Class 4 Social Science Chapter 19 MCQ’s Sankardev School | পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ | Class 4 Social Science Chapter 19 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 19

পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ

১। আহ্নিক গতিৰ ফলত কি হয়?

(ক) ঋতু পৰিৱৰ্তন

(খ) দিন-ৰাতি

(গ) চুটি-দীঘল

উত্তৰ- (খ) দিন-ৰাতি ।

২। আকাৰ হিচাপে আমাৰ পৃথিৱীখনৰ স্থান সৌৰজগতৰ আঠটা গ্ৰহৰ ভিতৰত কেই নম্বৰ স্থান?

(ক) পঞ্চম

(খ) সপ্তম

(গ) অষ্টম

উত্তৰ- (ক) পঞ্চম ।

৩। পৃথিৱীয়ে নিজ কক্ষপথৰে সূৰ্যৰ চাৰিওফালে এবছৰত এপাক ঘূৰা গতিটোক কি গতি বোলে?

(ক) আহ্নিক গতি

(খ) বাৰ্ষিক গতি

(গ) অধিবৰ্ষ

উত্তৰ- (খ) বাৰ্ষিক গতি ।

৪। প্ৰতি চাৰি বছৰৰ অন্তৰত ফেব্ৰুৱাৰী মাহত কেইটা দিন বঢ়াই লোৱা হয়?

(ক) এটা

(খ) দুটা

(গ) চাৰিটা

উত্তৰ- (ক) এটা ।

৫। পৃথিৱীৰ নিৰ্দিষ্ট কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থকা গতিটোক কি গতি বোলে?

(ক) বাৰ্ষিক গতি

(খ) আহ্নিক গতি

(গ) অধিবৰ্ষ

উত্তৰ- (ক) বাৰ্ষিক গতি ।

৬। পৃথিৱীৰ আকাৰ কেনে কোৱা?

(ক) দীঘলীয়া

(খ) গোল

(গ) লাটুমৰ দৰে

উত্তৰ- (খ) গোল ।

৭। কৰ্কট ক্ৰান্তি আমাৰ দেশৰ প্ৰায় কিহেদি গৈছে?

(ক) সোঁমাজেৰে

(খ) বেকাহৈ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) সোঁমাজেৰে ।

৮। ২৪ ঘণ্টা ঘূৰা গতিটোক কি গতি বোলে?

(ক) অধিবৰ্ষ

(খ) বাৰ্ষিক গতি

(গ) আহ্নিক গতি

উত্তৰ- (গ) আহ্নিক গতি ।

৯। বিষুৱীয় অঞ্চলত পৃথিৱীৰ এই গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় কিমান কিলোমিটাৰ?

(ক) ১৩০০ কিলোমিটাৰ

(খ) শূন্য় কিলোমিটাৰ

(গ) ১৬০০ কিলোমিটাৰ

উত্তৰ- (গ) ১৬০০ কিলোমিটাৰ ।

১০। আনহাতে, উত্তৰ আৰু দক্ষিণ মেৰুত এই গতিবেগ প্ৰায় কিমান কিলোমিটাৰ?

(ক) শূন্য় কিলোমিটাৰ

(খ) ১ কিলোমিটাৰ

(গ) ১৭০০ কিলোমিটাৰ

উত্তৰ- (ক) শূন্য় কিলোমিটাৰ ।

Type by- Bikul Mandal