SEBA Class 11 Geography Chapter 3 পৃথিৱীৰ অন্তৰভাগ Short Answer | চমু প্ৰশ্ন উত্তৰ |

 Chapter-3  

পৃথিৱীৰ অন্তৰভাগ 

১০। ভূমিকম্পৰ ঢৌ জোখা যন্ত্ৰটোৰ নাম কি ?

উত্তৰঃ ভূমিকম্পৰ ঢৌ জোখা যন্ত্ৰটোৰ নাম – ছিছম’গ্ৰাফ । 

২। পৃথিৱীৰ বিষয়ে জানিবলৈ পোৱা পদাৰ্থ বোৰ কি কি ?

উত্তৰঃ পৃথিৱীৰ বিষয়ে জানিবলৈ পোৱা পদাৰ্থ বোৰ – পৃষ্ঠশিলা আৰু খনিৰ পৰা পোৱা শিলাবোৰ। 

৩। দক্ষিণ আফ্ৰিকাত থকা সোণৰ খনিবোৰ কিমান কিলোমিটাৰ গভীৰ ?

উত্তৰঃ দক্ষিণ আফ্ৰিকাত থকা সোণৰ খনিবোৰ ৩ – ৪ কিলোমিটাৰ গভীৰ।

৪। পৃথিৱীৰ বৈজ্ঞানিকসকলে কি কি দুটা মূখ্য় আঁচনিৰ অধীনত কাম কৰি আছে ?

উত্তৰঃ ‘গভীৰ সাগৰ বিন্ধ্য়াকৰণ আঁচনি ‘ ( Deep Ocean Drilling Project ) আৰু ‘একত্ৰিত সাগৰ বিন্ধ্য়াকৰণ আঁচনি ‘( Integrated Ocean Drilling Project ) . 

৫। ভূমিকম্প মানে কি ? 

উত্তৰঃ ভূমিকম্প মানে হ’ল -পৃথিৱীৰ কপি উঠা কাৰ্য। এইটো এটা প্রাকৃতিক ঘটনা। পৃথিৱীৰ অন্তৰভাগত সঞ্চিত হৈ থকা শক্তি মুকলি হৈ ওলাই আহিলে ঢৌৰ সৃষ্টি হয় আৰু এই ঢৌ সকলো দিশতে গতি কৰে ।

৬। উপকেন্দ্ৰ কাক বোলে ?

উত্তৰঃ কেন্দ্ৰৰ পোনে পোনে বা ঠিক ওপৰত পৃথিৱী পৃষ্ঠত থকা বিন্দুটোক উপকেন্দ্র বা অধিকেন্দ্ৰ বোলে।

১। পৃথিৱীৰ ব্য়াসাৰ্ধ কিমান কিলোমিটাৰ ?

উত্তৰঃ পৃথিৱীৰ ব্য়াসাৰ্ধ হ’ল- ৬৩৭০ । 

৭। ভূমিকম্পৰ কেন্দ্ৰ কাক বোলে ? 

উত্তৰঃ  যি বিন্দুত শক্তিৰ এৰণ বা মুক্তি ঘটে তাকে ভূমিকম্পৰ কেন্দ্র বোলা হয়।

৮। পৰোক্ষ উৎসবোৰ কি কি ?

উত্তৰঃ পৰোক্ষ উৎসবোৰ হ’ল- মাধ্য়াকৰ্ষণ বল , চুম্বকীয় পথাৰ আৰু ভূমিকম্পৰ কাৰ্য়্য় । 

৯। ভূমিকম্পৰ ফলত পৃথিৱী  কিয় কপি উঠে ?

