Class 12 Assamese Chapter 1 Short Question Answer | Class 12 ASSAMESE Chapter 1 মোৰ মাতৃমুখ দৰ্শন Short Answer |

(১) লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত জন্ম গ্রহণ কৰিছিল ?

উত্তৰ ঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৮৬৪ চনত জন্ম গ্রহণ কৰিছিল।

(২) লক্ষ্মীনাথ বেজবৰুৱাই কোন স্থানত জন্ম গ্রহণ কৰিছিল ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই অবিভক্ত নগাওঁ জিলাৰ আঁহতগুৰিত জন্ম গ্ৰহণ কৰিছিল ।

(৩) লক্ষ্মীনাথ কাক বিয়া কৰাইছিল ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই ৰংগ দেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰা সুন্দৰীক বিয়া কৰাইছিল।

(৪) লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল।

(৫) লক্ষ্মীনাথ বেজবৰুৱাই উৰিষ্যাত কোন কোম্পানীত চাকৰি কৰিছিল ?

উত্তৰ : বার্ড কোম্পানীত।

(৬) অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ধল বোৱাই অনা • আলোচনীখনৰ নাম কি আছিল ?

উত্তৰ : অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ধল বোৱাই অনা আলোচনীখন আছিল ‘জোনাকী’।

(৭) বেজবৰুৱাৰ ধেমেলীয়া নাটক ‘লিতিকাই’ কোনখন আলোচনীত প্ৰকাশ পাইছিল ?

উত্তৰ : বেজবৰুৱাৰ ‘লিতিকাই’ নামৰ ধেমেলীয়া ‘নাটক’খন জোনাকী’ আলোচনীত প্ৰকাশ পাইছিল।

(৮) লক্ষ্মীনাথ বেজবৰুৱাই কাৰ লগত কাঠৰ ব্যৱসায় কৰিছিল ?

উত্তৰ : ভোলানাথ বৰুৱাৰ লগত ।

৯। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰ : ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটি ড° নগেন শ‍ইকীয়া সম্পাদিত ‘বেজবৰুৱা ৰচনাৱলী’ (প্ৰথম খণ্ড) ৰ পৰা সংগ্ৰহ কৰা হৈছে।

১০। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ?

উত্তৰ ঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত।

১১। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক’ৰ পৰা কলৈ যাত্ৰা কৰিছিল ?

উত্তৰঃ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা কৰিছিল।

১২। ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বল পুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল ?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ -সহধর্মিণী প্ৰজ্ঞা সুন্দৰী আৰু সিহঁতৰ সৰু কন্যাজনী।

১৩। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটক হ’ল ‘চিক্ৰপতি-নিকৰ পতি’।

(খ) চমু প্ৰশ্ন

১। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল ?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীত উপস্থিত হোৱাৰ দিনাখন সন্ধিয়া কটন কলেজৰ পুত্ৰসকলে সভা পাতি তেওঁক অভিনন্দন জনাইছিল। বেজবৰুৱাক পাই ছাত্ৰসকল বৰ উৎফুল্লিত হৈ বহুতো ছাত্ৰই সভাখনত শুৱলাকৈ ইংৰাজী, আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল। জনচেৰেকে সুললিত কন্ঠেৰে সংগীত গাইছিল। কিছুমানে ওজাপালি হৈ সুন্দৰ অংগী-ভংগীৰে হাস্যৰসপূর্ণ বিয়াহ গাই লেখকক আনন্দ দিছিল।

২। মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা *মাজিউ’ আৰু জ্ঞান’ কোন আছিল ?

উত্তৰঃ মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মতে ‘মাজিউ’ আছিল সুকবি আৰু সুবিখ্যাত চাহ খেতিয়ক চন্দ্ৰকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আৰ্ল ল কলেজৰ অধ্যক্ষ মিষ্টাৰ জে. বৰুৱা ।

৩। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ হ’লঃ (ক) গুৱাহাটীৰ প্ৰাকৃতি সৌন্দর্য। (খ) ঐতিহাসিক উৎকৰ্ষ আৰু (গ) প্রাচীন জ্ঞান গৰিমা ।

৪। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰ : ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লিখক লক্ষ্মীনাথ বেজবৰুৱাই প্ৰায় ডেৰ-দুকুৰি বছৰ পিছত উৰিষ্যাৰ ‘ সম্বলপুৰৰ পৰা অসমলৈ উভতি অহাৰ বৰ্ণনা দাঙি ধৰিছে। বহু বছৰৰ মূৰত ঐতিহ্যমণ্ডিত নিজৰ মাতৃভূমি অসমখনক দৰ্শন কৰি আৰু আত্মীয়-স্বজনক লগ পাই প্রশান্তি লাভ কৰিছে। প্ৰৱন্ধখনত বেজবৰুৱাই মাতৃভূমি দৰ্শনৰ অভিজ্ঞতা অতি সুন্দৰ আৰু নিখুত ভাৱে অংকন কৰিছে। সেয়ে পাঠটিৰ বিষয়-বস্তুৰ লগত ইয়াৰ নামকৰণ সঠিক আৰু তাৎপর্যপূর্ণ হৈছে।

৫। ‘মোৰ মাতৃমুখ দর্শন’শীর্ষটিত মাতৃ— শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল ?

উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীর্ষক পাঠটিত ‘মাতৃ’ শব্দটিৰ দ্বাৰা লেখকে তেওঁৰ জন্মভূমি ‘অসম’ক বুজাইছে। কর্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰ-দুকুৰি বছৰ পাছত ‘মাতৃমুখ’ দৰ্শন হৈছিল।

(গ) দীঘল প্রশ্ন

১। ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল।’ ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা।

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটী পোৱাৰ পিছদিনাখন ডিবৰুগড়লৈ বুলি যাত্ৰা আৰম্ভ কৰি ২৪ ছেপ্তেম্বৰৰ দিনাখন ডিব্ৰুগড়ত উপস্থিত হয়। কেবা গৰাকী আপোন মানুহে লেখকক ষ্টেচনৰ পৰা আদৰি নিয়ে। ডিব্ৰুগড় চহৰৰ প্ৰগতি দেখি লেখক আনন্দিত হৈ পৰে।

প্ৰথমতে, তেওঁ লক্ষ্য কৰে যে ডিব্ৰুগড়ৰ তিৰোতাসকল শিক্ষিত হৈছে। ৰাজহুৱা কাম-কাজতো সিহঁত আগৰণুৱা। তেওঁলোকে বোৱা-কটাও শিকিছে। বহু বছৰৰ মূৰত মহিলাসকলে লেখকক ওচৰত পাই সভা পাতি অভিনন্দন জনালে।

দ্বিতীয়তে, লেখকে লক্ষ্য কৰে যে ডিব্ৰুগড়ৰ ডেকাসকলে নাট-চৰ্চা কৰে। তেওঁলোকে চহৰৰ ৰংগশালত গীত-মাত, নাটক আদি পৰিবেশন কৰে। মঞ্চত অসমীয়া মৌলিক নাটৰ উপৰিও অনূদিত নাটকো অভিনীত হয় ।

তৃতীয়তে, লেখকে লক্ষ্য কৰে যে ডিব্ৰুগড়ৰ কেইজনো ব্যক্তি পেইন্টিং আৰু ফটোগ্রফীতো কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে। লিখকে বিশেষকৈ মুক্তানাথ বৰদলৈৰ কৃতিত্বৰ বিষয়ে উল্লেখ কৰিছে।

চতুর্থতে, সাজ-সজ্জা, চিত্রপট, ভাবপূর্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত ডিব্ৰুগড়ৰৰ ডেকাসকল আগিবাঢ়ি যোৱা লিখকৰ দৃষ্টি গোচৰ হৈছিল ।

ডিব্ৰুগড়ত এনেবোৰ কথাই লিখক বেজবৰুৱাক সন্তোষ দিছিল।

২। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত, বুজাই লিখা।

উত্তৰ : লিখক বেজবৰুৱাই ডিব্ৰুগড়লৈ গৈ সেই ঠাইৰ ডেকাসকলৰ সংস্কৃতি প্রীতি দেখি অভিভূত হৈছিল। তেওঁ লক্ষ্য কৰিছিল যে ডেকাসকলে নাট চৰ্চা কৰে। তেওঁলোকে চহৰৰ ৰংগশালাত গীত-মাত, নাটক আদি পৰিবেশন কৰে। মঞ্চত মৌলিক অসমীয়া নাটকৰ উপৰিও অনূদিত নাটকো অভিনীত হয়। বেজবৰুৱাই আশা কৰিছিল যে ডেকা নাট্যকাৰ সকলে বিদেশী নাটকৰ অসমীয়া অনুবাদ কার্যত মনোযোগ দিব। বিদেশী নাটক অনুবাদ কৰোতে সিহঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে যাতে অনুবাদ নিভাজ অসমীয়াত হোৱাৰ উপৰিও অসমীয়া সংস্কৃতিৰ লগত খাপ খায়। লিখকে প্ৰশংসা কৰি কৈছে যে চাৰিগৰাকী অসমীয়া ছাত্ৰই শেক্সপীয়েৰৰ ‘Comedy of Errors’ নামৰ নাটকখন ‘ভ্ৰমৰংগ’ নামেৰে কৰা অনুবাদ সাৰ্থক অসমীয়া অনুবাদ হৈছে।

