SEBA Class 11 Geography Chapter 4 মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ Short Answer | চমু প্ৰশ্ন উত্তৰ |

 Chapter – 4

মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ

৭।আগমন সীমাৰেখা কাক বোলে ?

উত্তৰঃ যিবোৰ ঠাইত, এখন ফলক আৰু আন এখন ফলকৰ মাজত মুখা-মুখি, ঠেকা-খুণ্ডা লাগি ধ্বংসপ্রাপ্ত হয় তাকেই আগমন সীমাৰেখা বোলে।

২। টিলিটি  আৰু গণ্ডেৱানা গেদীয় শিলা পোৱা আনবোৰ ঠাইৰ নাম লিখা ?

উত্তৰঃ টিলিটি  আৰু গণ্ডেৱানা গেদীয় শিলা পোৱা আনবোৰ ঠাইৰ নাম  – 

আফ্ৰিকা , ফকলেণ্ড, মালাগছি দীপ, এণ্টাৰ্কটিকা আৰু অস্টেলিয়া । ভাৰততটো আছে । 

৩। পৰিচলন সোঁত তত্ব হোম ( মতবাদ ) ৰ বিষয়ে লিখা । 

উত্তৰঃ ১৯৩০ চনৰ আৰথাৰ হোম (Arther Holmes) নামৰ পণ্ডিতজনে মেণ্টল অংশত কাৰ্যকৰী হৈ থকা পৰিচলন সোঁতৰ সম্ভাৱনা সম্পর্কে আলোচনা কৰিছিল। এই সোঁতবোৰ উৎপন্ন হৈছিল ৰেডিঅ’ এক্টিভ (Radio active elements) পদাৰ্থসমূহৰ কাৰণে। এই পদাৰ্থবোৰে উত্তাপৰ সৃষ্টি কৰে মেণ্টল অংশত। হোমে কৈছিল যে পৃথিবীৰ গোটেই মেণ্টল অংশত পৰিচলন সোঁতে ক্ৰিয়া কৰি আছে। তেওঁৰ মতে মহাদেশবোৰ আঁতৰি যোৱাৰ বাবে প্ৰয়োজনীয় শক্তি এই ধৰণৰ পৰিচলন সোঁতৰ পৰা পোৱা গৈছে।

৪।মহাসাগৰৰ তল দেশৰ ভূ প্ৰকৃতিৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰাৰ ফলত কি জনা গৈছে?

উত্তৰঃ মহাসাগৰৰ তল দেশৰ ভূ প্ৰকৃতিৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰাৰ ফলত জনা গৈছে যে মহাসাগৰৰ তলিবোৰ একোখন সমতল ক্ষেত্ৰ নহয় বৰং ই নানা প্ৰকাৰৰ ভূ-অৱয়বৰ সংগম স্থলী। দ্বিতীয় মহাযুদ্ধৰ পিছৰ সময় চোৱাত মহাসাগৰৰ তল দেশৰ মানচিত্ৰ অংকন কৰাৰ বাবে বহু ধৰণৰ বৈজ্ঞানিক যাত্ৰা কৰা হৈছে ।

১০। মহাদোশীয় একাভিগমন কাক বোলে ?

উত্তৰঃ ভাৰতীয় ফলকে অন্তৰীপীয় ভাৰত আৰু অস্ট্ৰেলিয়া মহাদেশীয় অংশক সামৰি লৈছে। বহিয়োৱা মণ্ডলটো হিমালয় অঞ্চলৰ লগে লগে গৈ উত্তৰৰ ফলক সীমা নিৰ্দ্ধাৰণ কৰিছে আৰু ইয়াক মহাদেশ একাভিগমন বোলে ।

৫। ফলক বিবর্তন কাকৰ বোলে ?

উত্তৰঃ সাগৰীয় তল বৃদ্ধি হোৱা ধাৰণাটো অহাৰ লগে লগে মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণৰ সমস্যাটোৱে পুনৰ মূৰ দাঙি উঠে। ১৯৬৯ চনত মেকেঞ্জী (Mekenzie),পাৰ্কৰ (Parker), মৰগান (Morgan) আদি পণ্ডিতে নিজাববীয়াকৈ বহুতো তথ্যপাতি সংগ্ৰহ কৰি আন এটা ধাৰণাৰ জন্ম দিয়ে যাক ‘ফলক বিৱৰ্তন’ বোলা হয়।

৬। ফলকবোৰ  কি ?

উত্তৰঃ ফলকবোৰ হল – আচলতে লিথোষ্ফিয়েৰৰ বা অশ্মামণ্ডলৰ একো একোটা অনিয়মিত আকৃতিৰ প্ৰককাণ্ড টান শিলৰ গোট ।

১। ওৱেগনাৰ মতে মহাদেশবোৰক আতৰাই নিয়া বল কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ ওৱেগনাৰ মতে মহাদেশবোৰক আতৰাই নিয়া বল দুই প্ৰকাৰৰ আৰু মেৰুৰ পৰা আতৰি অহা বল আৰু জোৱাল বল । 

৮। মণ্ডল কাক বোলে আৰু কি কি ? 

উত্তৰঃ যিটো অঞ্চলত ফলকবোৰ ডুবি যায় তাক ডুবিযোৱা মণ্ডল (subduction zone) বোলে। 

তিনিধৰণে আগমণিত ফলক লগ লাগিব পাৰে। সেইবোৰ হ’ল –

 (i) এখন মহাসাগৰীয় আৰু আনখন মহাদেশীয় ফলক ।

(ii) দুখন মহাসাগৰীয় ফলক ।

(iii) দুখন মহাদেশীয় ফলক।

৯। কোন দুটা উৎসৰ পৰা পৃথিৱীৰ অন্তৰভাগৰ উত্তাপৰ সৃস্টি হৈছে ?

উত্তৰঃ (১) তেজস্ত্ৰিয় ক্ষয় আৰু 

         (২) অৱশিস্টি উত্তাপ । 

  

Post Id: DABP003666