উত্তৰঃ শক্তিৰ মুক্তি সংঘটিত হয় সদায় চ্যুতিৰ মাজেৰে। চ্যুতি মানে হ’ল, শিলাস্তৰত থকা তিক্ষ্ণ ভাঙোন। চ্যুতিৰ ফলত দুয়োকাষৰ শিলাস্তৰ বিপৰীত দিশত লৰচৰ কৰে । ওপৰৰ স্তৰৰ হেঁচাৰ ফলত বহু সময়ৰ কাৰণে ধৰি ৰাখিব নোৱাৰে । ফলত ঘর্ষণে সিহঁতক এক কৰি ৰাখে। হ’লেও সিহঁতৰ আঁতৰি যোৱা ইচ্ছাক ঘৰ্ষণে শিলাস্তৰত ফাট মেলে আৰু ইটো স্তৰ সিটো স্তৰৰ পৰা পিছলি যায় । ইয়াৰ ফলত শক্তি মুক্ত হৈ পৰে আৰু শক্তিটো সকলোদিশতে গমন কৰে । যি বিন্দুত শক্তিৰ এৰণ বা মুক্তি ঘটে তাকে ভূমিকম্পৰ কেন্দ্র বোলা হয়। কেন্দ্ৰৰ পোনে পোনে বা ঠিক ওপৰত পৃথিৱী পৃষ্ঠত থকা বিন্দুটোক উপকেন্দ্র বা অধিকেন্দ্ৰ বোলে। ভূমিকম্পৰ ঢৌ প্ৰথমতে ইয়াতেই অনুভূত হয়।

১৯। মহাসাগৰীয় খোলাৰ গড় ঘনত্ব কিমান ?

উত্তৰঃ মহাসাগৰীয় খোলাৰ গড় ঘনত্ব হ’ল ২.৭ g/cm3 ।

১১। লিথোস্ফিয়েৰ স্তৰটো ভূ – পৃষ্ঠৰ পৰা কিমান গভীৰত আছে ?

উত্তৰঃ লিথোস্ফিয়েৰ স্তৰটো ভূ – পৃষ্ঠৰ পৰা ২০০ কিঃমিঃ গভীৰত আছে ।

১২।ভূমিকম্পৰ প্ৰকাৰবোৰ লিখা। 

উত্তৰঃ ভূমিকম্পৰ প্ৰকাৰ  –(i) সাধাৰণতে হোৱা ভূমিকম্পবোৰ ভূ-তাত্ত্বিক (tec tonic) কাৰণত হয়। চ্যুতিতলত শিলাস্তৰ পিচলি গৈ এনে ভূমিকম্পৰ সৃষ্টি কৰে ৷

(ii) আন এক ধৰণৰ ভূ-তাত্ত্বিক ভূমিকম্পক জ্বালামুখী ভূমিকম্প (volcanic earthquake) বোলে। এনে ভূমিকম্প অকল আগ্নেয়গিৰি থকা অঞ্চলতহে আবদ্ধ থাকে।

(iii) খনিৰ কাম চলি থকা অঞ্চলত কেতিয়াবা কেতিয়াবা ওপৰৰ মাটি খহি পৰি সৰু জোকাৰণিৰ সৃষ্টি কৰে ৷ এনে কম্পনক ভূ-স্খলন ভূমিকম্প বোলে।

১৩।পৃথিৱীৰ অন্তৰভাগৰ চিত্ৰটো অংকন কৰা ?

উত্তৰঃ 

১৫। ৰিখটাৰ মাপনী আৰু মাৰকালি মাপনী কি ?

উত্তৰঃ ৰিখটাৰ মাপনী (Richter Scale) আৰু আনবিধক কোৱা হয় মাৰকালি মাপনী (Mercalli Scale)। দুয়োটা নাম, আৱিষ্কাৰক বৈজ্ঞানিক দুজনৰ নামেৰে ৰখা হৈছে। ৰিখটাৰ মাপনী নিৰ্ধাৰণ কৰা হৈছে ভূমিকম্পত সৃষ্টি হোৱা শক্তিৰ প্রাবল্যৰ ওপৰত আৰু ইয়াক ১ৰ পৰা ১০ লৈ সংখ্যাৰে বুজোৱা হয় ৷ আনহাতে মাৰকালি মাপনী নিৰ্ভৰ কৰে দৃশ্যমান ক্ষয়ক্ষতিৰ ওপৰত। এই মাপনী ১ৰ পৰা ১২ সংখ্যালৈ বুজোৱা হয় ৷

১৬। ভূমিকম্প তাৎক্ষণিক বিপদজনক ফলবোৰ লিখা ?

উত্তৰঃ ভূমিকম্প তাৎক্ষণিক বিপদজনক ফলবোৰ হ’ল –

(i) ভূমি ভাগ কপি উঠা ।

(ii) ভূমিভাগ উঠা-বহা হোৱা (differential ground settlement).

(iii) ভূমি আৰু বোকা স্খলন ।

(iv) মাটি পনীয়াকৰণ (liquefaction).

