Class 11 Geography Book Chapter 8 | (গোট ৪) অধ্যায় ৮ জলবায়ু | MCQs Short Question Answer |

Chapter 8

জলবায়ু

১। নিম্নলিখিত গেছবোৰৰ কোনটো গেছে বায়ুমণ্ডলৰ বেছি অংশ দখল কৰি আছে ?

(ক) অক্সিজেন

(খ) নাইট্ৰজেন

(গ) আৰ্গন

উত্তৰঃ (খ) নাইট্ৰজেন

২। মানুহৰ বাবে উপযোগী বায়ুমণ্ডলৰ স্তৰটো হল-

(ক) স্তৰমণ্ডল

(খ) মেছমণ্ডল

(গ) ট্ৰপমণ্ডল

উত্তৰঃ (গ) ট্ৰপমণ্ডল

৩। বায়ুৰ গোন্ধ আছেনে ?

(ক) আছে

(খ) নাই

উত্তৰঃ (খ) নাই

৪। সাগৰৰ নিমখ, পৰাগৰেণু, ছাই, ধোৱাৰ এলান্ধু, মিহি মৃত্তিকা- এইবোৰ সন্মিলিত হৈ আছে-

(ক) গেছ

(খ) ধূলিকণা

(গ) জলীয় ভাপ

উত্তৰঃ (খ) ধূলিকণা

৫। বায়ুমণ্ডলৰ কিমান ঊৰ্ধ্বতম অংশত অক্সিজেন গেছৰ পৰিমাণ তেনেই নগণ্য ?

(ক) ৯০ কিলোমিটাৰ

(খ) ১২০ কিলোমিটাৰ

(গ) ১৫০ কিলোমিটাৰ

উত্তৰঃ (খ) ১২০ কিলোমিটাৰ

৬। নিম্নলিখিত গেছবোৰৰ মাজৰ কোনবিধ গেছ আপতিত সৌৰ বিকিৰণৰ ক্ষেত্ৰত স্বচ্ছ আৰু পাৰ্থিৰ ওলাই যোৱা বিকিকৰণত অস্বচ্ছ ?

(ক) অক্সিজেন

(খ) নাইট্ৰজেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (গ) কাৰ্বন-ডাই-অক্সাইড

৭। জলীয় বাষ্পবোৰ হল এবিধ গেছীয় পদাৰ্থ, সচাঁ নে মিছা ?

(ক) সচাঁ

(খ) মিছা

উত্তৰঃ (ক) সচাঁ

৮। বায়ুৰ ৰং আছেনে ?

(ক) আছে

(খ) নাই

উত্তৰঃ (খ) নাই

৯। বায়ুক কেতিয়া অনুভৱ কৰিব পাৰি-

(ক) ভূমিকম্প আহিলে

(খ) বতাহ বলিলে

(গ) জুই লাগিলে

উত্তৰঃ (খ) বতাহ বলিলে

১০। বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৰ নাম কি ?

(ক) মেছমণ্ডল

(খ) স্তৰমণ্ডল

(গ) ট্ৰপমণ্ডল

উত্তৰঃ (গ) ট্ৰপমণ্ডল

১১। ট্ৰপমণ্ডলৰ গড় উচ্চতা কিমান-

(ক) ১১ কিলোমিটাৰ

(খ) ১৩ কিলোমিটাৰ

(গ) ১৬ কিলোমিটাৰ

উত্তৰঃ (খ) ১৩ কিলোমিটাৰ

১২। বায়ুমণ্ডলৰ স্তম্ভক কেইটা স্তৰত ভাগ কৰা হৈছে ?

(ক) তিনিটা

(খ) চাৰিটা

(গ) পাঁচটা

উত্তৰঃ (গ) পাঁচটা

১৩। ট্ৰপপজৰ ওপৰৰ স্তৰটো কি ?

(ক) স্তৰমণ্ডল

(খ) মেছমণ্ডল

(গ) তাপমণ্ডল

উত্তৰঃ (ক) স্তৰমণ্ডল

১৪। জলীয় বাষ্প উচ্চতাৰ ক্ৰম অনুসৰি কমি গৈ থাকে, শুদ্ধ নে অশুদ্ধ-

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৫। বায়ুমণ্ডল বিভিন্ন ঘনত্ব আৰু তাপ সম্পন্ন স্তৰেৰে গঠিত, সচাঁ নে মিছা –

(ক) সচাঁ

(খ) মিছা

উত্তৰঃ (ক) সচাঁ

১৬। মেছমণ্ডল পৃথিৱীপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বিস্তত হৈ আছে ?

(ক) ৭০ কিলোমিটাৰ

(খ) ৭২ কিলোমিটাৰ

(গ) ৮০ কিলোমিটাৰ

উত্তৰঃ (গ) ৮০ কিলোমিটাৰ

১৭। আটাইতকৈ ঊৰ্ধ্বতম স্তৰটো হল-

(ক) এক্সস্ফিয়াৰ

(খ) ট্ৰপপজ

(গ) মেছপজ

উত্তৰঃ (ক) এক্সস্ফিয়াৰ

১৮। জলীয় বাষ্পবোৰ ভূ-পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ থাকে ?

(ক) ৮০ কিলোমিটাৰ

(খ) ৯০ কিলোমিটাৰ

(গ) ৯৫ কিলোমিটাৰ

উত্তৰঃ (খ) ৯০ কিলোমিটাৰ

১৯। বায়ুমণ্ডলত কি থাকে-

(ক) অক্সিজেন

(খ) নাইট্ৰজেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (ক) অক্সিজেন

২০। তলৰ কোনটো বস্তু নহলে আমি জীয়াই থাকিব নোৱাৰো-

(ক) তাপ

(খ) মৃত্তিকা

(গ) বায়ু

উত্তৰঃ (গ) বায়ু