গৰিয়া, মৰিয়া আৰু দেশীসকল

অসম বিভিন্ন জাতি-উপজাতিৰে পৰিবেষ্টিত। বিভিন্ন জাতি-উপজাতিক লৈয়ে বৃহত্তৰ অসমীয়া জাতি গঠিত হৈছে। আন আন খিলঞ্জীয়া জনগোষ্ঠীৰ দৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা গৰিয়া, মৰিয়া, দেশী বুলি বুৰঞ্জীখ্যাত ইছলামধর্মী খিলঞ্জীয়াসকল অসমৰ প্ৰাচীন জনগোষ্ঠীসমূহৰ অংশবিশেষ। অসমত এই জনগোষ্ঠীটোৰ উদ্ভৱ এটা উল্লেখযোগ্য পৰিঘটনা। ১২০৫-০৬ খ্ৰীষ্টাব্দত তিব্বত-চীন জয় কৰাৰ মানসেৰে বংগৰ তুৰ্কী সেনাপতি বখতিয়াৰ খিলিজিৰ নেতৃত্বত কামৰূপত প্ৰৱেশ কৰা মুছলমান সৈন্যসকল কামৰূপৰ ৰজা পৃথুৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈ তাৰে কিছু সৈন্য অসমতে ৰৈ যোৱা বুলি কোৱা হয়। উল্লেখযোগ্য যে বখতিয়াৰ খিলিজিক বাট দেখুৱাই লৈ আহিছিল ‘আলি মেচ’ নামৰ এজন ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত জনজাতীয় ৰজাই। বুৰঞ্জীত তেওঁকেই প্রথম ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত জনজাতীয় ৰজা বুলি জনা যায়। গতিকে ৰজাৰ লগত প্ৰজাৰো বহুতে ইছলাম ধৰ্ম গ্ৰহণ কৰাটো স্বাভাৱিক কথা। কোনো কোনো ইতিহাসবিদৰ মতে আকৌ সপ্তদশ শতিকাতে হেনো অসমত ইছলাম ধৰ্মৰ সূচনা তুৰস্কৰ ৰজা সৌষ্টৱ হাছানে চীন জয় কৰি ওভতাৰ পথত ৰৈ যোৱা কিছু সৈনিকৰ পৰা হয়। (প্রসংগ : ‘ইছলামীয় ঐতিহ্য আৰু অসম’—ৰফিউল হুছেইন বৰুৱা)। সি যি কি নহওক, সপ্তম শতিকাতে হওক বা ত্রয়োদশ শতিকাতেই হওক, অসমত এনেদৰে বিভিন্ন সময়ত আহি ৰৈ যোৱা যুদ্ধবন্দীৰ সৈতে বৈবাহিক সম্পর্ককে ধৰি হোৱা সান্নিধ্য তথা বিভিন্ন সময়ত অহা ধৰ্মপ্ৰচাৰক পীৰ-সাধকসকলৰ মহান বাণীৰ প্ৰভাৱত বিভিন্ন ধৰ্মাৱলম্বী তথা হিন্দু ধৰ্মাৱলম্বী খিলঞ্জীয়া লোকসকলৰ মনত ইছলাম ধৰ্মৰ প্ৰভাৱ দ’কৈ শিপাবলৈ আৰম্ভ কৰিলে। গতিকে স্বেচ্ছাই হওক বা বিশেষ পৰিস্থিতিত পৰিয়েই হওক খিলঞ্জীয়া লোকসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ইছলাম ধৰ্ম গ্ৰহণ কৰিলেও এইসকল লোকে নিজৰ খিলঞ্জীয়া লোক-সংস্কৃতি পৰিত্যাগ নকৰিলে। ফলস্বৰূপে কালক্ৰমত এই ধৰ্মান্তৰিত খিলঞ্জীয়া লোকৰ মাজত যুদ্ধবন্দী বুলি খ্যাত মুষ্টিমেয় লোকসকলে নিজৰ সম্পূৰ্ণ স্বকীয়তা পৰিত্যাগ কৰি অসমৰ খিলঞ্জীয়া ভাষা, পৰম্পৰা, সংস্কৃতিৰ সৈতে চিৰদিনৰ বাবে জাহ যাবলৈ বাধ্য হ’ল। আনকি ধৰ্ম প্ৰচাৰৰ বাবে অহা মুছলমান পীৰ-সাধকসকলেও খিলঞ্জীয়া লোকৰ মানসিকতা বুজি উঠি ধর্মীয় বাণীসমূহ খিলঞ্জীয়া ভাষা-সংস্কৃতি তথা হিন্দু ধৰ্মীয় শব্দৰ সৈতে সংগতি ৰাখি প্ৰচাৰ কৰিবলৈ বাধ্য হ’ল। অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰা মহান পীৰ হজৰত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰসমূহ তাৰেই জীৱন্ত উদাহৰণ। উল্লেখ্য যে এনেদৰে ধৰ্মান্তৰিত হোৱা খিলঞ্জীয়া লোকসকল আৰম্ভণিতে মূল সমাজখনৰ পৰা বাদ পৰি ৰোৱা সমাজখনৰ অন্তৰ্ভুক্ত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। এই লোকসকলেই গৰিয়া বুলি পৰিচিত হ’ল। অৱশ্যে গৰিয়া শব্দৰ উৎপত্তি সম্পৰ্কে আৰু কেইবাটাও মতবাদ আছে যদিও গৰিয়াসকলৰ দৈহিক গঠন, লোক- সংস্কৃতি, পৰম্পৰা আৰু জনগাঁথনি আদি দিশসমূহৰ ফালৰ পৰা ওপৰত উল্লেখিত মতবাদটোতেই যথার্থতা থকা বুলি অনুমান কৰা হয়। আনহাতে, আহোম ৰাজত্বকালত কাঁহ-পিতলৰ স’তে জড়িত ইছলাম ধৰ্মাৱলম্বী লোকসকলক মৰিয়া বুলি জনা যায়। মৰিয়া লোকসকলৰ অৱস্থিতি উজনি অসমৰ কিছু অঞ্চল, নগাঁও জিলা, নামনিৰ গুৱাহাটীৰ উজান বজাৰ আৰু হাজোত পোৱা যায়। দেশীসকল মূলতঃ অবিভক্ত গোৱালপাৰা জিলাৰ বাসিন্দা। অবিভক্ত গোৱালপাৰাৰ কোচ-ৰাজবংশী ভাষা- সংস্কৃতিসম্পন্ন ইছলাম ধৰ্মী খিলঞ্জীয়া লোকসকলক দেশী বা দেশী মুছলমান বুলি জনা যায়। দেশীসকল মূলতঃ কোচ-ৰাজবংশী, মেচ-কছাৰী আদি খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা লোক।

