰত মুনিৰ ‘নাট্য়শাস্ত্ৰ’ ৰচিত হৈছিল। ইয়াত নাটক, সংগীত আৰু নৃত্যৰ বিষয়ে ৬০০০ শ্লোকত বিভিন্ন নীতি নিয়ম লিপিবদ্ধ কৰা হৈছে।

২৬/ মিজো শব্দৰ অৰ্থ কি?

উত্তৰঃ মিজো শব্দৰ অৰ্থ হল ‘পাহাৰৰ বাসিন্দা’।

২৭/ উত্তৰ, পূব আৰু দক্ষিণ দিশত আগুৰি থকা ৰাজ্য় কেইখনৰ নাম কি?

উত্তৰঃ এই ৰাজ্য়কেইখন ভূটান, চীন, ম্য়ানমাৰ, বাংলাদেশ এই বিদেশী ৰাষ্ট্ৰকেইখনৰ দ্বাৰা আবৃত।

২৮/ মেঘালয় খাছীয়া লোকসকল কি গোষ্ঠীৰ লোক?

উত্তৰঃ মেঘালয় খাছীয়া লোকসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক।

২৯/ হৰ্ণবিল কি?

উত্তৰঃ নাগালেণ্ড চৰকাৰে ডিচেম্বৰ মাহৰ প্ৰথম দহটা দিনত উদ্ যাপিত কৰিবলৈ লোৱা হৰ্ণবিল উৎসৱত প্ৰায় সকলো নগা গোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। নগাসকলে ধনেশ পক্ষীক এক ত্ৰাণকৰ্তা পবিত্ৰ জীৱ হিচাপে বিবেচনা কৰে বাবেই এই পক্ষীৰ নামত এই উৎসৱটো উদ্ যাপন কৰিব লোৱা হৈছে।

৩০/ মেঘালয়ৰ সমাজ ব্যৱস্থাটো কি?

উত্তৰঃ মেঘালয়ৰ সমাজ ব্যৱস্থাটো হল মাতৃতান্ত্ৰিক।

৩১/ মিজো কাক বোলে?

উত্তৰঃ মেঘালয়ৰ বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ পৰম্পৰাগত নৃত্য়গীত আদি কিছু হলেও সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হৈছে। মিজোৰামৰ জন গাঁথনিও বিভিন্ন জনগোষ্ঠীৰে গঠিত আটাইকে একেলগে মিজো বুলি কোৱা হয়।

৩২/ দৰঙ জিলাত প্ৰচলিত থকা কেইবিধমান লোকনৃত্য় নাম লিখা?

উত্তৰঃ দৰঙ জিলাত প্ৰচলিত থকা কেইবিধমান লোকনৃত্য় নাম হল- ঢেপাঢুলীয়া, বৰঢুলীয়া আৰু দেওধনী নৃত্য় আদি।

৩৩/ মিজোসকলে কিমান তাৰিখে ‘চপচৰ কূট’ উদ্ যাপন কৰিছিল? 

উত্তৰঃ ১৯৭৩ চনৰ পৰা মিজোসকলে ‘চপচৰ কূট’ উদ্ যাপন কৰিছিল।

৩৪/ আহোমসকলৰ প্ৰথম ভাষা কি আছিল? 

উত্তৰঃ আহোমসকলৰ প্ৰথম অৱস্থাত তেওঁলোকৰ স্বকীয় টাই ভাষাই ব্য়ৱহাৰ কৰিছিল।

৩৫/ অসমীয়া ভাষাৰ আধুনিক ৰূপটো কি জৰিয়তে বিকশিত হৈছিল?

উত্তৰঃ অসমীয়া ভাষাৰ আধুনিক ৰূপটো অৰুণোদই আলোচনীৰ জৰিয়তে বিকশিত হৈছিল।

৩৬/ কোনে কোনে পুৰাণ আৰু কাহিনীক আলম কৰি অসমীয়া ভাষাত পদ্য়ছন্দতসাহিত্য় চৰ্চা কৰিছিল?

উত্তৰঃ চতুৰ্দশ শতিকাত হেম সৰস্বতী, ৰুদ্ৰ কন্দলি, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু মাধৱ কন্দলিয়ে হিন্দু মহাকাব্য়, পুৰাণ আদিৰ কাহিনীক আলম কৰি অসমীয়া ভাষাত পদ্য়ছন্দত সাহিত্য় চৰ্চা কৰিছিল।

৩৭/ ‘সপ্তকাণ্ড ৰামায়ণ’ কোনে অসমীয়া ভাষাত অনুবাদ কৰিছিল?

উত্তৰঃ ‘সপ্তকাণ্ড ৰামায়ণ’ মাধৱ কন্দলিয়ে অসমীয়া ভাষাত অনুবাদ কৰিছিল।

৩৮/ শংকৰদেৱে কি কি ৰচনা কৰিছিল?

