Class 12 Assamese Chapter 24 Short Question Answer | Class 12 Assamese Chapter 24 ৰচনা Short Answer |

অসমৰ প্ৰাকৃতিক সম্পদ

প্ৰকৃতিৰ বুকুত মুক্তভাৱে পোৱা বা প্ৰকৃতিৰ বুকুত উদ্ভুত হোৱা সম্পদেই ‘প্রকৃতিক সম্পদ’। দেশ এখনৰ সার্বিক উন্নয়নত প্ৰাকৃতিক সম্পদৰ গুৰুত্ব অপৰিসীম। যিখন দেশ প্রকৃতিক সম্পদত চহকী, সেইখন দেশৰ সার্বিক উন্নয়নৰ পথো সিমানে প্রশস্ত। ভাৰতৰ পূৰ্ব প্ৰান্তত অৱস্থিত অসম নামৰ প্রদেশখনো প্রাকৃতিক সম্পদত ভাৰতৰ আন আন প্ৰদেশৰ তুলনাত ঈর্যাজনক ভাৱে চহকী। অসমৰ গাঁৱে-ভূয়ে, পাহাৰে পর্বতে, হাবি-জঙ্গলে, ভূমিয়ে-নদীয়ে অলেখ-অপাৰ সম্পদ যেন প্রকৃতিদেৱী নিজ হাতে অসমী আইৰ সন্তান সকলৰ বাবে চিৰদিন সঞ্চয় কৰি ৰাখিছে। অসমৰ এনে অলেখ অপাৰ প্রাকৃতিক সম্পদক সাধাৰণতে চাৰিটা ভাগত ভাগ কৰিব পাৰি, যথা : (ক) বনজ সম্পদ (খ) খনিজ সম্পদ (গ) জলজ সম্পদ আৰু (ঘ) কৃষিজ সম্পদ।

অসমৰ বনজ সম্পদক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি যেনে- (১) গছ-গছনি আৰু (২) জীৱ-জন্তু। অসমৰ হাবি- বননিত বহুমূল্যবান গছ গছনি যথা- শাল, চেগুণ, তিতাচপা, গামেৰী, শিশু, চন্দন, অগৰ আদি যথেষ্ট পৰিমাণ পোৱা যায়। এইবোৰৰ দ্বাৰা গৃহ নিৰ্মাণ, আচৱাব-পত্ৰ নিৰ্মাণ, ৰেলৰ শিপাৰ নিৰ্মাণ আদি কামত ব্যৱহাৰ কৰা হয়। চন্দন, অগৰ আদি ঔষধ আৰু সুগন্ধি তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা হয়। নাও তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা চাও গছো অসমত পোৱা যায় শিমলু গছ প্লাইউড উদ্যোগত ব্যৱহাৰ কৰা হয়। অসমৰ হাবিত গছ-গছনিৰ ওপৰিও অন্যান্য জীৱ- জন্তু, চৰাই-চিৰিকতি পোৱা যায়। জন্তুবোৰৰ ভিতৰত বাঘ, ভালুক, সিংহ, হৰিণ, বান্দৰ, হাতী, গড় আদি উল্লেখযোগ্য। অসমৰ এশিঙীয়া গড় বিশ্ব বিখ্যাত। ই অসমৰ এদনীয়া সম্পত্তি। অসমৰ হাবিত পোৱা চৰাই-চিৰিকতিৰ ভিতৰত মইনা, কাউৰী, ভাটৌ, মৰা চৰাই, ধনেশ, বাদুলী, ঢোৰা কাউৰী, কেতেকী আদি যথেষ্ট পৰিমাণে পোৱা যায়। এই বনজ সম্পদবোৰৰ ওপৰত ভিত্তি কৰি অসমত কেইবাটাও উদ্যোগ গঢ়ি উঠিছে যেনে- দিয়া চলাই উদ্যোগ, প্লাইউড উদ্যোগ, কাগজ উদ্যোগ, বনস্পতি উদ্যোগ, আদি। অসমে প্ৰতি বছৰে প্ৰাকৃতিক সম্পদ আহৰণ কৰি আৰু সেইবোৰ বিদেশলৈ ৰপ্তানি কৰি যথেষ্ট ৰাজহ সংগ্ৰহ কৰিব পাৰে।