অসমৰ জাতীয় স্বাৰ্থত গৰিয়া মৰিয়া-দেশীৰ অৱদান :

অসমত ইছলাম ধৰ্মৰ সূচনা হৈছিল ১২০৬ খ্ৰীষ্টাব্দত আৰু আহোম ৰাজত্বকালৰ সূচনা হৈছিল ১২২৮ খ্রীষ্টাব্দত। এই আহোম ৰাজত্বকালতেই মোমাই তামুলী বৰবৰুৱাদেৱে কোচ ২ ঘৰ, ব্ৰাহ্মণ ২ ঘৰ, কলিতা ২ ঘৰ আদিৰ স’তে ২ ঘৰ গৰিয়া, ২ ঘৰ মৰিয়াকো সন্নিৱিষ্ট কৰি মহান অসমীয়া সমাজ গঠনৰ চানেকি ৰচনা কৰিছিল (প্ৰসংগ : ড° সূর্যকুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত ‘দেওধাই অসম বুৰঞ্জী, পৃঃ ৯৫)। গতিকে এই কথা সহজে অনুমেয় যে সাতামপুৰুষীয়া ধৰ্মনিৰপেক্ষ সমাজ-সংস্কৃতিৰে পৰিপুষ্ট অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগত গৰিয়া, মৰিয়া, দেশীসকল স্বদেশৰ স্বাৰ্থত আত্মবলিদান দিয়াৰ উপৰি অসমৰ শিল্প, কলা, সাহিত্য, সংস্কৃতি আদি সকলো দিশতে আহোম যুগৰে পৰা আজিলৈ অনবদ্য অৱদান যোগাই আহিছে। তেওঁলোকৰ মাজৰ মাথোঁ কেইজনমানৰ চানেকি আমি তলত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ ৷

