Class 11 Logic and Philosophy Unit 6 Chapter 1 Short Question and Answer AHSEC Board in Assamese Medium | ভাৰতীয় দৰ্শন | Class 11 Logic and Philosophy Unit 6 Chapter 1 Short Answer in Assamese Medium |

Chapter 1

ভাৰতীয় দৰ্শন

১। ভাৰতীয় দৰ্শন কেনেকৈ গঢ়ি উঠিছে ?

উত্তৰঃ সমগ্ৰ ভাৰতভূমিক আৱাহমান কালৰে পৰা চলি অহা ৰীতি-নীতি, জীৱন-ধাৰাৰ পটভূমিত ভাৰতীয় দৰ্শন গঢ়ি উঠিছে।

২। ‘দৰ্শন’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে ?

উত্তৰঃ ‘দৰ্শন’ শব্দটো সংস্কৃত ‘দৃশ’ ধাতুৰ পৰা উৎপত্তি হৈছে।

৩। ‘দৃশ’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ ‘দৃশ’ শব্দৰ অৰ্থ হ’ল ‘দেখা’ বা ‘প্ৰত্য়ক্ষ কৰা’ ।

৪। চাক্ষুক জ্ঞান কাক বোলে ?

উত্তৰঃ চকু আৰু বিষয়বস্তুৰ সন্নিকাৰ্ষৰ ফলত যি জ্ঞান জন্মে তাক চাক্ষুক জ্ঞানে বোলে।

৫। জগতৰ বস্তুসমূহৰ দুটা ৰূপ বা প্ৰকাশ থাকে । সেইকেইটা কি কি ?

উত্তৰঃ সেইকেইটা হ’ল– বাহ্য়িক ৰূপ আৰু প্ৰকৃত ৰূপ।

৬। ভাৰতীয় দৰ্শনৰ লক্ষ্য় কি ?

উত্তৰঃ সমগ্ৰ বিশ্বত যি সত্য় বা তত্ব নিহিত আছে, যাৰ পৰা চেতন-অচেতন সকলো বস্তুৰ উৎপত্তি হয়, সেই পৰমসত্য়ক উপলদ্ধি কৰাই ভাৰতীয় দৰ্শনৰ লক্ষ্য়।

৭। ভাৰতীয় দৰ্শন বুলিলে কি বুজা যায় ?

উত্তৰঃ ভাৰতীয় দৰ্শন বুলিলে সত্য়জ্ঞানৰ সহায়ত মানুহে জীৱনধাৰা নিয়ন্ত্ৰণ কৰি শুদ্ধ বিচাৰৰ দ্বাৰা জীৱন পৰিচালিত কৰা বুজায়।

৮। দৰ্শনৰ শাখাত কি কি আলোচনা কৰা হয় ?

উত্তৰঃ দৰ্শনৰ শাখাত- মনোবিদ্য়া, জ্ঞানবিদ্য়া, তত্ববিদ্য়া, নীতিবিদ্য়া, তৰ্কবিদ্য়া, ধৰ্ততত্ব, সমাজবিদ্য়া, ৰাজনীতিবিদ্য়া আৰু সামগ্ৰিকভাৱে আলোচনা কৰা হয়।

৯। ভাৰতীয় দৰ্শনৰ ভিন্নমতৰ মুঠ কেইটা সম্প্ৰদায়ৰ চিন্তাধাৰাৰ সমষ্টি ।

উত্তৰঃ ভাৰতীয়  দৰ্শনৰ ভিন্নমতৰ মুঠ ন টা সম্প্ৰদায়ৰ চিন্তাধাৰাৰ সমষ্টি।

১০। বেদ কেইখন আৰু কি কি ?

উত্তৰঃ বেদ চাৰিখন- ঋক্, জজু, সম, অথৰ্ব।

১১। আত্মা কাক বোলে ?

উত্তৰঃ প্ৰত্য়েক সম্প্ৰদায়ে সূক্ষ্ম বিচাৰ-বিশ্লেষণ পদ্ধতিৰে আগবাড়ি ভাৰতীয় দৰ্শনৰ ক্ৰমবিকাশ ধাৰা গঢ়ি তুলিছে। ইয়াৰ মাজত আমি এটা ঐক্য়ৰ উপস্থিতি অনুভৱ কৰো, যাক ভাৰতৰ আত্মা বুলিব পাৰো।

১২। বেদসমূহক ভাৰতীয় দৰ্শনৰ প্ৰাচীনতম লেখনি বুলি কিয় কোৱা হয় ?

উত্তৰঃ ভাৰতীয় দৰ্শনে বোদৰ পৰা বৰ্তমানলৈতকে ভাৰতীয় চিন্তাৰ বিভিন্ন দিশক সামৰি লৈছে। ভাৰতীয় চিন্তাৰ উন্মেষ ঘটিছে বেদত। সেয়েহে বেদসমূহক ভাৰতীয় দৰ্শনৰ প্ৰাচীনতম লেখনি বুলি কোৱা হয়।

১৩। বেদসমূহ প্ৰথমতে জ্ঞানী মুনিসকলৰ মুখে মুখে চলি আহিছিল। তেওঁলোকক কি বুলি কোৱা হয় ?

উত্তৰঃ তেওঁলোকক দ্ৰষ্টা বুলি কোৱা হয়।

১৪। জীৱনত সত্য়, শিৱ আৰু সুন্দৰ প্ৰতিষ্ঠাৰ বাবে কিহৰ প্ৰয়োজন ?

উত্তৰঃ জীৱনত সত্য়, শিৱ আৰু সুন্দৰ প্ৰতিষ্ঠাৰ বাবে তত্ববিজ্ঞানৰ প্ৰয়োজন।

১৫। কিহৰ বাহিৰে বাকী সকলো ভাৰতীয় দৰ্শন গভীৰভাৱে আধ্য়াত্মিক।

উত্তৰঃ একমাত্ৰ চাৰ্বাক দৰ্শনৰ বাহিৰে বাকী সকলো ভাৰতীয় দৰ্শন গভীৰভাৱে আধ্য়াত্মিক।

১৬। জন্মন্তৰবাদ কাক বোলে ?

উত্তৰঃ নিজৰ কৰ্মফল ভোগ কৰিবৰ নিমিত্তে আত্মাই পুনঃ পুনঃ জন্ম পৰিগ্ৰহণ কৰাকে জন্মান্তৰবাদ বোলে।

১৭। আত্মাৰ বন্ধন কাক বোলে ?

উত্তৰঃ আত্মাই যেতিয়া অতীত কৰ্মৰ ফল ভোগ কৰিবলৈ জন্ম গ্ৰহণ কৰি দেশ-কালত সীমিত হয় সেই অৱস্থাক আত্মাৰ বন্ধন বোলে।

১৮। ভাৰতীয় দৰ্শনক প্ৰধানকৈ কেই ভাগত ভগোৱা হৈছে আৰু কি কি ?

উত্তৰঃ ভাৰতীয় দৰ্শনক প্ৰধানকৈ দুই ভাগত ভগোৱা হৈছে যেনে- আস্তিক আৰু নাস্তিক।

১৯। যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা মহৰ্ষি পতঞ্জলী।

২০। মীমাংসা দৰ্শনৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ মীমাংসা দৰ্শনৰ প্ৰতিষ্ঠাতা মহৰ্ষি জৈমিনি।