Class 11 Logic & Philosophy Book বচন অধ্য়ায় ২ | Unit 2 Chapter- 2 | Short Question Answer | চমু প্ৰশ্ন উত্তৰ পাব |

Chapter 2

বচন

১। বচনৰ চতুবৰ্গীয় শ্ৰেণীবিভাজন কি ?

উত্তৰঃ বচনৰ সংজ্ঞা, গঠন, গুণ, পৰিমাণ, সম্বন্ধ আৰু নিশ্চয়তা অনুসৰি বচনৰ পৌৰাণিক শ্ৰেণীবিভাগ, বচনৰ চতুবৰ্গীয় শ্ৰেণীবিভাজন।

২। তৰ্কবিজ্ঞানৰ মুখ্য় আলোচ্য় বিষয় কি ?

উত্তৰঃ যুক্তি বা অনুমানেই তৰ্কবিজ্ঞানৰ মুখ্য় আলোচ্য় বিষয়।

৩। মানসিক প্ৰক্ৰিয়াক অৱধাৰণ কাক বোলে ?

উত্তৰঃ দুটা প্ৰত্য়য় বা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰাৰ মানসিক প্ৰক্ৰিয়াক অৱধাৰণ বোলে।

৪। অৱধাৰণ এটা মানসিক প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়াৰ দ্বাৰা কি হয় ?

উত্তৰঃ এই প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰত্য়য় বা ধাৰণাৰ মাজত সম্বন্ধ স্থাপন কৰা হয়।

৫। অৱধাৰণক কেতিয়া বচন বোলা হয় ?

উত্তৰঃ অৱধাৰণ যেতিয়া ভাষাৰ জৰিয়তে প্ৰকাশিত হয় তেতিয়া তাক বচন বোলে।

৬। বচনৰ অংশ তিনিটাক যথাক্ৰমে কি বোলে ?

উত্তৰঃ বচনৰ অংশ তিনিটাত যথাক্ৰমে উদ্দেশ্য়, সংযোজক আৰু বিধেয় বোলে।

৭। বচন এটা গঠন কৰিবলৈ হ’লে কেইটা অংশৰ প্ৰয়োজন হয় আৰু কি কি ?

উত্তৰঃ বচন এটা গঠন কৰিবলৈ হ’লে তিনিটা অংশৰ প্ৰয়োজন হয় সেই কেইটা হ’ল – উদ্দেশ্য়, সংযোজক আৰু বিধেয়।

৮। বাক্য় কাক বোলে ?

উত্তৰঃ এক বা একাধিক শব্দ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য় বোলা হয়।

৯। বচন কাক বোলে ?

উত্তৰঃ আমি সচৰাচৰ যিবোৰ বাক্য় ব্য়ৱহাৰ কৰো তাক স্পষ্ট আৰু প্ৰমাণযোগ্য় কৰিবৰ বাবে তৰ্কবিজ্ঞানত এটি বিশেষ ৰূপ দি লও তাকে বচন বুলি কোৱা হয় ।

১০। বচনৰ ধৰ্ম কি ?

উত্তৰঃ সত্য়তা আৰু মিথ্য়াত্ব হৈছে বচনৰ ধৰ্ম।

১১। গুণ অনুসৰি বচনক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি ?

উত্তৰঃ গুণ অনুসৰি বচনক দুটা ভাগত ভগোৱা হৈছে যেনে- (1) সদাৰ্থক আৰু (2) নঞৰ্থক।

১২। নঞৰ্থক বচন কাক বোলে ?

উত্তৰঃ যি বচনত বিধেয় পদটোক উদ্দেশ্য় পদ সম্পৰ্কে অস্বীকাৰ কৰা হয় তাকে নঞৰ্থক বচন বোলে।

১৩। পৰিমাণ অনুসৰি বচনক দুটা ভাগত ভগোৱা হৈছে । সেইকেইটা কি কি ?

উত্তৰঃ (1) সামান্য় বা সাৰ্বিক আৰু (2) বিশেষ বচন।

১৪। সামান্য় বা সাৰ্বিক বচন বুলিলে কি বুজা ?

উত্তৰঃ  যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য় সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰা হয়, তাকে সামান্য় বা সাৰ্বিক বচন বোলে।

১৫। বিশেষ বচন কেতিয়া হয় ?

উত্তৰঃ যদি বচনৰ উদ্দেশ্য়টো অনিৰ্দিষ্ট হয় তেতিয়া ই বিশেষ বচন হয়।

১৬। নিৰপেক্ষ বচন কাক বোলে ? 

উত্তৰঃ যি বচনৰ উদ্দেশ্য় আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে, তেনেকুৱা বচনক নিৰপেক্ষ বচন বোলে।

১৭। সাপেক্ষ বচনক কেই ভাগত ভগোৱা হৈছে আৰু কি কি ?

উত্তৰঃ সাপেক্ষ বচনক দুই ভাগত ভগোৱা হৈছে যেনে- (a) সকল্পক বচন আৰু  (b) বিকল্পক বচন।

১৮। সকল্পক বচনত চৰ্তটো সদায় কি হ’ব লাগে ?

উত্তৰঃ সকল্পক বচনত চৰ্তটো সদায় বচনটোৰ প্ৰথম অংশটোত থাকিব লাগে।

১৯। বিৱৰণাত্মক বচন বুলিলে কি বুজা ?

উত্তৰঃ যি বচনত উদ্দেশ্য় আৰু বিধেয়ৰ মাজৰ সম্বন্ধ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হয়, তেনেকুৱা বচনক বিৱৰণাত্মক বচন বুলি কোৱা হয়।

২০। সম্ভাৱ্য় বচন মানে কি ? এটা উদাহৰণ দিয়া ।

উত্তৰঃ যি বচনত উদ্দেশ্য় আৰু বিধেয়ৰ মাজত থকা সম্বন্ধটো মাত্ৰ সম্ভৱনামূলক, অৰ্থাৎ হ’বও পাৰে নহ’বও পাৰে, তেনেকুৱা বচনক সম্ভাৱ্য বচন বোলে। 

উদাহৰণঃ ‘লৰাজন বদমাচ হ’ব পাৰে’।