Class 12 Political Science Book Chapter 9 Short Answer | HS 2nd Year Political Science Book Chapter 9 বিশ্বায়ন Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

বিশ্বায়ন

নৱম অধ্যায়

অতি চমু প্ৰশ্ন ঃ 

১. বিশ্বায়ন কি ।

উত্তৰঃ  বিশ্বায়ন হল এটা বহুমাত্ৰাযুক্ত ধাৰণা ।

২. কিমান শতিকাত ঔদ্যোগিক আৰু প্ৰযুক্তিগত বিকাশ হৈছিল ।

উত্তৰঃ  কুৰি শতিকাত ঔদ্যোগিক আৰু প্ৰযুক্তিগত বিকাশ হৈছিল ।

৩. কোনে কিমান শতিকাত আৰক্ষীৰ স্থান দখল কৰে ।

উত্তৰঃ  কুৰি শতিকাতে কল্যাণকামী ৰাষ্ট্ৰই আৰক্ষীৰ স্থান দখল কৰে ।

৪. কিমান চনত বিশ্বত পৰিৱৰ্তনৰ বতাহ বলিবলৈ আৰম্ভ কৰে ।

উত্তৰঃ  ১৯৮০ৰ দশকৰ শেষৰফালে বিশ্বত পৰিৱৰ্তনৰ বতাহ বলিবলৈ আৰম্ভ কৰে ।

৫. প্ৰবাহ কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ  প্ৰবাহ তিনিপ্ৰকাৰৰ যেনে 

ক) ধাৰণাৰ প্ৰবাহ ।

খ) সামগ্ৰীৰ প্ৰবাহ ।

গ) মানৱ সম্পদৰ প্ৰবাহ ।

ঘ) নিয়োগ সন্ধানীৰ প্ৰৱাহ ।

ঙ) মস্তিস্কৰ প্ৰবাহ ।

৬. বিশ্বব্যাপী আন্তঃসংযোগতা মানে কি ।

উত্তৰঃ  বিশ্বব্যাপী আন্তঃসংযোগতা মানে সামগ্ৰী, মূলধন, জলসম্পদক বুজায় তাকে বিশ্বব্যাপী আন্তঃসংযোগতা বোলে ।

৭. ধাৰণা হিচাপে বিশ্বায়ন আৰু ইয়াৰ অৰ্থৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ধাৰণা হিচাপে বিশ্বায়ন মানে প্ৰবাহ । প্ৰবাহ বিভিন্ন ধৰণৰ হব পাৰে । যেনে- ধাৰণাৰ প্ৰবাহ, সামগ্ৰীৰ প্ৰবাহ, মানৱ সম্পদৰ প্ৰবাহ, নিয়োগ সন্ধানীৰ প্ৰবাহ, মস্তিস্কৰ প্ৰবাহ ইত্যাদি । সেইবোৰৰ প্ৰবাহে বিশ্বৰ এখন ঠাইৰ পৰা আন ঠাইলৈ, এখন ৰাষ্ট্ৰৰ পৰা আন ৰাষ্ট্ৰলৈ, এখন মহাদেশৰ পৰা যিকোনো আন মহাদেশলৈ বলিব পাৰে । এনেবোৰ প্ৰবাহৰ ফলত বিশ্বৰ যিকোনো অংশৰ পৰা বাসিন্দাসকলৰ মাজত আন্তঃসংযোগ গঢ়ি উঠে । বিভিন্নধৰণৰ বিশ্বব্যাপী আন্তঃসংযোগতাক বিশ্বায়নৰ মূল কথা বা কেন্দ্ৰবিন্দু বুলি কব পাৰি । বিশ্বব্যাপী আন্তঃসংযোগতাই সামগ্ৰী, মূলধন, জলসম্পদ আদিৰ চলাচল বুজায় । এনে চলাচল পৃথিৱীৰ যিকোনো ঠাই বা অংশৰ পৰা আন যিকোনো ঠাই বা অংশলৈ ঘটিব পাৰে । গতিকে ওপৰত উল্লেখ কৰাৰ নিচিনাকৈ ধাৰণা, দৃষ্টিভংগী, পণ্য, মূলধন, শ্ৰমিক, বুদ্ধিজীৱি, বিশেষজ্ঞ, প্ৰযুক্তিবিদ্যাবিদ, ছাত্ৰ-ছাত্ৰী আদিৰ চলাচলাকে বিশ্বব্যাপী আন্তঃসংযোগতাৰো সাৰ কথা বুলি কব পৰা যায় । 

৮. বিশ্বায়নৰ কাৰণবোৰৰ বিষয়ে লিখা ।

উত্তৰঃ বিশ্বায়নৰ কাৰণবোৰ হল 

ক) মানৱ সভ্যতাৰ ইতিহাসত সম্পূৰ্ণ নতুন বস্তু নহয় । উদাহৰণস্বৰূপে, আৰ্যসকল ভাল বাসস্থানৰ অনুসন্ধানত সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল আৰু তাৰ ফলত তেওঁলোকৰ নিজৰ উচ্চ পৰ্যায়ৰ খাদ্য-সম্ভাৰ, শিল্পজাত সামগ্ৰী, মূল্যৱান অন্যান্য বস্তু আৰু সৰ্বতোপৰি মূল্যৱান উচ্চপৰ্যায়ৰ ধ্যান-ধাৰণা আৰু জ্ঞান তেওঁলোকৰ লগতে পৃথিৱীৰ বহু অঞ্চলত বিয়পি পৰিছিল । 

