Class 11 Geography Book Chapter 6 | (গোট ৩) অধ্যায় ৬ ভূ- আকৃতিক প্ৰক্ৰম | MCQs Short Question Answer |

Chapter 6

ভূ-আকৃতিক প্ৰক্ৰম

১। তলত দিয়া কোনবিধ অনুক্ৰমিক প্ৰক্ৰিয়া-

(ক) অৱক্ষেপন

(খ) জ্বালামুখী

(গ) পাতাল বিৰূপন

(ঘ) খনন

উত্তৰঃ (ঘ) খনন

২। মৃত্তিকা সৃষ্টিৰ ক্ষেত্ৰত জলবায়ুৰ ভূমিকা গুৰুত্বপূৰ্ণনে ?

(ক) হয়

(খ) নহয়

উত্তৰঃ (ক) হয়

৩। নিম্ন উল্লেখিত কোনবিধ পদাৰ্থ জল যোজনা প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱান্বিত হয় ?

(ক) গ্ৰেনাইট

(খ) কোৱাৰ্জ

(গ) বোকা

(ঘ) লৱণ

উত্তৰঃ (ঘ) লৱণ

৪। গেদ সম্প্ৰপাত কোন শ্ৰেণীভূক্ত ?

(ক) ভূ-স্খলন

(খ) ধীৰ গতিৰ বৃহৎ সংচলন

(গ) ক্ষিপ্ৰ গতিৰ বৃহৎ সংচলন

(ঘ) অধোগমন

উত্তৰঃ (গ) ক্ষিপ্ৰ গতিৰ বৃহৎ সংচলন

৫। কাৰকৰ ক্ৰিয়াৰ ভিন্নতা অনুসৰি বিচূৰ্ণীভৱনক কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

৬। মৃত্তিকা গঠন কিমানবিধ মূল কাৰকৰ দ্বাৰা গঠিত ?

(ক) তিনিবিধ

(খ) চাৰিবিধ

(গ) পাঁচবিধ

উত্তৰঃ (গ) পাঁচবিধ

৭। জিপচাম, কেলচিয়াম ছালফেটতকৈ স্থিৰ নে অস্থিৰ-

(ক) স্থিৰ

(খ) অস্থিৰ

উত্তৰঃ (খ) অস্থিৰ

৮। সংচলনৰ ৰূপ কেইপ্ৰকাৰৰ-

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) ছয় প্ৰকাৰৰ

উত্তৰঃ (খ) তিনি প্ৰকাৰৰ

৯। ভূ-স্খলন কেইপ্ৰকাৰৰ ?

(ক) একপ্ৰকাৰৰ

(খ) বহুপ্ৰকাৰৰ

উত্তৰঃ (খ) বহুপ্ৰকাৰৰ

১০। জলবায়ুৰ প্ৰধান উপাদান কেইটা ?

(ক) দুটা

(খ) ছয়টা

উত্তৰঃ (ক) দুটা

১১। মাটিৰ ছিলিকা ধুই নিয়া প্ৰক্ৰিয়াক কি বোলে ?

(ক) চিলিকবিহীনকৰণ

(খ) ৰিজোবিয়াম

(গ) হিউমাছ

উত্তৰঃ (ক) চিলিকবিহীনকৰণ

১২। মৃত্তিকাৰ উৎপত্তিৰ সময়ৰ অৱদান গুৰুত্বপূৰ্ণনে ?

(ক) হয়

(খ) নহয়

উত্তৰঃ (ক) হয়

১৩। অৱক্ষেপন কিহৰ পৰিনাম-

(ক) ভূ-স্খলনৰ

(খ) খনন কাৰ্যৰ

(গ) ভূমিকম্পৰ

উত্তৰঃ (খ) খনন কাৰ্যৰ

১৪। মৃত্তিকা এবিধ গতিশীল মাধ্যম, শুদ্ধ নে অশুদ্ধ-

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৫। কেছুৱে কি খায়-

(ক) মাটি

(খ) মাছ

(গ) নিগনি

উত্তৰঃ (ক) মাটি

১৬। বৃহৎ সংলচন কেই প্ৰকাৰে বৰ্গীকৰণ কৰিব পাৰি ?

(ক) তিনিপ্ৰকাৰে

(খ) ছয়প্ৰকাৰে

(গ) নপ্ৰকাৰে

উত্তৰঃ (ক) তিনিপ্ৰকাৰে

১৭। ৰিবোজিয়াম কি ?

(ক) এবিধ মৃত্তিকা

(খ) এবিধ বেক্টেৰিয়া

(গ) এবিধ কংকৰ

উত্তৰঃ (খ) এবিধ বেক্টেৰিয়া

১৮। মৃত্তিকা প্ৰৱাহ কোন অঞ্চলৰ অবয়ৱ ?

(ক) ক্ৰান্তীয় নিম্ন

(খ) ক্ৰান্তীয় আৰ্দ্ৰ

উত্তৰঃ (খ) ক্ৰান্তীয় আৰ্দ্ৰ

১৯। স্খলিত পদাৰ্থবোৰ কেনেকোৱা হয় ?

(ক) পনীয়া

(খ) ডাঠ

(গ) শুকান

উত্তৰঃ (গ) শুকান

২০। জলবায়ুৰ ভেদে বেক্টেৰিয়াৰ কাৰ্যকলাপও বেলেগ হয়?

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