বনজ সম্পদৰ দৰে খনিজ সম্পদতো অসম অন্যান্য ভাৰতীয় ৰাজ্যবোৰৰ তুলনাত ঈর্যাজনকভাৱে চহকী। অসম খাৰুৱা তেলৰ বাবে ভাৰত বিখ্যাত। অসমত কয়লা যথেষ্ট পৰিমাণে পোৱা যায়। অসমৰ লিডু মাৰ্ঘেৰিটা, বৰ গোলাই, টিপয়, মাকুম আদিত কয়লার খনি আছে। কয়লাবোৰ বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা হয়। প্ৰতিবছৰে অসমে কয়লাৰ পৰা যথেষ্ট ৰাজহ লাভ কৰে। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা, গ্ৰীজান আদিত তেলৰ পুং আৱিষ্কাৰ হৈছে। চূণশিল অসমত পোৱা যায়। ইয়াক চিমেন্ট কাৰখানাত ব্যৱহাৰ কৰা হয়। ইয়াৰ ওপৰি অসমত বালিচন্দা, সোণ আৰু লোৰ আকৰ পোৱা যায়। অসমৰ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি বঙাইগাওঁ, গুৱাহাটীৰ নুনমাটি, ডিগবৈ আদিত তেল শোধানাগাৰ স্থাপন কৰা হৈছে।

সম্পদৰ ভিতৰত অসম ভাৰতৰ ভিতৰত চহকী ৰাজ্য। অসমত যথেষ্ট নদ-নদী আছে। ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নৈ। ইয়াৰোপৰি বাৰিষা কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়। ফলত অসমৰ জলজ সম্পদ ইমানেই বাঢ়ে যে অসমীয়া মানুহে সেইবোৰৰ ব্যৱহাৰ কৰিব নোৱাৰাত বিশ্বই অসমবাসীক অকর্মণ্য আৰু সম্পদ মূল্য নুবুজা ধোদৰ পচলা জাতি বুলি গালি দিয়ে। অসমৰ জলভাগত মাছ-কাছ আৰু জলজ উদ্ভিদ আদি যথেষ্ট পৰিমাণে উৎপন্ন হয়। .

কৃষিজাত সম্পদকো প্রাকৃতিক সম্পদ হিচাপে ধৰিব পাৰি । কিয়নো ভূমিৰ সাৰুৱা গুণৰ বাবেই কৃষিজাত সামগ্ৰী উৎপাদন সম্ভৱ হয়। অসমত ধান, মাহ, সৰিয়হ, মৰাপাট, তামোল, কঁঠাল, মাটি কঁঠাল আদি যথেষ্ট পৰিমাণে উৎপন্ন হয়। অসমৰ এৰি, মুগা আদিও প্রাকৃতিক সম্পদ। এইবোৰ সম্পদৰ ওপৰত ভিত্তি কৰি পলু পোহা হয়

মুঠতে অসমখন প্ৰকৃতিৰ বাৰেমিহলি সম্পদৰে মেটমাৰি আছে। মাত্ৰ আমি অসমীয়াসকলহে সেইবোৰৰ মূল্য বুজিব পৰা নাই। অসমৰ প্ৰকৃতিক সম্পদৰাজি উপযুক্তভাৱে কামত লগাব পাৰিলে আৰু কৰ্ম বিমুখ অসমীয়া লোকে আলস্য এৰি অসমৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰিলে, অসম ভাৰতৰ ভিতৰতে চহকী প্ৰদেশত পৰিণত হ’ব আৰু অসমৰ নিৱনুৱা সমস্যাও সমাধান হ’ব।

Type By Suman Bora