(v) ভূমি ঠাইতে কাতি হোৱা (lurching).

 (vi) হিমানী সম্প্রপাত (avalanches).

 (vii) ভূমি বিতাৰণ (displacement).

 (viii)নদীৰ বান্ধ বা প্রাকৃতিক মথাউৰি (levee) ভাঙি হোৱা বানপানী 

 (ix) জুই জ্বলা ।

(x) ছুনামি হোৱা । 

১৭। ভূমিকম্পৰ ফলত সৃস্টি হোৱা ভয়ানক সাগৰীয় ঢ়ৌক কি বুলি কোৱা হয় ?

উত্তৰঃ ভূমিকম্পৰ ফলত সৃস্টি হোৱা ভয়ানক সাগৰীয় ঢ়ৌক ছুনামি বুলি কোৱা হয়।

১৮। পৃথিৱীৰ খোলা কি ? ( চমুকৈ লিখা )

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ ডাঠ অংশটোকে পৃথিৱীৰ খোলা বুলি (crust) জনা যায়। এই অংশটো বৰ ঠুনুকা । ইয়াৰ ঘনত্ব (ডাঠ) মহাদেশ আৰু মহাসাগৰত বেলেগ বেলেগ। মহাদেশীয় খোলাতকৈ মহাসাগৰীয় খোলা বেছি পাতল। মহাসাগৰীয় খোলা গড়ে ৫ কিলোমিটাৰ ডাঠ । আনহাতেদি মহাদেশীয় খোলা গড়ে প্রায় ৩০ কিঃমিঃ ডাঠ । মহাদেশৰ যিবোৰ ঠাইত ওখ ওখ পৰ্বত আছে, তাত আকৌ ডাঠৰ পৰিমাণ বেছি দেখা যায়। হিমালয় পার্বত্য অঞ্চলত পৃথিৱীৰ খোলা ৭০ কিঃমিঃ ডাঠ।এইবোৰ অধিক ঘনত্ব থকা শিলেৰে গঠিত। ইয়াৰ ৩ g/cm। এনে অধিক ঘনত্বৰ শিলবোৰ মহাসাগৰীয় খোলাত পোৱা যায় আৰু তাক বেচল্ট শিল বোলে। মহাসাগৰীয় খোলাৰ গড় ঘনত্ব হ’ল ২.৭ g/cm3 ।

২৫। এছথেনোচস্ফিয়েৰৰ তলৰ অংশক কি বোলে ?

উত্তৰঃ এছথেনোচস্ফিয়েৰৰ তলৰ অংশক নিম্ন মেন্টল বোলে ।

২০। আগ্নেয় ভূ – অৱয়বৰ চিত্ৰ অংকন কৰা ।

উত্তৰঃ


২১। পৃথিৱী খোলাৰ তলৰ স্তৰটোৰ নাম কি ?

উত্তৰঃ পৃথিৱী খোলাৰ তলৰ স্তৰটোৰ নাম – মেন্টল ।

২২। মেন্টলৰ দুৰ্বল স্তৰটোৰ নাম কি ?

উত্তৰঃ মেন্টলৰ দুৰ্বল স্তৰটোৰ নামএছথেনোচস্ফিয়েৰ ।

২৩। খোলাৰ তলৰ স্তৰটোৰ নাম কি ?

উত্তৰঃ খোলাৰ তলৰ স্তৰটোৰ নাম হ’ল – মধ্য়ম স্তৰ বা মেণ্টল স্তৰ ।

২৪। এছথেনো শব্দৰ অৰ্থ কি ?

উত্তৰঃ এছথেনো শব্দৰ অৰ্থ – দুৰ্বল ।

৩২। ডাইক কাক বোলে ?