খ) ইউৰোপীয় বণিকসকলে বেহা-বেপাৰৰ উদ্দেশ্য বিভিন্ন দেশলৈ ঢাপলি মেলিছিল আৰু ক্ৰমে উপনিবেশ স্থাপন কৰিবলৈ সক্ষম হৈছিল । ওলণ্ডাজ, ফৰাচী পৰ্টুগীজ, ইংৰাজ কোম্পানীবোৰে ভাৰততো খোপনি পুতি সাম্ৰাজ্য বিস্তাৰ কৰাৰ কথা কাৰো বিদিত নহয় । বিভিন্ন দেশৰ ঔপনিবেশ স্থাপনকাৰীসকলৰ কাৰ্যই সামগ্ৰীসমূহৰ সৰবৰাহ তৰান্বিত কৰি তুলিছিল । 

গ) অতি সাম্প্ৰতিক কালত টেলিগ্ৰাফ, টেলিফোন, মাইক্ৰোছফ আদিৰ আৱিস্কাৰে এই প্ৰভাৱ বিশ্বব্যাপী আৰু ভীষণভাৱে দ্ৰুততৰ কৰি তুলিছে । যাতায়ত আৰু যোগাযোগৰ এনে সুবিধাৰ ফলত বৰ্তমান এখন মহাদেশত পুৱাৰ চাহ খাই আন এখনত দুপৰীয়াৰ আহাৰ কৰি আৰু তৃতীয় এখনত ৰাতিৰ আহাৰ খাই ৰাতিয়েই নিজৰ ঠাইলৈ ঘুৰি যোৱাৰ ব্যৱস্থা সাধাৰণ কথা হৈ পৰিছে । 

ঘ) গ্ৰহ-উপগ্ৰহলৈ উৰা মৰাৰ সুবিধাও অসম্ভৱ হৈ থকা নাই । ইয়াৰ ফলত পৃথিৱীৰ আকাৰেই সৰু হৈ যোৱা যেন লাগে । মানুহৰ বাবে সমগ্ৰ বিশ্বই যেন এখন ঘৰ আৰু মানৱ জাতিটো যেন এটা পৰিয়ালসদৃশ হৈ পৰিছে । এইটোৱেই বিশ্বায়নৰ প্ৰতিচ্ছবি আৰু মূল কাৰণ ।

ঙ) ৰেলগাড়ী, উৰাজাহাজ, ছপাশাল, কাপোৰ বোৱা যন্ত্ৰ আদিৰ প্ৰতিটোকে বিশ্বায়নৰ সোপান যেন লাগে । সেইবোৰেও শামুকীয়া গতিত সাম্প্ৰতিককালৰ বিশ্বায়নৰ পথ মসৃণ কৰি ৰাখিছিল আৰু বৰ্তমান সেই ক্ৰিয়া তীব্ৰতৰ হৈছে । উদাহৰণস্বৰূপে, ছপাশালৰ আৱিস্কাৰে জাতীয়তাবাদৰ গঠনত সহায় কৰিছিল । প্ৰযুক্তি বিদ্যাই যাতায়ত, যোগাযোগ আৰু সামূহিক কল্যাণৰ স্বাৰ্থৰ ব্যৱস্থাৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ভৱিষ্যতেও কৰি থাকিব যে তাত সন্দেহ নাই । 

৯. বিশ্বায়নৰ দিশ কেইটা আৰু কি কি ।

উত্তৰঃ  বিশ্বায়নৰ দিশ দুটা যেনে 

ক) ইতিবাচক দিশ ।

খ) নেতিবাচক দিশ ।

১০. বিশ্বায়নৰ ইতিবাচক দিশৰ বিষয়ে লিখা ।

উত্তৰঃ বিশ্বায়নৰ ইতিবাচক দিশৰ বিষয়ে আলোচনা কৰা হল 

ক) বিশ্বায়নৰ জৰিয়তে সমগ্ৰ বিশ্বত সমৰূপী অৰ্থনৈতিক ব্যৱস্থা সম্ভৱ হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে । ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ পৰা অৰ্থনৈতিক ব্যৱস্থাৰ মুক্ততাৰ বাবে ব্যৱসায়আৰু বাণিজ্যৰ বিস্তৃতভাৱে সম্প্ৰসাৰণ ঘটিছে । 

খ) পুঁজিৰ মুক্ত আদান-প্ৰদানৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অবাধে উদ্যোগ কল-কাৰখানা স্থাপন কৰাৰ সপবিধা লাভ কৰিছে আৰু ইয়ে নিয়োগৰ সুযোগ থথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে ।

গ) বিশ্বায়ন  প্ৰক্ৰিয়াৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ থকা দুটা সংস্থা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বাণিজ্য সংস্থাৰ জৰিয়তে ৰাষ্ট্ৰসমূহৰ বিকাশমূলক আৰু ব্যৱসায়িক কাৰ্যকলাপ সুচল হৈ উঠিছে । গুৰুত্বপূৰ্ণভাৱে বিশ্বায়ন প্ৰক্ৰিয়াৰ অৱদান বিশ্বব্যাপী আন্তঃসংযোগতাই বিশ্বৰ অগণন জনসাধাৰণৰ মাজৰ সম্পৰ্ক স্থাপনত সহায়ক হিচাপে থিয় দিছে । ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক গাঢ় হৈ আছে । ইয়াৰ লগতে এক প্ৰতিযোগিতামূলক পৰিৱেশৰ বাবে ৰাষ্ট্ৰসমূহৰ বিকাশৰ সহায়কো হৈছে বিশ্বায়ন ।

