বৰগীত | AJB Class 6 Assamese Chapter 19 Short Question and Answer Assamese medium |

১। এই বৰগীতটো কোনে ৰচনা কৰিছিল?’

ক) মহাপুৰুষ শংকৰদেৱে

খ) মহাপুৰুষ মাধৱদেৱে

গ) ভট্টদেৱে

উত্তৰঃ খ) মহাপুৰুষ মাধৱদেৱে।

২। মহাপুৰুষ মাধৱদেৱৰ কিমান চনত জন্ম হৈছিল?

ক) ১৪৮৯ চনত

খ) ১৫৭৭ চনত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৪৮৯ চনত।

৩। মহাপুৰুষ মাধৱদেৱৰ কত জন্ম হৈছিল?

ক) যোৰহাট জিলাৰ টীয়কত

খ) লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত।

৪। মাধৱদেৱৰ ৰচনাৱলীৰ ভিতৰত  শ্ৰেষ্ঠ কি?

ক) নামঘোষা

খ) কীৰ্তনঘোষা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) নামঘোষা।

৫। মাধৱদেৱৰ নাটকেইখনৰ ভিতৰত কোনখন নাটৰ বাহিৰে বাকীকেইখনক ঝুমুৰা বোলে?

ক) পিম্পৰা গুচোৱা

খ) ভোজন বিহাৰ

গ) অৰ্জুন ভঞ্জন

উত্তৰঃ গ) অৰ্জুন ভঞ্জন।

৬। সুৰভী শব্দৰ অৰ্থ কি?

ক) গাই গৰু

খ) গৰুৰ পোৱালি

গ) আনন্দ

উত্তৰঃ খ) গৰুৰ পোৱালি।

৭। বিনোদ শব্দৰ অৰ্থ কি?

ক) চৰায়

খ) ত্যাগ কৰে

গ) আনন্দ

উত্তৰঃ গ) আনন্দ।

৮। তিনিখন ভূৱনৰ সমাহাৰ ইয়াক এটা শব্দত প্ৰকাশ কৰিলে কি হব?

ক) ত্ৰিভূৱন

খ) নবৰত্ন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ত্ৰিভূৱন।

৯। তেজয় শব্দৰ অৰ্থ কি?

ক) ত্যাগ কৰে

খ) আনন্দত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ত্যাগ কৰে।

১০। নোহন্ত শব্দৰ অৰ্থ কি?

ক) চৰায়

খ) আনন্দ

গ) নহয়

উত্তৰঃ গ) নহয়।

১১। তিনিটা নয়ন যাৰ ?

ক) ত্ৰিভূৱন

খ) ত্ৰিনয়ন

গ) এটাও নহয়

উত্তৰঃ খ) ত্ৰিনয়ন।

১২। চাৰিটা আলিৰ সংগমস্থল ?

ক) চাৰিআলি

খ) তিনিআলি

গ) এটাও নহয়

উত্তৰঃ ক) চাৰিআলি।

১৩। চাৰে শব্দৰ অৰ্থ কি ?

ক) চোৱা

খ) চাইছিল

গ) চৰায়

উত্তৰঃ গ) চৰায়।

১৪। ধেনু শব্দৰ অৰ্থ কি ?

ক) ধেনুকাৰ

খ) গাই গৰু

গ) গৰু

উত্তৰঃ খ) গাই গৰু।

১৫। আৰা শব্দৰ অৰ্থ কি ?

ক) তেওঁলোক

খ) এওঁলোক

গ) সিহঁত

উত্তৰঃ খ) এওঁলোক।

১৬। মাধৱদেৱৰ কিমান চনত মৃত্য়ু হৈছিল ?

ক) ১৪৮৯ চনত

খ) ১৫৯৬ চনত

গ) ১৬৮৭ চনত

উত্তৰঃ খ) ১৫৯৬ চনত।

১৭। বৰগীতটিৰ ৰাগ কি ?

ক) ভাটিয়ালী

খ) ব্ৰজাৱলী

গ) এটাও নহয়

উত্তৰঃ ক) ভাটিয়ালী।

১৮। মাধৱদেৱৰ গুৰু কোন আছিল ?

ক) মহাপুৰুষ শংকৰদেৱ

খ) ভট্টদেৱ

গ) ওপৰৰ দুয়োটা

উত্তৰঃ ক) মহাপুৰুষ শংকৰদেৱ।

১৯। কবিতাটোত ক’ত যোৱা কথা কৈছে ?

ক) গকুল

খ) বৃন্দবন

গ) ঘৰলৈ

উত্তৰঃ খ) বৃন্দবন।

২০। মাধৱদেৱৰ ৰচনাৰীতি ৰূপ অনুসৰি কেইটা ভাগত ভগাব পাৰি ?

ক) দুটা ভাগত

খ) তিনিটা ভাগত

গ) চাৰিটা ভাগত

উত্তৰঃ গ) চাৰিটা ভাগত।