উত্তৰঃ লাভাবোৰে কেতিয়াবা কেতিয়াবা খোলাৰ স্তৰবোৰত থকা ল উলম্বিক ফাটবোৰৰ মাজেৰে সোমাই আহি টান মাৰে হ আৰু বেৰৰ দৰে থিয় হৈ থাকে। এনেকুৱা গঠনবোৰক ডাইক বোলে। পশ্চিম মহাৰাষ্ট্ৰত সাধাৰণতে এনেকুৱা শিলা দেখা যায়।

২৬। মেণ্টল স্তৰৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ খোলাৰ তলৰ স্তৰটোৰ নাম মধ্যম স্তৰ বা মেণ্টল স্তৰ। এই স্তৰটো ম’হো ৰেখাৰ পৰা (Moho’s discontinuity) ২৯০০ কিঃমিঃ পৰ্য্যন্ত তললৈ আছে। মেণ্টল স্তৰৰ ওপৰৰ অংশক এছথেনোচস্ফেয়াৰ (asthenosphere) বোলে। এছথেনো (astheno) শব্দৰ অৰ্থ হ’ল দুৰ্বল। এই স্তৰটো ৪০০ কিঃমিঃ ডাঠ। ইয়াতেই মেগমাবোৰ জমা হৈ থাকে আৰু আগ্নেয়গিৰি উদ্‌গীৰণ হ’লে এইবোৰ ওপৰলৈ ওলাহ আহে ৷ ইয়াৰ ঘনত্ব খোলা অংশতকৈ বেছি (3.8g/cm3)। পৃথিৱীৰ খোলা আৰু মেণ্টলৰ উপৰিভাগক লগ লগাই একেলগে লিথোস্ফিয়েৰ (lithosphere) বোলা হয়। ই ১০ ৰ পৰা ২০০ কিঃমিঃ ডাঠ। এছথেনোস্ফিয়েৰৰ তলৰ অংশক নিম্ন মেণ্টল বোলে। ইয়ো গোটা অৱস্থাত আছে।

২৭। মেণ্টল স্তৰটো ম’হো ৰেখাৰ পৰা কিমান তললৈ আছে ?

উত্তৰঃ ২৯০০ কিঃমিঃ পৰ্য্যন্ত তললৈ আছে।

২৮। আগ্নেয়গিৰি উদ্‌গীৰণৰ সময়ত ওলাই অহা বস্তুবোৰ নাম লিখা ?

উত্তৰঃ আগ্নেয়গিৰি উদ্‌গীৰণৰ সময়ত ওলাই অহা বস্তুবোৰ নাম হ’ল লাভা, পাইৰোক্লাচটিক টুকুৰা (pyraclastic debris), আগ্নেয় বোম (volcanic bombs), ছাই, ধূলি আৰু বহুবিধ গেচীয় পদার্থ যেনে নাইট্ৰ’জেন কম্পাউণ্ড, ছালফাৰ কম্পাউণ্ড আৰু কম পৰিমাণে ক্লোৰেণ (chlorene), হাইড্ৰজেন, আগন আদি ৷

২৯। কালডেৰা কাক বোলে ?

উত্তৰঃ আগ্নেয়গিৰি ইমান জোৰে বিস্ফোৰিত হয় যে ই ওখ স্থান নিৰ্মান কৰি পেলায়। বিস্ফোৰণৰ ফলত আগ্নেয়গিৰিৰ মুখত প্ৰকাণ্ড গাঁতৰ সৃস্টি হয় আৰু তাকে কাৰডেৰা বোলে ।

৩০। বেথোলিথ কাক বোলে ?

উত্তৰঃকেতিয়াবা কেতিয়াবা মেগমাবোৰে বাহিৰলৈ ওলাই আহিবলৈ অপাৰগ হৈ খোলাৰ কিছু গভীৰতাত প্ৰকাণ্ড ডোম (dome) আকৃতি ধাৰণ কৰি শীতল হৈ টান শিলত – পৰিণত হয়। ইয়াকে বেথোলিথ বোলে।

৩১। ফেকোলিথ কাক বোলা ?

উত্তৰঃ ভাজবিশিষ্ট পৰ্বতৰ নিম্নভাজ বাৰ বা উচ্চভাজত সোমাই পৰি যদি ই টৌবিশিষ্ট (wave লৈ shape) আকৃতি গ্ৰহণ কৰে তেতিয়া তাক ফেকোলিথ (phacolith) বোলা হয়।

 ১৪। ভূমিকম্পৰ প্ৰবল্য় কেনেধৰনে জোখা হয় ?

উত্তৰঃ ভূমিকম্পৰ প্রাবল্য দুই ধৰণে জোখা হয়। এবিধক কোৱা হয় ৰিখটাৰ মাপনী (Richter Scale) আৰু আনবিধক কোৱা হয় মাৰকালি মাপনী (Mercalli Scale)।

Post Id: DABP003412
prabal konwar