বাঘ হাজৰিকা ঃ প্রকৃত নাম ইছমাইল ছিদ্দিকী। বাঘৰ সৈতে যুদ্ধ কৰি পৰাভূত কৰা শক্তিৰ বাবে বাঘ নাম অৰ্জন কৰিছিল। অদম্য সাহস আৰু কৰ্মদক্ষতাৰ বাবে আহোম ৰাজত্বকালত হাজৰিকা পদবী লাভ কৰিছিল। শৰাইঘাট ৰণত লাচিত বৰফুকনৰ সহযোগী পালি সেনাপতিৰূপে প্ৰৱল পৰাক্ৰমেৰে মোগলৰ বিৰুদ্ধে যুঁজিছিল।

আজান ফকিৰে চাহাব :

যিসকল মুছলমান ধৰ্মগুৰুৱে পৱিত্ৰ ইছলাম ধৰ্মৰ বাণীসমূহ সহজ-সৰল ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল, তাৰ ভিতৰত আজান ফকীৰ অন্যতম। আজান ফকিৰৰ অন্য নাম শ্বাহ মিলান। আজান ফকিৰ চাহাব সুদূৰ বাগদাদৰ পৰা ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ ভ্ৰমি অসমত থাকিবলৈ লৈছিল বুলি কোৱা হয়। কিন্তু তেওঁৰে ৰচিত দুই-এটা জিকিৰত থকা ‘ভিখাৰী আজানে কয় আহো পৰদেশ, ভাটিৰ পৰা আহিল চাহাব দাড়ি পকা’, এই বাক্যটোত পৰদেশ আৰু ভাটি শব্দই তেওঁক পশ্চিম অসমৰ কামৰূপ, গোৱালপাৰা আদি ঠাইৰ পৰা অহাও বুজাব পাৰে। আজান পীৰ বা শ্বাহ মিলানৰ নামত প্রচলিত আঠকুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ। জিকিৰসমূহৰ ৰচনা কাল কোনো কোনোৰ মতে ১৬৩৪ খ্ৰীষ্টাব্দ আৰু কোনো কোনোৰ মতে ১৭৩৪ খ্ৰীষ্টাব্দ। ৰজা গদাধৰ সিংহৰ দিনত ৰূপাই গৰীয়া দাধৰা নামৰ এজন (ইছলামধৰ্মী) বিষয়াৰ চক্ৰান্তত পৰি ৰজাই তেওঁৰ চকু কঢ়াইছিল যদিও ৰজাই পিছত নিজৰ ভুল উপলব্ধি কৰিব পাৰি তেওঁক সৰাগুৰি চাপৰিত মাটি-বৃত্তি দি স্থায়ীভাৱে থাকিবলৈ দিয়ে। তাতেই তেওঁৰ মৃত্যু হয়। তেওঁ নিতৌ পুৱা-গধূলি মছজিদত আজান দিয়াৰ বাবে মানুহে তেওঁক আজান ফকিৰ বুলি কৈছিল। বাহাদুৰ গাঁওবুঢ়া ঃ বাহাদুৰ গাঁওবুঢ়াক এগৰাকী স্বাধীনতা সংগ্রামী হিচাপে জনা যায়। তেওঁ বকতাৰ পৰা উঠি গৈ যোৰহাটত বসতি স্থাপন কৰিছিল। ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ জৰিয়তে আৰম্ভ হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামত মণিৰাম দেৱান, পিয়লি বৰুৱা আদিৰ লগতে বাহাদুৰ (বাহদিল)- ৰ ভূমিকা আছিল উল্লেখযোগ্য। ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ অপৰাধত কমিছনাৰ চি হলৰইডৰ বিচাৰ অনুযায়ী বাহাদুৰ গাঁওবুঢ়াক কলীয়াপানীলৈ যাৱজ্জীৱন দ্বীপান্তৰ কৰা হয়। চৈয়দ আব্দুল মালিক : গোলাঘাট জিলাৰ নাহৰণি গাঁৱত চৈয়দ পৰিয়ালত ১৯১৯ চনৰ ১৬ মে’ আছিল। ১৯৩৫ চনত ‘বন্ধ কোঠা’ নামৰ গল্প এটা প্ৰথম প্ৰকাশ ..ৰ পিছৰে পৰা তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে লিখি যোৱা গল্প, উপন্যাস, নাটক, কবিতা-পুথিৰে অসমীয়া সাহিত্য চহকী কৰি থৈ গৈছে। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ গৱেষণা আঁচনিৰ অধীনত অসমীয়া জিকিৰ আৰু জাৰী বিষয়ক গৱেষণা কৰে । তাৰিখে আব্দুল মালিকৰ জন্ম হয়। পিতৃৰ নাম চৈয়দ ৰহম্মত আলী। এগৰাকী স্বনামধন্য সাহিত্যিক ১৯৫৬-৫৭ চনত এছিয়ান ৰাইটাৰ্ছ কনফাৰেন্সত তেওঁ ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত সভাপতি পদত অধিষ্ঠিত হৈছিল। ১৯৫২-৫৫ চনত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ উপ-সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল। ‘অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল। ১৯৯৭ চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যাচার্য উপাধি প্রদান কৰে। ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৩ চনত আজান ফকিৰ বঁটা, ১৯৮৮ চনত হাৰ্মনী বঁটা, ১৯৯৫ চনত মহাপুৰুষ শংকৰদেৱৰ জীৱনকৰ্মৰ আধাৰত লিখা ‘ধন্য নৰ তনু ভাল’ নামৰ উপন্যাসখনৰ বাবে শংকৰদেৱ বঁটা লাভ কৰে। ১৯৯৯ চনত লাভ কৰে সাহিত্য অকাডেমীৰ ফেল’শ্বিপ । ভাৰত চৰকাৰে ১৯৮৪ চনত পদ্মশ্ৰী আৰু ১৯৯২ চনত পদ্মভূষণ উপাধিৰে বিভূষিত কৰে। বহু প্রতিভাৰ গৰাকী এইগৰাকী সাহিত্যিকে ২০০২ চনৰ ১৯ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে। নবাব ছেহিন্দুৰ ৰহমান : সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠন হোৱা ‘আজাদ হিন্দ ফৌজ’ৰ এগৰাকী অন্যতম নেতা আছিল। ভাৰতৰ স্বাধীনতা যুদ্ধত ‘আজাদ হিন্দ ফৌজ’ৰ এইগৰাকী অসমীয়াই আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম অসমীয়া শ্বহীদ। দ্বিতীয় মহাযুদ্ধৰ সময়ত মিত্র বাহিনীৰ বোমা বর্ষণত তেওঁৰ ১৯৪৫ চনৰ ৩১ মাৰ্চত মৃত্যু হয়। ফখৰুদ্দিন আলী আহমেদ : ফখৰুদ্দিন আলী আহমেদে ১৯০৫ চনৰ মে’ মাহৰ ১৩ তাৰিখে দিল্লীত জন্ম গ্ৰহণ কৰে। তেওঁ ১৯২৭ চনত কেমব্ৰিজৰ ছেণ্ট কেথোনি কলেজৰ পৰা বুৰঞ্জীৰ স্নাতক আৰু লণ্ডনৰ ইনার টেম্পলৰ পৰা বাৰ-এট-ল উপাধি লাভ কৰি ১৯৩১ চনত অসমলৈ আহি ওকালতি কৰাৰ লগতে ভাৰতীয় কংগ্ৰেছত যোগদানেৰে ৰাজনীতিতো অংশ গ্ৰহণ কৰে। ১৯৫২ চনত ৰাজ্যসভালৈ নির্বাচিত হয়। ১৯৬৬ চনত লোকসভাৰ সদস্য নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰী পদ লাভ কৰে। ১৯৭৪ চনৰ ২৪ আগষ্টত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি নির্বাচিত হয়। ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে ১৯৭৭ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ তেওঁ স্বৰ্গগামী হয়।

প্রশ্নাবলী

১। বখতিয়াৰ খিলিজিয়ে কেতিয়া অসমত প্ৰৱেশ কৰিছিল?

২। বখতিয়াৰ খিলিজি কিহৰ বাবে অসম প্ৰৱেশ কৰিছিল ?

৩। বখতিয়াৰ খিলিজিয়ে কাৰ হাতত পৰাস্ত হৈছিল ?

৪। ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা প্ৰথম জনজাতীয় ৰজাজনৰ নাম কি ?

৫। অসমত কাক গৰিয়া বুলি কোৱা হয়?

৬। আহোম ৰাজত্বকাললৈকে অসমত একাংশ খিলঞ্জীয়া লোক ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কাৰণ দুটা বর্ণনা কৰা।

৭। মৰিয়া আৰু দেশী জনগোষ্ঠীৰ বিষয়ে বৰ্ণনা কৰা।

৮। চমুটোকা লিখা :

(ক) বাঘ হাজৰিকা (খ) আজান ফকীৰ চাহাব

(গ) ছৈয়দ আব্দুল মালিক (ঘ) নবাব ছেহিন্দুৰ ৰহমান।