১১. বিশ্বায়নৰ নেতিবাচক দিশৰ বিষয়ে লিখা ।

উত্তৰঃ  বিশ্বায়নৰ নেতিবাচক দিশৰ বিষয়ে আলোচনা কৰা হল 

ক) বহুতো কৃষকে বিশ্বায়নৰ প্ৰভাৱত পৰি জীৱিকা-উপাৰ্জনৰ পথ হেৰুৱাই আত্মহননৰ পথ বাছি লোৱাৰ কথা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা আৰু ৰেডিঅযোগে প্ৰচাৰিত বাতৰি আৰু টেলিভিছনৰ বাতৰিত পোৱা যায় । সেই একেবোৰ বাতৰি অনুসৰি বহুতে যথেষ্ট উচ্চ মূল্যত বহুজাতিক কোম্পানীৰ পৰা অনা বীজৰ পৰা হোৱা ধান, গম আদিৰ গছত ফল নধৰাৰ বাবে অসহায় অৱস্থাত পৰি আৰু আন বহুতো শস্য টকা বা সাঁচি ৰখাৰ অসুবিধাৰ বাবে বতৰতে পানীৰ দৰত কোনো ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰি দিবলৈ বাধ্য হৈ পৰিয়ালৰ ভৰণ-পোষণ যোগোৱাৰ অসমৰ্থতাৰ বাবে ওপজা লজ্জাৰ পৰা আত্মৰক্ষাৰ অৰ্থে আত্মহত্যা কৰিবলগীয়া হৈছে ।

খ) বহুতো আন্তৰ্জাতিক কোম্পানীয়ে খুচুৰা বিক্ৰীৰ ব্যৱস্থাত হাত দিয়ালৈ চাই বহুতো খুচুৰা দোকানৰ ব্যৱসায়ীয়ে আতংকত ভূগিছে, প্ৰমাদ গণিছে, গেলামাল, মনোহাৰী, কাপোৰৰ ক্ষুদ্ৰ দোকানৰ মালিক, সোণাৰী আদিয়েও সেইবোৰৰ ব্যকুলতা আৰু দুশ্চিন্তাত ভূগিছে ।

গ) ভাৰতীয় কোম্পানীয়ে অৱশিষ্ট কিছুসংখ্যক মালিকৰ বিৰোধিতা থকা সত্ত্বেও ইউৰোপৰ কোনোবা ৰাষ্ট্ৰত মূল শিপা বা ভাৰতীয় প্ৰতিদ্বন্দ্বী কোম্পানী এটা ক্ৰয় কৰি অনুশোচনা কৰিবলগীয়া হৈছে, বা হয়তো ংুম্বাইৰ কোনোবা এজন চলচ্চিত্ৰ নিৰ্মাতাই হলিউডৰ কোনোবা এখন চলচ্চিত্ৰৰ কাহিনী নকল কৰি চলচ্চিত্ৰ এখন প্ৰস্তুত কৰা বুলি পোৱা অপযশত জৰ্জৰিত হৈ ভূগিবলগীয়া হৈছে ।

১২. বিশ্বায়নৰ অৰ্থনৈতিক মাত্ৰাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ   বহুতো লোকে বিশ্বায়নক এটা সম্পূৰ্ণৰূপে অৰ্থনৈতিক ধাৰণা বুলি গণ্য কৰে । বিশ্বায়নৰ বহুবোৰ কথা যে অৰ্থনৈতিক ধাৰণাকেন্দ্ৰিক সেই কথাও অসত্য নহয় । আকৌ এই বিষয়ে যথেষ্ট চিন্তা চৰ্চা আৰু তৰ্ক -বিতৰ্কৰো যথেষ্ট অৱকাশ আছে ।

এইটো বিষয়ত উদ্ভৱ হোৱা এটা সমস্যা হল বিশ্বায়নৰ প্ৰকৃত অৰ্থ বা সংজ্ঞা সম্পৰ্কে । অৰ্থনৈতিক বিশ্বায়নৰ আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব-বাণিজ্য সংস্থাৰ সৈতে পোনপটীয়া সম্পৰ্কৰ কথা মনলৈ আহে । এই দুই সংগঠনে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক নীতি-নিৰ্ণয় কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লয় । সেই সত্ত্বেও অৱশ্যে অৰ্থনৈতিক বিশ্বায়নক কেনেধৰণৰ সংকীৰ্ণ গণ্ডীৰ ভিতৰত আৱদ্ধ কৰিব নোৱাৰি । বিশ্বৰ অৰ্থনৈতিক দিশত উপৰোক্ত দুটাৰ বাহিৰেও আৰু ভালেমান কৰ্তা জড়িত হৈ আছে । 

১৩. বিশ্বায়নৰ মাত্ৰা কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ  বিশ্বায়নৰ মাত্ৰা তিনিপ্ৰকাৰৰ যেনে 

