Class 11 Logic and Philosophy Unit 7 Chapter 1 Short Question and Answer AHSEC Board in Assamese Medium | জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ব | Class 11 logic and Philosophy Unit 7 Chapter 1 Short Answer in Assamese Medium |

Chapter 1

জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব

১। জ্ঞানবিদ্য়া কাক বোলে ?

উত্তৰঃ দৰ্শনৰ যিটো শাখাই জ্ঞানৰ উৎপত্তি, স্বৰূপ, চৰ্ত, সীমা প্ৰভৃতি আলোচনা কৰে তাকেই জ্ঞানবিদ্য়া বোলে।

২। দৰ্শনৰ উদ্দেশ্য় কি ?

উত্তৰঃ সত্য়ক জনাই হৈছে দৰ্শনৰ উদ্দেশ্য়।

৩। জ্ঞানবিদ্য়াৰ চাৰিটা মতবাদ কি কি ?

উত্তৰঃ জ্ঞানবিদ্য়াৰ চাৰিটা মতবাদ হৈছে– বুদ্ধিবাদ (Rationalism), অভিজ্ঞতাবাদ (Empiricism), বিচাৰবাদ (Criticism) আৰু স্বজ্ঞাবাদ (Intuitionism) আদি।

৪। অভিজ্ঞতাক বৰ্জন কৰি কিহক যথাৰ্থ জ্ঞান লাভৰ উৎস বুলি কৈছে ?

উত্তৰঃ অভিজ্ঞতাক বৰ্জন কৰি বুদ্ধিকেই যথাৰ্থ জ্ঞান লাভৰ উৎস বুলি কৈছে।

৫। কাৰ মতে বুদ্ধিয়েই হৈছে জ্ঞান লাভৰ একমাত্ৰ উপায় ?

উত্তৰঃ ছক্ৰেটিছৰ মতে বুদ্ধিয়েই হৈছে জ্ঞান লাভৰ একমাত্ৰ উপায়।

৬। আধুনিক পাশ্চাত্য় দৰ্শনৰ ইতিহাসত বুদ্ধিবাদী দাৰ্শনিক হিচাপে উল্লেখযোগ্য় ব্য়ক্তি তিনি গৰাকীৰ নাম লিখা।

উত্তৰঃ ডেকাৰ্ট (Descartes), স্পিনোজা (Spinoza), লাইব্নিজ (Leibnitz) আদি।

৭। ডেকাৰ্টক কি বুলি কোৱা হয় ?

উত্তৰঃ ডেকাৰ্টক আধুনিক পাশ্চাত্য় দৰ্শনৰ জনক বুলি কোৱা হয়।

৮। ডেকাৰ্টৰ মতে আমাৰ মনত তিনি প্ৰকাৰৰ ধাৰণা থাকে। সেইকেইটা কি কি ?

উত্তৰঃ সেইকেিটা হ’ল –  (1) আগন্তুক ধাৰণা, (2) কৃত্ৰিম বা কাল্পনিক ধাৰণা, আৰু (3) অন্তৰ্জাত ধাৰণা আদি।

৯। নিজে নিজৰ মনত উদ্ভৱ হোৱা ধাৰণাবোৰক ডেকাৰ্টে কি বুলি কৈছে ?

উত্তৰঃ নিজে নিজৰ মনত উদ্ভৱ হোৱা ধাৰণাবোৰক ডেকাৰ্টে অন্তৰ্জাত ধাৰণা বুলি কৈছে।

১০। সত্য়ক প্ৰতিষ্ঠা কৰিবৰ বাবে কি কি ধাৰণা প্ৰয়োজন ?

উত্তৰঃ সত্য়ক প্ৰতিষ্ঠা কৰিবৰ বাবে দ্ৰব্য়, গুণ আৰু বিকাৰ এই তিনিটাৰ প্ৰয়োজন ।

১১। লাইব্নিজে মন বা আত্মাক কি বুলি অভিহিত কৰিছে ?

উত্তৰঃ লাইব্নিজে মন বা আত্মাক ‘মনাড’ বুলি অভিহিত কৰিছে।

১২। ডেকাৰ্টৰ মতে গণিতশাস্ত্ৰত কেতবোৰ কেনেধৰণৰ ?

উত্তৰঃ ডেকাৰ্টৰ মতে গণিতশাস্ত্ৰত কেতবোৰ স্বত: সিদ্ধ ।

১৩। বুদ্ধিবাদী দাৰ্শনিক সকলে কিহক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে ?

উত্তৰঃ বুদ্ধিবাদী দাৰ্শনিক সকলে বুদ্ধিকেই যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।

১৪। মতবাদসমূহ কিয় নিৰ্বিচাৰবাদী হৈ পৰিছে ?

উত্তৰঃ বুদ্ধিবাদী সকলে যিবিলাক কথা যুক্তি বা বুদ্ধিৰে প্ৰমাণ কৰিব পৰা নাই সেইবিলাক বিনাবিচাৰে গ্ৰহণ কৰিছে। সেইকাৰণে এই মতবাদসমূহ নিৰ্বিচাৰবাদী হৈ পৰিছে।

১৫।  কাৰ মতে, ব্য়ক্তিৰ অভিজ্ঞতাই হ’ল সত্য়মিথ্য়া বিচাৰৰ মাপকাঠি ?

উত্তৰঃ চফিষ্ট সকলৰ মতে, ব্য়ক্তিৰ অভিজ্ঞতাই হ’ল সত্য়মিথ্য়া বিচাৰৰ মাপকাঠি।

১৬। লকৰ বিখ্য়াত গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ লকৰ বিখ্য়াত গ্ৰন্থখন হ’ল — ‘An Easy Concerning Human Understanding’ ।

১৭। অভিজ্ঞতা কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ অভিজ্ঞতা দুই প্ৰকাৰৰ যেনে- সংবেদন (Sensation) আৰু অন্তদৰ্শন (Introspection) ।

১৮। জৰ্জ বাৰ্কলে এজন কি আছিল ?

উত্তৰঃ জৰ্জ বাৰ্কলে এজন অভিজ্ঞতাবাদী দাৰ্শনিক আছিল ।

১৯। জ্ঞানৰ উৎপত্তি কেনেদৰে হয় ?

উত্তৰঃ মুদ্ৰণ বা ধাৰণাবোৰ অনুষংগ নিয়মৰ দ্বাৰা পৰস্পৰৰ লগত যেতিয়া নিজে নিজে সংযুক্ত হয় তেতিয়াই জ্ঞান উৎপত্তি হয়।

২০। হিউমৰ অভিজ্ঞাতাবাদৰ অনিবাৰ্য পৰিণতি কি ?

উত্তৰঃ হিউমৰ অভিজ্ঞতাবাদৰ অনিবাৰ্য পৰিণতি হৈছে সংবেদনবাদ আৰু সংশয়বাদ।