Class 9 Geography Chapter 1 Short Answer ভূ-পৃষ্ঠৰ পৰিৱৰ্তন | চমু প্ৰশ্ন উত্তৰ |

 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

Chapter – 1

২/ পৃথিৱীত কিমান শতাংশ স্থলভাগে আগুৰি আছে ?

উত্তৰঃ পৃথিৱীত ২৯% স্থলভাগে আগুৰি আছে।

1/ পৃথিৱীত কিমান শতাংশ পানিৰে আগুৰি আছে ?

উত্তৰঃ পৃথিৱীত ৭১% পানিৰে আগুৰি আছে ।

৩/ আভ্য়ন্তৰীণ দুটা কাৰকৰ নাম লিখা ?

উত্তৰঃ আভ্য়ন্তৰীণ দুটা কাৰকৰ নাম হ’ল ভূমিকম্প আৰু আগ্নেয়।

৪/ বাহ্য়িক কাৰক বোৰ লিখা ?

উত্তৰঃ বাহ্য়িক কাৰক বোৰ হ’ল সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, আদি। 

৬/ বাহ্য়িক কাৰকৰ উৎস কি ?

উত্তৰঃবাহ্য়িক কাৰকৰ উৎস হ’ল সূৰ্য আৰু বায়ুমণ্ডল।

৫/ পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলকবোৰ গতিশীল হোৱাৰ কাৰণেই প্ৰধানকৈ কি সৃষ্টি হয়?

উত্তৰঃ পৃথীৱীৰ খোলাটো গঠিত হৱা ফলকবোৰ গতিশীল হোৱাৰ কাৰণেই প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়।

৭/ নদীৰ কাৰ্যক সাধাৰণতে কেইটা ভাগত ভাগ কৰিব পাৰি আৰু সেই ভাগ কেইটা কি কি ?

উত্তৰঃ নদীৰ কাৰ্যক সাধাৰণতে তিনিটা ভাগত ভাগ কৰিব পাৰি আৰু সেই কেইটা ভাগ হ’ল (ক) খনন বা ক্ষয় কাৰ্য, (খ) পৰিবহণ আৰু (গ) অৱক্ষেপণ বা জমাকৰণ কাৰ্য।

৯/ অশ্বখুৰা হ্ৰদ দেখিবলৈ কেনেকুৱা? 

উত্তৰঃ অশ্বখুৰা হ্ৰদ দেখিবলৈ ঘোঁৰাৰ খুৰা দৰে। 

৮/ পানীৰ খনন শক্তি কেতিয়া বাঢ়ে ?

উত্তৰঃপ্ৰধান কৈ বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ যায় তেতিয়া স্বাভাৱিকতে পানীৰ খনন শক্তি বাঢ়ে।

১০/ নদীয়ে সাধাৰণতে কি ধৰণে গেদ কঢ়িয়ায়

উত্তৰঃ নদীয়ে সাধাৰণতে তিনি ধৰনে গেদ কঢ়িয়া।

১১/ নৈৰ বুকুৰ বোজা বুলি কাক কোৱা হয় ?

উত্তৰঃ আকাৰত কিছু ডাঙৰ পদাৰ্থবোৰ নদীৰ সোঁতে গতিপথেদি  বগৰাই বগৰাই নামনিলৈ কঢ়িয়াই নিয়ে। এনে পদাৰ্থবোৰক নৈৰ বুকুৰ বোজা বুলিও কোৱা হয়।

১২/ অৱক্ষেপজনিত অৱয়বৰ কোন বোৰ প্ৰধান লিখা ?

উত্তৰঃ অৱক্ষেপজনিত অৱয়বৰ ভিতৰত বালিচৰ, প্লাৱনভূমি, প্ৰাকৃতিক বান্ধ বা প্ৰাকৃতিক মথাউৰি আৰু ব-দ্বীপেই প্ৰধান ।

১৪/ প্লাৱন ভূমি কাক বোলা হয় ?

উত্তৰঃ যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱন ভূমি বোলা হয়।

১৫/  দীপৰ সৃষ্টি কেনেকৈ হয়।

উত্তৰঃ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য’ত নৈ গৈ পৰে, তাতেই নৈয়ে কঢ়িয়াই অহা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। 

১৩/ নদীৰ উচ্চগতি অংশত কি কাৰ্য চলে ?

উত্তৰঃ নদীৰ উচ্চগতি অংশত খনন কাৰ্য চলে।

১৬/ মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পৰা কাৰন কি ? 

উত্তৰঃ মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ বাবে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে।

১৭/ বালিয়াৰি বুলিলে কি বুজা ? 

উত্তৰঃ অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয়, তাত মৰু পৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল’ব পাৰে। এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰি বুলি কোৱা হয়।  

১৮/ অপঘৰ্ষণ কাক বোলে ? 

উত্তৰঃ বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চ ভূমিৰ ক্ষয়সাধন কৰে। ঘৰ্ষণৰ যোগেদি ঘটা এনে ক্ষয় প্ৰক্ৰিয়াক অপঘৰ্ষণ বোলা হয়।

১৯/ হিমবাহ বুলি কাক কোৱা হয় ?