উত্তৰঃ পত্নীপ্ৰসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয় আদি শংকৰদেৱে ৰচনা কৰিছিল।

৩৯/ মাধৱদেৱে কি কি ৰচনা কৰিছিল?

উত্তৰঃ মাধৱদেৱে দধি মথন, ঝুমুৰা, চোৰধৰা আৰু পিম্পৰা গুচোৱা আদি ৰচনা কৰিছিল।

৪০/ শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি?

উত্তৰঃ শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম হল – চিহ্নযাত্ৰা।

৪১/ ভট্টদেৱে কি কি সাহিত্য় ৰচনা কৰিছিল?

উত্তৰঃ ভট্টদেৱে ‘কথাগীতা’, ‘ভাগৱত কথা’ আৰু ‘ৰত্নাৱলী কথা’ ৰচনা কৰি অসমীয়া সাহিত্য়ত গদ্য় সাহিত্য় সূচনা কৰিছিল।

৪২/ গীতি কাব্য় ৰচনাসমূহ কি কি?

উত্তৰঃ পীতাম্বৰ কবি, দুৰ্গাবৰ কায়স্থ, সুকবি নাৰায়ণদেৱ, মনকৰ আদিয়ে দেৱী মনসা, পদ্মা, সতী বেউলা আদি কাহিনী ভিত্তিক গীতি কাব্য় ৰচনা কৰিছিল।

৪৩/ তেওঁলোকৰ বুৰঞ্জীসমূহ কি কি?

উত্তৰঃ তেওঁলোকৰ বুৰঞ্জীবোৰ হল – দেওধাই বুৰঞ্জী, তুংখুঙ্গীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য় বুৰঞ্জী, পাদশ্য়াহ বুৰঞ্জী আদি।

৪৪/ অৰুণোদইৰ জৰিয়তে অসমীয়া ভাষাৰ আধুনিক ৰূপটো কিমান খ্ৰীষ্টাব্দত সৃষ্টি কৰিছিল?

উত্তৰঃ আমেৰিকান ব্য়াপ্তিষ্ট মিছনেৰি সকলে ১৮৪৬ খ্ৰীষ্টাব্দত প্ৰকাশ কৰা অসমৰ প্ৰথম বাৰ্তালোচনী অৰুণোদইৰ জৰিয়তে অসমীয়া ভাষাৰ আধুনিক ৰূপটোৰ সৃষ্টি হৈছিল।

৪৫/ শিলৰ বাহিৰে তাত আৰু কিহৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ শিলৰ বাহিৰে দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি নিৰ্মাণ কৰা হৈছিল।

৪৬/ ভাস্কৰ্য শিল্পৰ কোন কোন ঠাইত আৱিষ্কাৰ কৰা হৈছিল?

উত্তৰঃ ভাস্কৰ্য শিল্পৰ নিদৰ্শন আৱিষ্কাৰ হোৱা ঠাই কিছুমান হল – তেজপুৰৰ দ-পৰ্বতীয়া, বামুণী পাহাৰ, মদনকামদেৱ, আমবাৰী, ডবকা, গোৱালপাৰাৰ পাগলাটেক, সুৰ্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মঙ্গলদৈ আদি।

৪৭/ শিৱসাগৰ জিলাত নিৰ্মিত হোৱা মন্দিৰসমূহৰ নাম কি কি?

উত্তৰঃ শিৱসাগৰ জিলাত নিৰ্মিত হোৱা মন্দিৰসমূহৰ নাম হল – কামাখ্য়া মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শিৱদল, জয়দল, দেৱীদল, ফাকুৱাদল, নেঘেৰিটিঙৰ শিৱদল, হাজোৰ হয়গ্ৰী মাধৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ দেৱালয়, দেৰগাঁও আৰু বিশ্বনাথৰ শিৱমন্দিৰ আদি।

৪৮/ চেৰা বিহু কাক বোলে?

উত্তৰঃ বিহু নৃত্য় গীতৰ সময়ত ঢোল, তাল, বাঁহী, বাঁহৰ টকা, মহৰ শিঙৰ পেঁপা, গগণা আৰু সুতুলী আদি বাদ্য় বজোৱা হয়। ৰঙালি বিহুৰ সাতদিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়।

৪৯/ লোকগীতৰ কেইটামান উদাহৰণ দিয়া?

উত্তৰঃ কেঁচুৱা টোপনি নিওঁৱা নিচুকণি গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, চোকাৰি গীত, দৰঙৰ চিয়াগীত, নাঙেৰী নামৰ গৰখীয়া গীত আৰু চেৰা ঢেক আদি অসমত প্ৰচলিত কিছুমান লোকগীতৰ উদাহৰণ।

Type – Boby Bora