Class 9 Assamese Book Chapter 2 Short Answer | SEBA Class 9 Assamese Book Chapter 2 মানৱ বন্দনা Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

মানৱ বন্দনা

অধ্য়য়- ২

১) মানৱ বন্দনা কবিতাটোৰ লেখক কোন ?

উত্তৰঃ মানৱ বন্দনাৰ কবিতাটোৰ লেখক হ’ল- চন্দ্ৰকুমাৰ আগৰৱালা । 

২) মানৱ বন্দনাৰ কবিতাটোৰ উদ্দেশ্য় কি ?

উত্তৰঃ মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য় ।

৩) পৰাৎপৰা বোলা কথাষাৰৰ অৰ্থ কি ?

উত্তৰঃ শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ বা পৰম সত্য় ।

৪) ময়াপী শব্দৰ অৰ্থ কি  ? 

উত্তৰঃ মায়া বা মোহ বা ভ্ৰান্তি উপজোৱা জীৱ । 

৫) চন্দ্ৰকুমাৰ আগৰৱালাৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ ১৮৬৭ চনত জন্ম হৈছিল ।

৬) চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি ?

উত্তৰঃ ৰোমান্টিক যুগৰ কবি ।

৭) চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি কেইখন ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি দুখন ।

৮) চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি দুখনৰ নাম লিখা ।

উত্তৰঃচন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি দুখনৰ নাম হ’ল- ‘প্ৰতিমা’আৰু ‘বীণ ব’ৰাগী’ । 

৯) চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩৮ চনত ।

১০) পাদ্য় শব্দৰ অৰ্থ কি ?

উত্তৰঃ পাদ্য় শব্দৰ অৰ্থ হ’ল -ভৰি ধুবলৈ দিয়া পানী । 

Type By- Mandira Saha  

Post ID: DABP004829