ক) অৰ্থনৈতিক মাত্ৰা ।

খ) ৰাজনৈতিক মাত্ৰা ।

গসাংস্কৃতিক মাত্ৰা ।

১৪. বিশ্বায়নৰ সাংস্কৃতিক মাত্ৰাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশ দুটাৰ বাহিৰে বিশ্বায়নৰ আৰু বহুতো মাত্ৰা আছে ।এইবোৰৰ ভিতৰত সাংস্কৃতিক বিশ্বায়ন অন্যতম । সাংস্কৃতিক পদটো অতিশয় অৰ্থবহ । খাদ্য, পানীয়, পোছাক-পৰিচ্চদ, পৰিয়ালৰ আচাৰ-ব্যৱহাৰ আদি সমস্ত ঘৰুৱা কথাবোৰ আৰু সামাজিক আচৰণ, ভাষা, ধৰ্ম, সংগীত বাদ্য, নাচ, ভাওনা, আদি বিশ্বায়নৰ এইবিধ মাত্ৰাৰ আওতাৰ ভিতৰত পৰে । তাৰোপৰি দেশৰ পৰম্পৰা-সংস্কৃতিৰ ওপৰত আৰ্থ ৰাজনৈতিক নৈতিকতা আৰু মিতব্যয়িতাৰো গভীৰ সম্পৰ্ক আছে । উদাহৰণ হিচাপে কোনো কোনো পৰিয়ালত কোনোবা এটা কাম কৰাৰ ওপৰত নিষেধ দেখা যায় । কোনো অঞ্চলৰ মানুহে বিশেষ কেতবোৰ ব্যৱসায়ৰ ওপৰত গুৰুত্ব দি পুত্ৰ-পৌত্ৰাদিয়ে ক্ৰমে সেই ব্যৱসায় চলাই থকা আৰু সেই ব্যৱসায়ত বিশেষ পাৰদৰ্শিতা লাভ কৰা চকুত পৰে , কোনোবা ধৰ্মৰ নিয়ম অনুসৰি কেতবোৰ কাম কৰিব পায় বা নাপায় ইত্যাদি । এনেবোৰ কাৰণতে প্ৰায়বোৰ অঞ্চলত অধিক পৰিমাণে আতচবাজী উৎপাদনৰ কাম কৰা, কোনো কোনো অঞ্চলত পাট-মুগা শিল্প গঢ়ি উঠা, কোনো কোনো ৰাষ্ট্ৰত বেংক ব্যৱসায়ৰ প্ৰতি অনিহা দেখিবলৈ পোৱা যায় । 

১৫. বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিৰ বিষয়ে লিখা ।

উত্তৰঃ সাধাৰণতে ব্যৱহাৰ কৰা অৰ্থত প-থিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত বেছিধৰণৰ অৰ্থনৈতিক প্ৰবাহ বুজায় । কোনো ক্ষেত্ৰত সেইবোৰ স্বেচ্ছাকৃত আৰু আন কোনো ক্ষেত্ৰত আন্তৰ্জাতিক অনুষ্ঠানসমূহ নাইবা শক্তিশালী ৰাষ্ট্ৰবোৰৰ হেচাৰ ফলত হব পাৰে । প্ৰবাহ বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু এখন দেশৰ পৰা আন এখন দেশলৈ ধাৰণা, পণ্য, মূলধন আৰু মানৱ সম্পদৰ হব পাৰে । এনে হোৱাৰ মূল কাৰকবোৰৰ ভিতৰত পৰে বিভিন্ন ৰাষ্ট্ৰৰ পৰা ৰপ্তানিৰ ওপৰত বহুওৱা বাধা নিষেধৰ হ্ৰাস কৰা বা আন ৰাষ্ট্ৰৰ পৰা মূলধনৰ প্ৰবাহ হ্ৰাস কৰা । প্ৰচলিত অৰ্থত েইটোৱেই আঢ্যৱন্ত ৰাষ্ট্ৰবোৰে অধিক লাভৰ বাবে নিজৰ মূলধন উন্নয়নশীলবোৰতো অন্তৰ্ভূক্ত কৰি আন ৰাষ্ট্ৰত বিনিয়োগৰ ব্যৱস্থা হাতত লোৱা বুজায় । তেনে কৰাৰ ফলত সেই ৰাষ্ট্ৰবোৰে অধিক পৰিমাণৰ লাভ কৰিব পাৰে  । সেই একেধৰণে বিশ্বায়নে জাতীয় পৰিসীমাৰ বাহিৰলৈ ধাৰণাৰ প্ৰবাহো বুজায় । ইন্টাৰনেট , কম্পিউটাৰ, সক্ৰান্ত সেৱা এনেধৰণৰ প্ৰবাহৰ মাধ্যমৰ একোটা আদৰ্শ দৃষ্টান্চস্বৰূপ । আনহাতে মানৱ সম্পদৰ প্ৰবাহৰ মানুহৰ প্ৰব্ৰজনৰ দিশত বিশ্বায়নৰ বাবে বোৱা সোঁতৰ গতি আৰু পৰিমাণ একেধৰণৰ হোৱা দেখা নাযায় । 

১৬. অৰ্থনৈতিক মাত্ৰাৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  অৰ্থনৈতিক মাত্ৰাৰ এটা বৈশিষ্ট্য হল 

ক) ধাৰণা, সামগ্ৰী, মূলধন মানৱ সম্পদ আদিৰ প্ৰত্যেকটো বিশ্বায়নৰ অৰ্থনৈতিক মাত্ৰাৰ অন্তৰ্গত ।