৩। মাতৃ মুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা ৷

উত্তৰ : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৰ্মসূত্রে অসমৰ বাহিৰত উৰিষ্যাৰ সম্বলপুৰত থাকিবলগীয়া হৈছিল। তেওঁ প্রায় ত্রিশ-চল্লিশ বছৰ ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। তেওঁৰ লগত আছিল সহধর্মিণী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জীয়ৰীজনী। বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘন্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলকাতা অভিমুখী ৰেলত উঠে। লগত খোৱা বস্তু নিনিয়া কাৰণে লেখকে লঘোণে-ভোকে যাত্ৰা কৰিব লগা হয়। ২০ ছেপ্তেম্বৰ ৰাতি আঠ মান বজাত তেওঁলোকে কলকাতাত নামি মহানগৰৰ এঠাইৰ এটি ঘৰত উপস্থিত হয় আৰু লৰালৰিকৈ ভাত খাই শুই থাকে। পিছদিনা শিয়ালদহ ষ্টেচনৰ পৰা গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰে আৰু ২২ ছেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়। বেজবৰুৱাক পাণ্ডু জাহাজ ঘাটত কবি চন্দ্ৰ কুমাৰ আগৰৱালা আৰু আৰ্ল ল কলেজৰ অধ্যক্ষ মিষ্টাৰ জে. বৰুৱাই আদৰণি জনায়।

এয়ে হ’ল বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ ।

৪। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা । উত্তৰ ঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লেখক বেজবৰুৱাই পুৰাণ শাস্ত্ৰত বৰ্ণিত মহাদেৱৰ কৃষি-কৰ্মৰ এক প্রসঙ্গ উল্লেখ কৰিছে। চমুকৈ কাহিনীটো হ’ল ঃ

দেৱাদিদেৱ মহাদেৱক পত্নী পাৰ্বতীয়ে ধিক্কাৰ দি কৈছিল যে তেওঁ ভাং, ধতুৰা খাই বহি থাকে। গৃহস্থৰ কাম-কাজ একো নকৰে। আনকি ঘৰত থকা বৃষভ (গৰুটোও ঘাঁহ-পানী খাই নোদোকা হৈ আছে। সেইটোৰ সহায়ত হাল বাই খেতি-বাতি কৰি মহাদেৱে ধন আর্জিব লাগে ।

ঘৈণীয়েকৰ এনে ককৰ্থনা শুনি মহাদেৱে মনত দুখ পাই বৃষভটোক লগত লৈ খেতি কৰিবলৈ ঘৰৰ পৰা ওলাই গ’ল। খেতি-বাতিত মহাদেৱ ইমানেই মত্ত হৈ পৰিল যে তেওঁ খোৱা-শুৱা এৰিলে।। ঘৰলৈয়ো উভতিবলৈ পাহৰিলে। মহাদেৱ ঘৰলৈ নহা দেখি পাৰ্বতী চিন্তিত হ’ল আৰু গিৰীয়েকক আনিবলৈ নন্দী-ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে। কিন্তু মহাদেৱ ঘৰলৈ নাহিল। অৱশেষত পাৰ্বতীয়ে নাৰদক পঠিয়ালে । নাৰদে বহু চেষ্টা কৰিও মহাদেৱক ঘূৰাই আনিব নোৱাৰিলে। পিছত পাৰ্বতীয়ে অসংখ্য ডাঁহ-মহ চেৰেপা-চৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে। ইয়াৰ পিছতো পাৰ্বতীয়ে ‘হাহা হুহু’ নামৰ মানস পুত্ৰ দুটাকো মহাদেৱক ঘৰলৈ ঘূৰাই আনিবলৈ পঠিয়াই দিয়ে। কিন্তু সিহঁতে মহাদেৱক ঘৰলৈ ঘূৰাই আনিব পাৰিলে নে নোৱাৰিলে সেই বিষয়ে লিখকে একো উল্লেখ কৰা নাই

‘৫। “হাহা হুহু’ কোন আছিল ? তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল ? বুজাই লিখা ।

উত্তৰ : ‘হাহা হুহু’ আছিল মহাদেৱৰ পত্নী পাৰ্বতীৰ মানস পুত্র।

পাৰ্বতীৰ গিৰীয়েক মহাদেৱে ভাং, ধতুৰা খাই ঘৰতে বহি থকাত পাৰ্বতীয়ে ককৰ্থনা কৰি মহাদেৱে ঘৰতে থকা গৰু এটাক লৈ খেতি-বাতি কৰিব লাগে বুলি কোৱাত মহাদেৱ অভিমান কৰি খেতি কৰিবলৈ ঘৰৰ পৰা ওলাই যায়। খেতি-বাতিত তেওঁ ইমানেই মনোযোগ দিলে যে তেওঁ খোৱা-বোৱা এৰিলে। আনকি ঘৰলৈ আহিবলৈ পাহৰিলে । গিৰীয়েক ঘৰলৈ নহা দেখি পার্বতী চিন্তিত হৈ পৰিল আৰু মহাদেৱক ঘৰলৈ ঘূৰাই আনিবলৈ কেইবাজনকো পঠিয়ালে । কিন্তু কোনেও মহাদেৱক ঘৰলৈ ঘূৰাই আনিবলৈ সমৰ্থ নহ’ল। অৱশেষত পাৰ্বতীয়ে ‘হাহা হুহু’ নামৰ মানস পুত্ৰ দুটিৰ সৃষ্টি কৰি মহাদেৱক ঘৰলৈ ঘূৰাই আনিবলৈ পঠিয়াই দিয়ে। ০০০

Type By Suman Bora