ভাৰতীয় ধৰ্ম সংস্কাৰ আন্দোলন বা ভক্তিবাদ | AJB Class 7 Social Science Chapter 8 Shot Question and Answer Assamese Medium |

১। মধ্যযুগত ভাৰতীয় সামাজিক ক্ষেত্ৰলৈ বিপুল পৰিৱৰ্তন কোনে কঢ়িয়াই আনিছিল ?

(ক) লৰ্ড কৰ্ণৱালিছ

(খ) নৱজাগৰণে

(গ) ফ্ৰান্সিছ ডুপ্লে

উত্তৰঃ (খ) নৱজাগৰণে।

২। আন্তৰিক শ্ৰদ্ধা আৰু ঐশ্বৰিক প্ৰেমৰ ওপৰত নিৰ্ভৰ কৰি কেইজনমান গুণৱান লোকে কি ধৰ্মৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছিল ?

(ক) হিন্দু ধৰ্ম

(খ) কছাৰী ধৰ্ম

(গ) মুছলমান ধৰ্ম

উত্তৰঃ (ক) হিন্দু ধৰ্ম।

৩। এই পৰিৱৰ্তনকে ভাৰতীয় ধৰ্মৰ কি বোলা হয়?

(ক) শ্ৰদ্ধা

(খ) ঐশ্বৰিক

(গ) নৱজাগৰণ

উত্তৰঃ (গ) নৱজাগৰণ।

৪। শ্ৰদ্ধাই মানুহক কি কৰে ?

(ক) ভাল কৰে

(খ) বিনয়ী আৰু সৎ কৰে

(গ) বিয়া কৰে

উত্তৰঃ (খ) বিনয়ী আৰু সৎ কৰে।

৫। পৰমাত্মাৰ প্ৰতি ঐকান্তিক প্ৰেম আৰু আন্তৰিকতাৰে ভক্তই প্ৰদৰ্শন কৰা শ্ৰদ্ধাক কি বুলিব পাৰি?

(ক) ভক্তি

(খ) প্ৰদৰ্শন

(গ) বিনয়ী

উত্তৰঃ (ক) ভক্তি।

৬। উপনিষদত কি সম্পৰ্কে আলোচনা কৰা হৈছে?

(ক)সামাজ সম্পৰ্কে

(খ) বিনয়ী সম্পৰ্কে

(গ) ঈশ্বৰ সম্পৰ্কে

উত্তৰঃ (গ) ঈশ্বৰ সম্পৰ্কে।

৭। বৈদিক ৰচনাৱলীৰ একেবাৰে শেষত ৰচিত হৈছিল কাৰণে উপনিষদক সুকীয়াকৈ বুজাবলৈ কি বুলি কোৱা হয়?

(ক) নৱজাগৰণ

(খ) বেদান্ত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বেদান্ত।

৮। কিমান খ্ৰি.ত বৰ্তমান নগাঁও জিলাৰ অন্তৰ্গত বৰদোৱা অঞ্চলৰ আলিপুখুৰী গাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় ?

(ক) ১৪৪৯

(খ) ১৪৬৭

(গ) ১৪২৮

উত্তৰঃ (ক) ১৪৪৯।

৯। শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ?

(ক) কৃষ্ণকান্ত সন্দিকৈ

(খ) হৰিভক্ত কটুৱাল

(গ) কুসুম্বৰ ভুঞা

উত্তৰঃ (গ) কুসুম্বৰ ভুঞা।

১০। শংকৰদেৱৰ মাতৃৰ নাম কি আছিল ?

(ক) নলিনীবালা দেৱী

(খ) সত্যসন্ধ্যা

(গ) জয়মতী

উত্তৰঃ (খ) সত্যসন্ধ্যা।

১১। শংকৰদেৱ ক’ত জন্ম হৈছিল ?

(ক) আলিপুখুৰীত

(খ) যোৰহাটত

(গ) তেজপুৰত

উত্তৰঃ (ক) আলিপুখুৰীত।

১২। কি শব্দৰ পৰা চুফী শব্দ আহিছে ?

(ক) বিশিষ্ট

(খ) তান্ত্ৰিক

(গ) চাফ

উত্তৰঃ (গ) চাফ।

১৩। বিভিন্ন কাহিনীৰ ধৰ্ম-চিন্তাক কি কি ৰূপত সজাই প্ৰকাশ কৰাৰ চেষ্টা চলিছিল ?

(ক) ক ক

(খ) ন ন

(গ) প ফ

উত্তৰঃ (খ) ন ন।

১৪। চুফীবাদৰ মতে ঈশ্বৰ কেইজন ?

(ক) ১ জন

(খ) ৫ জন

(গ) ৩ জন

উত্তৰঃ (ক) ১ জন।

১৫। কিহে সাংস্কৃতিৰ ক্ষেত্ৰখনলৈ পৰিৱৰ্তন আনিছিল ?

(ক) হিন্দু-ধৰ্মই

(খ) মুছলমান-ধৰ্মই

(গ) ভক্তি-ধৰ্মই

উত্তৰঃ (গ) ভক্তি-ধৰ্মই।

১৬। তেওঁলোকে সংগীতৰ সহায়ত আনন্দত বিভোৰ হৈ কাক স্মৰণ কৰিছিল ?

(ক) ভক্তিক

(খ) ঈশ্বৰক

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ঈশ্বৰক।

১৭। অৱশ্যে চুফীসকলৰ ধৰ্মান্ধ আছিল নে নাছিল ?

(ক) নাছিল

(খ) আছিল

(গ) ওপৰত দিয়া আতাইকেইটা

উত্তৰঃ (ক) নাছিল।

১৮। বৰদোৱা কি জিলাত অন্তৰ্গত ?

(ক) লখিমপুৰ জিলাত

(খ) বিশ্বনাথ জিলাত

(গ) নগাঁও জিলাত

উত্তৰঃ (গ) নগাঁও জিলাত।

১৯। কোনে অসমীয়া সমাজত সামাজিক একতা প্ৰতিষ্ঠা কৰিলে ?

(ক) কৃষ্ণকান্ত সন্দিকৈ

(খ) শংকৰদেৱ

(গ) হৰিভক্ত কটুলৱাল

উত্তৰঃ (খ) শংকৰদেৱ।

২০। ভজ শব্দৰ পৰা কি উৎপত্তি হৈছে ?

(ক) ভক্তি

(খ) সংস্কাৰক

(গ) সংস্কৃতি

উত্তৰঃ (ক) ভক্তি।