১৭. বিশ্বায়নৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰা ।

উত্তৰঃ  বিশ্বায়নৰ সপক্ষে যুক্তি তলত প্ৰদৰ্শন কৰা হল 

ক) জনসংখ্যাৰ সিংহভাগৰ বাবে নিয়ন্ত্ৰণমুক্ত ব্যৱস্থাৰ জৰিয়তে উপকাৰ সাধন কৰা এবিধ সঁজুলিৰ নিচিনাকৈ কাম কৰাৰ আশা পোষণ কৰে ।

খ) দেশসমূহৰ মাজত অধিক পৰিমাণৰ বেহা-বেপাৰৰ সুযোগ সৃষ্টিৰ ফলত তেওঁলোকে অধিক পৰিমাণৰ গঠনমূলক প্ৰতিযোগিতা আৰু মিতব্যয়িতাৰ উন্মেষ ঘটিব বুলি সেইসকলে বিশ্বাস কৰে আৰু তাৰ ফলত সমগ্ৰ বিশ্ব উপকৃত হব বুলি তেওঁলোকে ভৱিষ্যতবাণী কৰে ।

গ) অৰ্থনৈতিক বিশ্বায়নৰ প্ৰচলন আৰু কাৰ্যকৰীকৰণৰ পৰিণতিত যে পৃথিৱীৰ বিভিন্ন অংশৰ চৰকাৰ, ব্যৱসায় আৰু ব্যৱসায় গোষ্ঠী আৰু জনসাধাৰণৰ মাজত পৰস্পৰ নিৰ্ভৰশীলতা আৰু সংহতিৰ বিকাশ ঘটিব সেই বিষয়ে অস্বীকাৰ কৰিব নোৱাৰি বুলি ভাৱ হয় ।

১৮. বিশ্বায়নৰ বিপক্ষে যুক্তি প্ৰদৰ্শন কৰা ।

উত্তৰঃ  বিশ্বায়নৰ বিপক্ষে যুক্তি তলত প্ৰদৰ্শন কৰা হল 

ক) সামাজিক ন্যায়ৰ প্ৰবক্তাসকলৰ মতে বিশ্বায়নৰ দ্বাৰা জনসাধাৰণৰ এটা ক্ষুদ্ৰ অংশহে প্ৰভাৱান্বিত বা লাভৱান হোৱাৰ সম্ভাৱনা অধিক । আনহাতে নিযুক্তি, শিক্ষা, জনস্বাস্থ্য, পৰিস্কাৰ-পৰিচ্ছন্নতা ৰক্ষা আদি কল্যাণমূলক বিষয়ত চৰকাৰৰ ওপৰত নিৰ্ভৰশীল সমাজৰ গৰিষ্ঠসংখ্যক লোক ।

খ) প্ৰতিষেধক ব্যৱস্থা হিচাপে সেইসকলে দ্বিতীয় শ্ৰেণীভূক্ত লোকসকলৰ বাবে আনুষ্ঠানিক সংৰক্ষণ নাইবা সামাজিক নিৰাপত্তা জালৰ আবশ্যকতা ৰোধ কৰে । তেনেবোৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সেই লোকসকলৰ দুখ-দুৰ্গতি বহুলাংশে লঘু কৰিব পৰা যায় বুলি তেওঁলোকে ভাৱে ।

১৯. বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিৰ বিষয়ে লিখা ।

উত্তৰঃ বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিৰ শিতানত প্ৰথম বিবেচ্য  বিষয়টো হল ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ ওপৰত হব পৰা পৰিণতি । সেই বিষয়ত প্ৰধানকৈ তিনিটা দিশ জড়িত হোৱা দেখা যায় । যেনে ৰাষ্ট্ৰ কাৰ্যৰ পৰিসৰ সংকীৰ্ণ হোৱা, ৰাষ্ট্ৰই বজাৰভিত্তিক দৃষ্টিৰে আৰ্থ-সামাজিক বিবেচনা কৰিবলৈ আৰম্ভ কৰা আৰু বহুজাতিক কোম্পানীবোৰে বিচৰা অনুসৰি কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ একপ্ৰকাৰে বাধ্য হোৱা ।

ক) প্ৰাথমিক স্তৰত, বিশ্বায়নৰ প্ৰভাৱত ৰাষ্ট্ৰৰ কাৰ্যাৱলীৰ আৰু সেয়ে ক্ষমতাৰ ক্ষয়ীভৱনৰ আৰম্ভণি হোৱা চকুত পৰে । সমগ্ৰ বিশ্বতে দেখা দিয়া প্ৰৱণতা অনুসৰি ৰাষ্ট্ৰই ইয়াৰ বৰ্তমানৰ কল্যাণকামী কামৰ পৰিমাণ হ্ৰাস কৰিবলৈ প্ৰচেষ্টা চলাইছে । এই নতুন পৰিস্থিতিত ই নিম্নতম কাৰ্য সম্পাদনৰ আঁচনিৰ প্ৰতি অধিক পৰিমাণে আকৰ্ষিত হবলৈ আৰম্ভ কৰিছে । বৰ্তমান ৰাষ্ট্ৰই হাতত লবলগীয়া বুলি অনুভৱ কৰা মূল কামবোৰ আইন-শৃংখল ৰক্ষা, জাতীয় ক্ষেত্ৰীয় পৰিসীমাৰ প্ৰতিৰক্ষা আৰু নাগৰিকসকলৰ নিৰাপত্তাৰ লেখীয়া অতি গুৰুত্বপূৰ্ণ । 