উত্তৰঃ জমা হৈ থকা বৰফবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয়। 

২০/ হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ হিমবাহ প্ৰধানকৈ দুই প্ৰকাৰৰ (ক) মহাদেশীয় হিমবাহ আৰু (খ) পাৰ্বত্য় বা উপত্য়কা হিমবাহ। 

২১/ বেছিভাগ হিমবাহৰ গতিবেগ দিনটোৰ ভিতৰত কিমান মিটাৰতকৈ কম ? 

উত্তৰঃ বেছিভাগ হিমবাহৰ গতিবেগ দিনটাৰ ভিতৰত ১মিটাৰতকৈ কম। 

২২/ পাৰ্বত্য় বা উপত্য়কা হিমবাহবোৰ প্ৰধানকৈ কোন কোন অঞ্চলত দেখা যায় ? 

উত্তৰঃ পাৰ্বত্য় বা উপত্য়কা হিমবাহবোৰ প্ৰধানকৈ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰ’কি আৰু এছিয়াৰ হিমালয় অঞ্চলত দেখা যায়। 

২৩/ গ্ৰাব কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ গ্ৰাব চাৰি প্ৰকাৰৰ আৰু সেই কেইটা হ’ল (ক) পাৰ্শ্বগ্ৰাব,  (খ) ভূমিগ্ৰাব, (গ) মধ্য়গ্ৰাব আৰু  (ঘ) প্ৰান্তগ্ৰাব। 

২৪/ পাৰ্শ্বগ্ৰাব বুলিলে কি বুজা ?

উত্তৰঃ হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্ৰাবক পাৰ্শ্বগ্ৰব বুলি কোৱা হয়। 

২৫/ ভূমিগ্ৰাব কাক বুলে ? 

উত্তৰঃ হিমবাহ উপত্য়কাৰ তলিয়েদিও গ্ৰাব বৈ আহে। এনে গ্ৰাবক ভূমিগ্ৰাব বোলা হয়। 

২৬/ মধ্য়গ্ৰাব কাক বুলে ?

উত্তৰঃ কোনো বিশেষ ঠাইত দুফালৰপৰা অহা দুটা বিমবাহ লগ হ’ব পাৰে। তেনে অৱস্থাত দুয়োটা হিমবাহৰে পাৰ্শ্বগ্ৰাব মিলিত হৈ ডাঙৰ হিমবাহটোৰ মাজেৰে বাহিত হ’বলৈ ধৰে। এনেধৰণৰ গ্ৰাবক মধ্য়গ্ৰাব বোলা হয়।

২৭/ অৱক্ষেপণজনিত অৱয়বোৰ কি কি ? 

উত্তৰঃ অৱক্ষেপণজনিত অৱয়বোৰ হ’ল দ্ৰামলিন, এস্কাৰ, আৰু কেম। 

২৮/ মহাদেশ আৰু মহাসাগৰবোৰৰ সংযোগ স্থল কেনে ধৰনৰ ?

উত্তৰঃ মহাদেশ আৰু মহাসাগৰবোৰৰ সংযোগ স্থল এডাল একা-বেঁকা দীঘল ৰেখাৰ দৰে। 

২৯/ পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য় কিমান ?

উত্তৰঃ পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য় হ’ল ০.৫ নিযুত কিলোমিটাৰ। 

৩০/ সমুদ্ৰগৰা কাক বুলে ? 

উত্তৰঃ উপকূলভাগ গ্ৰেনাইট, বেছল্ট আদিৰ দৰে কঠিন শিলাৰদ্বাৰা গঠিত হ’লে সাগৰৰ ঢৌৱে তাত ক্ৰিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। এনে থিয় গৰাক সমুদ্ৰগৰা বুলি কোৱা হয়। 

৩১/ বালিয়াতট কাক বুলে ?

উত্তৰঃ প্ৰধানকৈ বালি জমা হৈ সৃষ্টি বোৱা কিছু ঢালযুক্ত এনে অৱয়বক বালিয়াতট বোলা হয়। 

৩২/ কিমান চনত জাপানত প্ৰলয়ংকৰী ছুনামি হৈছিল ?

উত্তৰঃ ২০১১ চনত জাপানত প্ৰলয়ংকৰী ছুনামি হৈছিল। 

৩৩/ চানডুবি বিল কিমান চনত সৃষ্টি হৈছিল ?

উত্তৰঃ চানডুবি বিল ১৮৯৭ চনত সৃষ্টি হৈছিল। 

৩৪/ অসমত কিমান চনত প্ৰলংকৰি ভূমিকম্পৰ সৃষ্টি হৈছিল ?

উত্তৰঃ অসমত ১৯৫০ চনত প্ৰলংকৰি ভূমিকম্প সৃষ্টি হৈছিল।  

৩৫/ ইন্ছেলবাৰ্গৰ অৰ্থ কি ? 

উত্তৰঃজাৰ্মান শব্দ ‘ইন্ছেলবাৰ্গ’ৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত। 

Type By- Subhas Nath

Post ID: DABP005118