ভূ-অৱয়ৱ | AJB Class 7 Social Science MCQ’s Assamese Medium | Chapter 15 | Class 7 Social Science Chapter 15 MCQ’s Type Question | AJB Class 7 Social Science |

ভূ-অৱয়ৱ

Chapter-15

১। প্ৰথম বৰ্গৰ ভূ-অৱয়ৱ বুলিলে কিমানখন মহাদেশ বুজায়?

(ক) ১১খন

(খ) ৭খন

(গ) ৩খন

উত্তৰঃ (খ) ৭খন।

২। কি বৰ্গৰ স্থলভাগৰ অন্তৰ্গত ভূ-অৱয়বোৰ হ’ল পৰ্বত-পাহাৰ, মালভূমি আৰু সমভূমি?

(ক) দ্বিতীয় বৰ্গ

(খ)পঞ্চম বৰ্গ

(গ) সপ্তম বৰ্গ

উত্তৰঃ (ক) দ্বিতীয় বৰ্গ।

৩। প্ৰথম বৰ্গৰ ভূ-অৱয়ৱ বুলিলে কিমানখন মহাসাগৰক বুজায় ?

(ক) ৮খন

(খ) ১৫খন

(গ) ৫খন

উত্তৰঃ (গ) ৫খন।

৪। কিমান মিটাৰতকৈ ওখবোৰত পৰ্বত বোলে?

(ক) ১৫০০

(খ) ৯০০

(গ) ১৩০০

উত্তৰঃ (খ) ৯০০।

৫। কিমান মিটাৰতকৈ চাপৰবোৰক পাহাৰ বোলে?

(ক) ৯০০

(খ) ১৪০০

(গ) ৬০০

উত্তৰঃ (ক) ৯০০।

৬। পৃথিৱীৰ উপৰিভাগৰ প্ৰায় কিমান শতাংশ ঠাই পৰ্বত-পাহাৰে আগুৰি আছে?

(ক) ৩৫ শতাংশ

(খ) ১৮ শতাংশ

(গ) ২৬ শতাংশ

উত্তৰঃ (গ) ২৬ শতাংশ।

৭। এখন পৰ্বত-পাহাৰৰ কাষত বহুতো সৰু-বৰ পৰ্বত-পাহাৰৰ লানি থকা দেখা যায় ইয়াক কি বুলি কোৱা হয় ?

(ক) স্তুপ পৰ্বত

(খ) পৰ্বতমালা

(গ) ভংগলি পৰ্বত

উত্তৰঃ (খ) পৰ্বতমালা।

৮। দক্ষিণ আমেৰিকাৰ কোন দিশত এণ্ডিজ পৰ্বতমালা আছে?

(ক) পশ্চিম

(খ) পূব

(গ) দক্ষিণ

উত্তৰঃ (ক) পশ্চিম।

৯। উত্তৰ আমেৰিকাৰ কোন দিশত ৰকি পৰ্বতমালা আছে?

(ক) উত্তৰ

(খ) দক্ষিণ

(গ) পশ্চিম

উত্তৰঃ (গ) পশ্চিম।

১০। উৎপত্তি অনুসৰি পৰ্বত-পাহাৰক কেইটা ভাগত ভগোৱা হয়?

(ক) ৮টা ভাগত

(খ) ৪টা ভাগত

(গ)৩টা ভাগত

উত্তৰঃ (খ) ৪টা ভাগত।

১১। গেদীয় শিল সাগৰৰপৰা ওপৰলৈকে ওলাই আহি পৰ্বতৰ সৃষ্টি হৈছিল এনে ধৰণৰ পৰ্বতক কি পৰ্বত বোলে?

(ক) ভংগলি পৰ্বত

(খ) স্তুপ পৰ্বত

(গ) পৰ্বতমালা

উত্তৰঃ (ক) ভংগলি পৰ্বত।

১২। ভূপৃষ্ঠৰ কি সমান ঠাইক সমভূমি বোলা হয়?

(ক) তলৰ ঠাইক

(খ) মাজৰ ঠাইক

(গ) ওপৰৰ ঠাইক

উত্তৰঃ (গ) ওপৰৰ ঠাইক

১৩। পৃথিৱীৰ প্ৰায় শতকৰা কিমানভাগ ঠাই সৰু-বৰ সমভূমিয়ে আগুৰি আছে?

(ক) ৬৮ ভাগ

(খ) ৮১ ভাগ

(গ) ৯৮ ভাগ

উত্তৰঃ (খ) ৮১ ভাগ।

১৪। কি অঞ্চলত জলবিদ্যুৎ উৎপাদন কৰিবলৈ সুবিধাজনক?

(ক) পাহাৰীয়া অঞ্চলত

(খ) চহৰীয়া অঞ্চলত

(গ) গাঁও অঞ্চলত

উত্তৰঃ (ক) পাহাৰীয়া অঞ্চলত।

১৫। কি বৰ্গৰ ভূ-অৱয়ৱ বুলিলে ৭খন আৰু ৫খন সহাসাগৰক বুজায়?

(ক) দ্বিতীয় বৰ্গ

(খ) অষ্টম বৰ্গ

(গ) প্ৰথম বৰ্গ

উত্তৰঃ (গ) প্ৰথম বৰ্গ।

১৬। পৰ্বত-পাহাৰবোৰ কেতিয়াবা কি হৈ থাকে ?

(ক) মৰি থাকে

(খ) গাইগুটীয়াকৈ থাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গাইগুটীয়াকৈ থাকে।

১৭। ভাৰতৰ উল্লেখযোগ্য় পৰ্বত হ’ল _______

(ক) বিন্ধ্য়

(খ) সাতপুৰা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা।

১৮। অতি প্ৰাচীনকালত ভূ-পৃষ্ঠত কেনেকুৱা সাগৰ আছিল ?

(ক) ডাঙৰ সাগৰ

(খ) দ’ সাগৰ

(গ) বাম সাগৰ

উত্তৰঃ (গ) বাম সাগৰ।

১৯। আৱৰ্জনাবোৰ তৰপে তৰপে জমা হৈ কিহৰ সৃষ্টি হয় ?

(ক) গেদীয় শিলৰ

(খ) শিলৰ

(গ) আগ্নেয় শিলৰ

উত্তৰঃ (ক) গেদীয় শিলৰ।

২০। ভূ-আন্দোলনৰ ফলত ভূত্বকত কি হয় ?

(ক) পাখি মেলে

(খ) ফাঁট মেলে

(গ) ভাঙি যায়

উত্তৰঃ (খ) ফাঁট মেলে।

Type By- Subhas nath