খ) দ্বিতীয়তে ৰাষ্ট্ৰৰ দৃষ্টিভংগীত আৰ্থ-সামাজিক ক্ষেত্ৰত বজাৰ ভিত্তিকতাই প্ৰাধান্য লাভ কৰিছে ।  বৰ্তমানে ৰাষ্ট্ৰই সামাজিক আৰু অৰ্থনৈতিক বিষয়বোৰ লাভ-লোকচানৰ তুলাচনীৰ সহায়ত বিবেচনা কৰিবলৈ লোৱা দেখা যায় । তাৰ মানে জনসাধাৰণৰ কল্যাণৰ বিষয়ত ৰাষ্ট্ৰই আগৰ নিচিনা অগ্ৰাধিকাৰ দি থকা নাই ।

গ) বিশ্বায়নৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছে বহুজাতিক কোম্পানীবোৰ । সেইবোৰ একেধাৰে ইয়াৰ উপাদান আৰু ফচলো । তেনেধৰণৰ প্ৰতিষ্ঠানবোৰেও ৰাষ্ট্ৰ কামত পৰোক্ষে আৰু প্ৰত্যক্ষে হস্তক্ষেপ কৰিব পৰা হৈ উঠিছে । সেইবোৰৰ প্ৰৱেশ আৰু অধিকতৰ ভূমিকা গ্ৰহণে চৰকাৰী সিদ্ধান্তৰ ওপৰত প্ৰায়ে প্ৰভাৱ বিস্তাৰ কৰা দেখা যায় তাৰ ফযলত বহুত সময়ত ৰাষ্ট্ৰই নিজাববীয়া সিদ্ধান্ত গ্ৰহণত ব্যৰ্থ হোৱা দেখা যায় । 

২০. বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিৰ তিনিটা প্ৰধান  দিশ কি কি ।

উত্তৰঃ  বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিৰ তিনিটা প্ৰধান দিশ হল 

ক) ৰাষ্ট্ৰৰ কাৰ্যৰ পৰিসৰ সংকীৰ্ণ হোৱা ।

খ) ৰাষ্ট্ৰই বজাৰভিত্তিক দৃষ্টিৰে আৰ্থ-সামাজিক কথাবোৰ বিবেচনা কৰিবলৈ আৰম্ভ কৰা ।

গ) বহুজাতিক কোম্পানীবোৰে বিচৰা অনুসৰি কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ একপ্ৰকাৰে বাধ্য হোৱা । 

২১. বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিৰ বিষয়ে লিখা ।

উত্তৰঃ  বিশ্বায়নৰ প্ৰভাৱ কেৱল অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশৰ ভিতৰতে আবদ্ধ হৈ থকা নাই আৰু নাথাকিবও । ইয়াৰ প্ৰভাৱ ব্যক্তিগত আৰু সামাজিক জীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত ভাষা-ধৰ্ম, শিল্প, কলা, পৰিয়ালৰ সুখ-শান্তি, কলা-সংকৃষ্টি আদি সমন্বিতে সমগ্ৰ সাংস্কৃতিক দিশ আৰু ধাৰণাৰ ওপৰলৈ বিয়পি পৰিবৰ উপক্ৰম  ঘটিছে । এনেস্থলত বিশ্বায়নৰ পৰিণতিত বিশ্বৰ বাৰেবৰণীয়া সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ শংকা ওপজে ।

বিশ্বায়নৰ ফলত হব পৰা সাংস্কৃতিক সমৰূপতাকে এনে শংকাৰ কাৰণ বুলি ভবাৰ থল আছে । চমুকৈ অধিক পৰিমাণে উপলব্ধি কৰাত সুবিধাৰ বাবে সাংস্কৃতিক দিশত সংঘটিত হব পৰা সমৰূপতাক সমমিশ্ৰকৰণ বুলি কব পাৰি । আনহাতে এনে সমৰূপতাক বিশ্বজনীন সাংস্কৃতিক উদ্ভৱ বুলিব নোৱাৰি । কিছুমানৰ মতে এনে সমৰূপতাক বিশ্বজনীন সংস্কৃতিৰ নামত আন দেশলৈ পশ্চিমীয়া সংস্কৃতিৰ আমদানি হোৱাৰ সম্ভাৱনাহে অধিক । উদাহৰণ হিচাপে বাৰ্গাৰ বা নীলা জিনছৰ অন্যদেশত জনপ্ৰিয়তাৰ আঁৰত আমেৰিকাৰ জীৱন-নিৰ্বাহ প্ৰণালীৰ প্ৰভাৱ চিনাক্ত কৰিব পৰা যায় ।

২২. পণ্ডিত জৱাহৰলাল নেহৰুৱে ব্যৱহাৰ কৰা কোটবিধ কি নামেৰে জনাজাত ।

উত্তৰঃ  পণ্ডিত জৱাহৰলাল নেহৰুৱে ব্যৱহাৰ কৰা কোটবিধ জৱাহৰ কোট নামেৰে জনাজাত ।

২৩. বিশ্বায়নৰ ভিত্তি বুলি কোনটো নীতিক কব পাৰি ।

উত্তৰঃ  বিশ্বায়নৰ ভিত্তি বুলি বসুন্ধৈৱ কুটুম্বকম’ নীতিক কব পাৰি ।

২৪. কিমান চনত ভাৰতবৰ্ষই অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছিল ।

