Class 11 Geography Book Chapter 7 | (গোট ৩) অধ্যায় ৭ ভূ-আকৃতি আৰু বিকাশ | MCQs Short Question Answer |

Chapter 7

ভূ-আকৃতি আৰু বিকাশ

১। ভূ-গঠনৰ কোনটো পৰ্যায়ত নিম্নমুখী খনন কাৰ্য অধিক-

(ক) তৰুণ অৱস্থা

(খ) প্ৰৌঢ় অৱস্থা

(গ) বৃদ্ধ অৱস্থা

উত্তৰঃ (ক) তৰুণ অৱস্থা

২। বেলিকা বা ষ্টেপ থকা ঢালৰ সৈতে গভীৰ উপত্যাকাক কোৱা হয়-

(ক) খাত

(খ) কন্দৰ

(গ) অন্ধ উপত্যাকা

উত্তৰঃ (খ) কন্দৰ

৩। ভৌতিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়াতকৈ ৰাসায়নিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়া তলৰ কোনটো অঞ্চলত অধিক-

(ক) মৰু অঞ্চল

(খ) তুষাৰ আবৃত অঞ্চল

(গ) আৰ্দ্ৰ অঞ্চল

উত্তৰঃ (গ) আৰ্দ্ৰ অঞ্চল

৪। নদী উপত্যাকাৰ আকৃতি কেনেকুৱা হয়?

(ক) X আকৃতিৰ

(খ) Y আকৃতিৰ

(গ) V আকৃতিৰ

উত্তৰঃ (গ) V আকৃতিৰ

৫। লুপৰ গভীৰতা কিমান ধৰণৰ হব পাৰে ?

(ক) এক ধৰণৰ

(খ) দুই ধৰণৰ

(গ) বহুধৰণৰ

উত্তৰঃ (গ) বহুধৰণৰ

৬। উষ্ণ মৰুভূমি অঞ্চলত প্ৰবল কাৰক হল-

(ক) বতাহ

(খ) ভূমিকম্প

(গ) পানী

উত্তৰঃ (ক) বতাহ

৭। চূনশিলৰ অঞ্চলত থকা মূল ৰাসায়নিক দ্ৰব্যবিধ হল-

(ক) কাৰ্বন

(খ) দোলাইন

(গ) কেলছিয়াম

উত্তৰঃ (গ) কেলছিয়াম

৮। হিমবাহ উপত্যাকা কি আকৃতিৰ হয় ?

(ক) U আকৃতিৰ

(খ) V আকৃতিৰ

(গ) X আকৃতিৰ

উত্তৰঃ (ক) U আকৃতিৰ

৯। তলৰ কোনটো বাক্যই লেপি সংজ্ঞাটো অতি ভালকৈ বুজাব পাৰিছে –

(ক) সৰুৰ পৰা মধ্যমীয়া জোখৰ অগভীৰ নিম্নভাগ

(খ) উপৰিভাগৰ পৰা পানী জিপ-জিপকৈ সৰকি যোৱাৰ ফলত সৃষ্টি হোৱা ভূ-অবয়ব

(গ) তীক্ষ্ন পিনকোন, গাত আৰু শৈলশিৰা থকা অসমান ভূ-পৃষ্ঠ

উত্তৰঃ (গ) তীক্ষ্ন পিনকোন, গাত আৰু শৈলশিৰা থকা অসমান ভূ-পৃষ্ঠ

১০। গভীৰ,দীঘল আৰু বহল গাত মূৰৰফালে আৰু দুই কাষে, থকা বৰ থিয় উচ্চ বেৰযুক্ত দ্ৰোণীক কোৱা হয়-

(ক) চাৰ্ক

(খ) পাৰ্শ্ব গ্ৰাৱ

(গ) এস্কাৰ

উত্তৰঃ (ক) চাৰ্ক