Class 12 Assamese Chapter 9 Short Question Answer | Class 12 Assamese Chapter 9 বৰগীত Short Answer |

১। মাধৱদেৱৰ ক’ত জন্ম হৈছিল ?

উত্তৰ : মাধৱদেৱৰ জন্ম হৈছিল লক্ষিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত ।

২। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?

উত্তৰ : শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক “মণি-কাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয় ৷

৩। কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় ?

উত্তৰ : ‘নামঘোষা’ নামৰ গ্ৰন্থখনক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় ।

৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?

উত্তৰ : মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল ।

৫। উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটি কি ৰাগত বন্ধা ?

উত্তৰ : ‘উঠৰে উঠ বাপু গোপাল হে’বৰগীতটি ‘কৌ’ ৰাগত বন্ধা ।

৬। বৰগীতসমূহ কি ভাষাত ৰচিত ?

উত্তৰ ঃ বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত ।

খ) চমু প্রশ্ন

১। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি ?

উত্তৰ : বাৎসল্য ভাবৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বৈশিষ্ট্য। ‘বস’ মানে শিশু। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্রিয়া-কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাবপ্রধান বুলি কোৱা হয় ।

২। ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে?

উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণক মাতৃ যশোদাই সকলোৰে শিৰৰ ভূষণ অর্থাৎ সৃষ্টি জগতৰ আৰাধ্য দেৱতা বুলি কৈছে। মাতৃ যশোদাই পুত্র কৃষ্ণক ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোৱাৰ কাৰণ হ’ল কৃষ্ণ হৈছে মানৱ ৰূপত ভগৱান। ভগৱানক আৰাধনা কৰাই হৈছে সকলো ধৰ্মৰ মূল। মাতৃ যশোদাই ভাগ্যৰ গুণত আৰাধ্য ভগৱানক নিজ পুত্ৰৰূপে কোলাত পাইছে।

৩। বৰগীত কাক বোলে ? বৰগীতৰ বিষয় বস্তুক কেইটা ভাগত ভাগ কৰিব পাৰি? ভাগসমূহ উল্লেখ কৰা ।

উত্তৰ : মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাবসম্পন্ন আৰু ৰাগ-ৰাগিনীযুক্ত গীতসমূহক ‘বৰগীত’ বুলি কোৱা হয় ৷

বৰগীতৰ বিষয়বস্তুক ছয় শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে-

(ক) পৰম পুৰুষ ভগৱানৰ অৱতাৰী লীলা বিষয়ক ।

(খ) কৃষ্ণ আৰু গোপী সকলৰ মাজত হোৱা বিৰহ বিষয়ক।

(গ) সংসাৰৰ প্ৰতি বিৰক্তি বিষয়ক।

(ঘ) পৰমাৰ্থ বিষয়ক।

(ঙ) শ্ৰীকৃষ্ণৰ চৌৰ্য কাৰ্য বিষয়ক আৰু

(চ) শ্ৰীকৃষ্ণৰ চাতুৰি বিষয়ক ।

শ্ৰীকৃষ্ণৰ অৱতাৰী লীলা বিষয়ক গীতবোৰৰ আকৌ চাৰিটা উপভাগ আছে, যেনে-জাগৰন, চলন, খেলন আৰু – নৃত্যন।

৪। ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Numbers বুলি কৈছে?

উত্তৰ : বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ সেইবাবে ড° বাণীকান্ত কাকতিয়ে বৰগীতসমূহক Noble Numbers বুলি কৈছে। অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্রবাহ লক্ষ্য কৰা যায় ।

৫। ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে সো হৰি যশোৱা কোলে। – সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা।

উত্তৰ ঃ শ্ৰীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানৰ অৱতাৰ । সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰ ৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে।

(গ) দীঘল প্রশ্ন

১। বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ।

উত্তৰ : মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটি এটি বাৎসল্য ভাৱৰ বৰগীত। বৰগীতটিৰ জৰিয়তে কবিয়ে শ্ৰীকৃষ্ণৰ মানবীয় ৰূপ আৰু ঐশ্বৰিক মহিমা প্ৰকাশ কৰিছে।