উত্তৰঃ  ১৯৯১ চনত ভাৰতবৰ্ষই অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গেৰহণ কৰিবলগীয়া হৈছিল ।

২৫. বেহা-বেপাৰৰ নীতি হিচাপে কাক অতিশয়  নিৰাপদ বুলি কব নোৱাৰি ।

উত্তৰঃ  বেহা-বেপাৰৰ নীতি হিচাপে বাণিজ্যবাদক অতিশয় নিৰাপদ বুলি কব নোৱাৰি ।

২৬. বিশ্ব সামাজিক মহাসভাৰ প্ৰথম সভাখন কত বহিছিল ।

উত্তৰঃ  বিশ্ব সামাজিক মহাসভাৰ প্ৰথম সভাখন ব্ৰাজিলৰ পোৰ্টো এলেগাৰত বহিছিল ।

২৭. প্ৰথম বিশ্ব সামাজিক মহাসভা কিমান চনত হৈছিল ।

উত্তৰঃ  ২০০১ চনত প্ৰথম বিশ্ব সামাজিক মহাসভা হৈছিল । 

২৮. WSF ৰ সম্পূৰ্ণ নাম কি ।

উত্তৰঃ WSFৰ সম্পূৰ্ণ নাম হল World Social Forum. 

২৯. কিমান চনত ছিয়াটল চহৰত বিশ্ব সংস্থাৰ মন্ত্ৰী আৰু বিষয়া পৰ্যায়ৰ সভা হৈছিল ।

উত্তৰঃ ১৯৯৩ চনত ছিয়াটল চহৰত বিশ্ব সংস্থাৰ মন্ত্ৰী আৰু বিষয়া পৰ্যায়ৰ সভা হৈছিল ।

৩০. বিশ্বায়নৰ প্ৰতি প্ৰতিৰোধৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ  বিশ্বায়ন এটি বিবদমান বিষয় । বহুতো সমালোচক এই বিষয়টোৰ বিপক্ষে থিয় দিয়া আৰু আন বহুতে ইয়াৰ সমৰ্থনত যুক্তি আগবঢ়োৱা দেখা যায় । বিপক্ষে যুক্তি প্ৰদৰ্শনকাৰীসকলৰ ভিতৰত বাওপন্থী ৰাজনীতিকাৰীসকলৰ মতে সমসাময়িক বিশ্বায়নীক ৰণে ভূমণ্ডলীয় ধনতন্ত্ৰবাদৰ এটি বিশেষ স্তৰত প্ৰতিনিধিত্ব কৰিছে । এই স্তৰটোৰ বিশেষ বৈশিষ্ট্য হৈছে আঢ্যৱন্তসকল আগতকৈ অধিক পৰিমাণে আঢ্যৱন্ত হোৱা আৰু ক্ৰমাগতভাৱে সংখ্যাত তাকৰীয়া হোৱা আৰু বিপৰীতে দুখীয়াসকল আগৰ তুলনাত অধিক পৰিমাণে দুখীয়া হোৱাটো । দ্বিতীয়তে, সেইসকলৰ মতে ৰাষ্ট্ৰই দুখীয়াসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাত ব্যৰ্থ হবলগীয়াত পৰিছে ।

আনহাতে, ৰাজনৈতিক সোঁপন্থীসকলে বিশ্বায়নৰ ৰাজনৈতিক, অৰ্থনৈতিক, আৰু সাংস্কৃতিক পৰিণতিত উদ্বিগ্নতা প্ৰকাশ কৰিছে । তেওঁলোকৰ মতে ৰাজনৈতিক প্ৰেক্ষাপটত ৰাষ্ট্ৰৰ শক্তি হ্ৰাস পাইছে, অৰ্থনৈতিক দিশত ৰাষ্ট্ৰই বিশ্বায়নৰ সম্পূৰ্ণৰূপে উটি যাবলৈ নিজক এৰি নিদি অতিক্ৰমেও কেতবোৰ অৰ্থনৈতিক দিশত সংৰক্ষিত বাণিজ্যবাদ আৰু আত্মবিশ্বাসৰ পথলৈ ফিৰি অহা উচিত আৰু সাংস্কৃতিক বিষয়ত পৰম্পৰাগত সংস্কৃতিৰ ওপৰত আঘাত পৰাৰ ফলত জনসাধাৰণে পুৰণি মূল্যবোধ হেৰুৱাৰ উপক্ৰম হৈছে । 

৩১. চতুৰ্থ বিশ্ব সামাজিক মহাসভা কিমান চনত আৰু কত হৈছিল ।

উত্তৰঃ  চতুৰ্থ বিশ্ব সামাজিক মহাসভা ২০০৪ চনত ভাৰতৰ মুম্বাইত হৈছিল ।

৩২. সাম্প্ৰতিক কালত বিশ্বব্যাপী আৰু ভীষণভাৱে দ্ৰুততৰ কৰি তোলা দুবিধ সামগ্ৰী সেৱাৰ নাম কি ।

উত্তৰঃ  সাম্প্ৰতিক কালত বিশ্বব্যাপী আৰু ভীষণভাৱে দ্ৰুততৰ কৰি তোলা দুবিধ সামগ্ৰী সেৱাৰ নাম হল 

