বিহু আদৰণি | AJB Class 6 Assamese Chapter 1 Short Question and Answer Assamese Medium |

১। বিহু আদৰণি কবিতাটিৰ কবি কোন?

ক) মিত্ৰদেৱ মহন্ত

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) নৱকান্ত

উত্তৰঃ ক) মিত্ৰদেৱ মহন্ত

২। এই কবিতাটিৰ কবিজনৰ কিমান চনত জন্ম হৈছিল?

ক) ১৯৯৬ চনত

খ) ১৮৯৪ চনত

গ) ১৮৩৩ চনত

উত্তৰঃ খ) ১৮৯৪ চনত

৩। তেখেতৰ কিমান তাৰিখে আৰু ক’ত জন্ম হৈছিল?

ক) ৩০ জুন ডিব্ৰুগড়ত

খ) ৩ জুলাই লক্ষীমপুৰত

গ) ৯ জুন যোৰহাটত

উত্তৰঃ গ) ৯ জুন যোৰহাটত

৪। তেখেতে কিমান চনত গোলাঘাট হাইস্কুলৰ প্ৰধান শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰে?

ক) ১৯৯৯ চনত

খ) ১৯৫০ চনত

গ) ১৯৪৭ চনত

উত্তৰঃ ১৯৫০ ।

৫। অৱসৰৰ পাছত তেখেতে কি সত্ৰৰ সত্ৰাধিকাৰ হয়গৈ?

ক) লেটুগ্ৰাম সত্ৰৰ

খ) কমলাবাৰী সত্ৰৰ

গ) বেঙেনাআটি সত্ৰৰ

উত্তৰঃ ক) লেটুগ্ৰাম সত্ৰৰ

৬। জুনজুনি নামৰ পুথিখন কাৰ প্ৰকাশিত পুথি?

ক) লক্ষ্মীনাথ বেজবৰুৱা

খ) মিত্ৰদেৱ মহন্ত

গ) নৱকান্ত বৰুৱা

উত্তৰঃ খ) মিত্ৰদেৱ মহন্ত।

৭। মোহনভাগ নামৰ পুথিখন কাৰ প্ৰকাশিত পুথি?

ক) লক্ষ্মীনাথ বেজবৰুৱা

খ) নৱকান্ত বৰুৱা

গ) মিত্ৰদেৱ মহন্ত

উত্তৰঃ গ) মিত্ৰদেৱ মহন্ত।

৮। কবিৰ মাকে বিহুক আদৰিবৰ বাবে কি কি কৰিছে?

ক) খোপালৈ বুলি ৰচঙ্গা কপৌৰ খুল আনি থ’লে

খ) শালৰ গামোছা কাটি থ’লে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) খোপালৈ বুলি ৰচঙ্গা কপৌৰ খুল আনি থ’লে।

৯। কবিয়ে জেতুকা,থেৰেজু আৰু বৰ্হমথুৰি কিয় যোগাৰ কৰিছে?

ক) পূজাক আদৰিবৰ বাবে

খ) বিহুক আদৰিবৰ বাবে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বিহুক আদৰিবৰ বাবে।

১০। কোনটো বিহুক ৰঙালী বিহু বুলি কোৱা হয়?

ক) কাতি বিহুক

খ) মাঘ বিহুক

গ) বহাগ বিহুক

উত্তৰঃ গ) বহাগ বিহুক।

১১। কবিয়ে চ’তাই বুলি কাক সম্বোধন কৰিছে?

ক) চ’ত মাহক

খ) বহাগ মাহক

গ) জেঠ মাহক

উত্তৰঃ ক) চ’ত মাহক।

১২। অসম সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানৰ উদ্বোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ এই জনপ্ৰিয় গীতটোৰ ৰচক কোন?

ক) আনন্দৰাম বৰুৱা

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) মিত্ৰদেৱ মহন্ত

উত্তৰঃ গ) মিত্ৰদেৱ মহন্ত।

১৩। কোনটো বিহুক ভোগালী বিহু বুলি কোৱা হয়?

ক) মাঘ বিহুক

খ) কাতি বিহুক

গ) বহাগ বিহুক

উত্তৰঃ ক) মাঘ বিহুক

১৪। বহাগ বিহুত আমি কি কৰোঁ?

ক) মেজ্বি জলাওঁ

খ) তুলসীৰ তলত চাকি বন্তি দিওঁ

গ) হুচৰি গাওঁ

উত্তৰঃ গ) হুচৰি গাওঁ।

১৫। সুগৰ শব্দৰ অৰ্থ কি?

ক) ৰঙচুৱা

খ) সুৰত বন্ধা

গ) চ’ত

উত্তৰঃ খ) সুৰত বন্ধা।

১৬। বিহু আদৰণি কবিতাটোৰ কবিজনে কিমান চনত সাহিত্যাচাৰ্য উপাধি লাভ কৰে?

ক) ১৯৮১ চনত

খ) ১৮৮২ চনত

গ) ১৯৮২ চনত

উত্তৰঃ গ) ১৯৮২ চনত।

১৭। তেখেতৰ কিমান চনত মৃত্যু হৈছিল?

ক) ১৯৮৩ চনত

খ) ১৯৮১ চনত

গ) ১৮৫৫ চনত

উত্তৰঃ ক) ১৯৮৩ চনত।

১৮। তেখেতৰ কিমান তাৰিখে মৃত্যু হৈছিল?

ক) ২৩ এপ্ৰিল

খ) ২৬ মাৰ্চ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ২৬ মাৰ্চ।

১৯। ৰচঙ্গা শব্দৰ অৰ্থ কি?

ক) ৰঙচুৱা

খ) সুৰত বন্ধা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ৰঙচুৱা।

২০। চেনেহজৰী নামৰ পুথিখন কাৰ প্ৰকাশিত পুথি?

ক) লক্ষ্মীনাথ বেজবৰুৱাৰ

খ) নৱকান্ত বৰুৱাৰ

গ) মিত্ৰদেৱ মহন্তৰ

উত্তৰঃ গ) মিত্ৰদেৱ মহন্তৰ।