প্ৰথমতে, বৰগীতটিত শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ প্ৰকাশ পাইছে। যশোদাই ৰাতিপুৱাৰ লগে লগে মৰমতে পুত্ৰ কৃষ্ণক বাপু, কমল নয়ন, প্রাণধন, গোপাল আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। ত্ৰিজগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক নিজৰ পুত্ৰ ৰূপে পাইযশোদা পৰম আনন্দিত। তেওঁ কৃষ্ণক বুকুত সাৱটি ধৰি বাৰে বাৰে চুমা খাইছে।

দ্বিতীয়তে,বৰগীতটিৰ মাজেদি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰতিভাত হৈ উঠিছে। সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰ ৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে।

২। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা ।

উত্তৰ : মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটি এটি বাৎসল্য ভাৱৰ বৰগীত। বৰগীতটিৰ জৰিয়তে কবিয়ে ভক্তৰ অধীন যে ভগৱান সেই কথা প্ৰকাশ কৰিছে।

শ্ৰীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানৰ অৱতাৰ । সিদ্ধ মনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰ ৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা সুন্দৰকৈ দাঙি ধৰা হৈছে।

৩। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ ত্ৰিজগত পতি ভকতি মিলিল মূৰুখ মাধৱে বোলে ৷

উত্তৰ ঃ উপৰোদ্ধৃত কবিতা ফাকি মহাপুৰুষ মাধদেৱ বিৰচিত ‘উপৰে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটোৰ পৰা তুলি দিয়া হৈছে।

উদ্ধৃত কবিতা ফাকিৰ জৰিয়তে ভক্তৰ অধীন যে ভগৱান সেই গুঢ় সত্য কথাষাৰ দাঙি ধৰিবলৈ কবিয়ে উক্ত কবিতা ফাকিৰ অৱতাৰণা কৰিছে।

শ্ৰীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানৰ অৱতাৰ । তেওঁ হৈছে ত্ৰিজগতৰ ঈশ্বৰ, সকলো আৰাধনাৰ মূল। সিদ্ধ মনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰ ৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা সুন্দৰকৈ দাঙি ধৰা হৈছে।

৪। মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰ : মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটি এটি বাৎসল্য ভাৱৰ বৰগীত। জৰিয়তে কবিয়ে যশোদাৰ পুত্ৰ স্নেহৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ মানবীয় আৰু ঐশ্বৰিক মহিমা প্ৰকাশ কৰিছে।

যশোদাই ৰাতিপুৱাৰ লগে লগে মৰমতে পুত্ৰ কৃষ্ণক বাপু, কমল নয়ন, প্রাণধন, গোপাল আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। ত্ৰিজগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক নিজৰ পুত্ৰ ৰূপে পাই যশোদা পৰম আনন্দিত । তেওঁ কৃষ্ণক বুকুত সাবটি ধৰি বাৰে বাৰে চুমা খাইছে।

এনেদৰে বৰগীতটিৰ যশোদাৰ মাতৃ স্নেহ প্ৰকাশ পাইছে।

দ্বিতীয়তে, বৰগীতটিৰ মাজেদি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰতিভাত হৈ উঠিছে। সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰ ৰূপে লাভ কৰিছে। জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে।

৫। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা ৷

উত্তৰ : মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটিৰ মাজেদি কবিয়ে যশোদাৰ মাতৃস্নেহৰ এক মনোমুগ্ধকৰ ছবি অংকন কৰিছে।

যশোদাই ৰাতিপুৱাৰ লগে লগে মৰমতে পুত্ৰ কৃষ্ণক বাপু, কমল নয়ন, প্রাণধন, গোপাল আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। ত্ৰিজগতৰ ঈশ্বৰ, পৰম আৰাধ্য, যিজনক ঋষি-মনিসকলে বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে সেইজন শ্ৰীকৃষ্ণক নিজৰ পুত্ৰ ৰূপে পাই যশোদা পৰম আনন্দিত। তেওঁ কৃষ্ণক বুকুত সাবটি ধৰি বাৰে বাৰে চুমা খাইছে। এনেদৰে বৰগীতটিৰ মাজেদি যশোদাৰ মাতৃ স্নেহ প্রকাশ পাইছে। ০ ০ ০

Type By Suman Bora