ক) টেলিগ্ৰাফ ।

খ) টেলিফোন ।

৩৩. বিশ্বায়নৰ দুটা অৰ্থনৈতিক উপাদানৰ নাম লিখা ।

উত্তৰঃ  বিশ্বায়নৰ দুটা অৰ্থনৈতিক উপাদানৰ নাম হল 

ক) বননি ।

খ) সাধাৰণ আৰু প্ৰশিক্ষিত শ্ৰমিক । 

৩৪. বিশ্বায়নক এটা বহুমাত্ৰাযুক্ত ধাৰণা বুলি কিয় কোৱা হয় ।

উত্তৰঃ  বিশ্বায়নক সম্পূৰ্ণৰূপে এটা অৰ্থনৈতিক ধাৰণা বুলি গণ্য কৰা দেখা যায় । কিন্তু সেই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ বুলিব নোৱাৰি । নিঃসন্দেহে কব পাৰি যে ভূমি, খনি, বননি, সাধাৰণ আৰু প্ৰশিক্ষিত শ্ৰমিক , মূলধন, বজাৰ, ঘৰুৱা আৰু আন্তৰ্জাতিক বাণিজ্য, উদ্যোগপতি আদি বিতৰণ, উপভোগ আদি অৰ্থনৈতিক উপাদানবোৰ বিশ্বায়নৰ সৈতে ওতপ্ৰোতভাৱে সাঙোৰ খাই আছে । সেই সত্ত্বেও ইয়াৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক মনস্তাত্ত্বিক আদি বিভিন্ন মাত্ৰাবোৰকো উলাই কৰিব নোৱাৰি । গতিকে বিশ্বায়নক এটা বহুমাত্ৰাযুক্ত ধাৰমা বুলি কব লাগিব বা কব পাৰি ।

৩৫. বামপন্থী ৰাজনৈতিক দলসমূহৰ আক্ৰমণৰ লক্ষ্য কি ।

উত্তৰঃ বামপন্থী ৰাজনৈতিক দলসমূহৰ আক্ৰমণৰ লক্ষ্য হল বিশ্বায়নৰ ভিত্তিস্বৰূপ অৰ্থনৈতিক উদাৰীকৰণ ।

৩৬. সাংস্কৃতিক সমমিশ্ৰকৰণ মানে কি ।

উত্তৰঃ  বিশ্বায়নৰ ফলত হব পৰা সাংস্কৃতিক সমৰূপতাকে এনে শংকাৰ কাৰণ বুলি ভবাৰ থল আছে । অধিক পৰিমাণে উপলব্ধি কৰাত সুবিধাৰ বাবে সাংস্কৃতিক দিশত সংঘটিত হব পৰা সমৰূপতাক সাংস্কৃতিক সমমিশ্ৰকৰণ বুলি কোৱা হয় ।

৩৭. বিশ্বায়নক কি বুলি কব পাৰি ।

উত্তৰঃ বিশ্বায়নক উদ্দীপনা যোগানধাৰী এটা কাৰক বুলি কব পাৰি ।

৩৮. কিমান চনত আৰু কত  বিশ্ব সামাজিক মহাসভাৰ সপ্তম সভখন হৈছিল ।

উত্তৰঃ ২০০৭ চনত কেনিয়াৰ নাইৰোবিত সপ্তম বিশ্ব সামাজিক মহাসভা অনুষ্ঠিত হৈছিল । 

৩৯. অৰ্থনৈতিক বিশ্বায়নক কি বুলি আখ্যা দিয়া হয় ।

উত্তৰঃ  অৰ্থনৈতিক বিশ্বায়নক পৃথিৱীৰ পুনৰ উপনিৱেশিকৰণ বুলি আখ্যা দিয়া হয় ।

৪০. সোঁপন্থী আৰু বাঁপন্থী ৰাজনৈতিক দলবোৰে কৰা বিৰোধিতাসমূহ কি কি ।

উত্তৰঃ  সোঁপন্থী আৰু বাওপন্থী ৰাজনৈতিক দলবোৰে কৰা বিৰোধিতাসমূহ হল 

ক) উদাৰীকৰণৰ জৰিয়তে বিদেশী মূলধন, উদ্যোগপতি, আৰু পণ্যৰ অনিয়ন্ত্ৰিত প্ৰৱেশৰ ফলত ভাৰতৰ অৰ্থনৈতিক অৱনতিৰ অনুমান কৰি ভয় কৰা দেখা গৈছিল । সেইবাবে কৃষি আৰু শিল্প শ্ৰমিকসকলে সমষ্টিগতভাৱে বহুজাতিক প্ৰতিষ্ঠানবোৰৰ প্ৰৱেশৰ বিৰোধিতা কৰে ।

খ) বিদেশী প্ৰতিষ্ঠানবোৰে বিচৰাধৰণে কোনো কোনোবিধ সামগ্ৰীৰ ওপৰত দিব খোজা পেটেন্ট বা এদনীয়া ব্যৱসায়স্বত্ত্বৰ বিনিময়ত শ্ৰমিক সংগঠনবোৰে ঘোৰ বিৰোধিতা কৰিছে । উদাহৰণস্বৰূপে, মহানিম বাচমতি চাউল আদিৰ ওপৰত আমেৰিকা আৰু ইউৰোপৰ প্ৰায়বোৰ প্ৰায়বোৰ ব্যৱসায় প্ৰতিষ্ঠানে পেটেন্ট লাভৰ বাবে চলোৱা প্ৰচেষ্টা প্ৰতিহত কৰিছিল ।