Class 3 Social Science Chapter 2 MCQ’s Sankardev School | আমাৰ অনুষ্ঠান – প্ৰতিষ্ঠানসমূহ | Class 3 Social Science Chapter 2 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 2

আমাৰ অনুষ্ঠান – প্ৰতিষ্ঠানসমূহ

১। অনুষ্ঠানসমূহ মূলতঃ কেই প্ৰকাৰৰ ?

(ক) চাৰি প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) এক প্ৰকাৰৰ

উত্তৰ- (খ) দুই প্ৰকাৰৰ ।

২। মহাবিদ্যালয়সমূহত কি কি বিষয়ে শিক্ষা দিয়া হয়?

(ক) কৃষি

(খ) কলা, বিজ্ঞান , বাণিজ্য, পশু, কাৰিকৰী

(গ) পশু

উত্তৰ- (খ) কলা, বিজ্ঞান , বাণিজ্য, পশু, কাৰিকৰী ।

৩। বিশ্ববিদ্যালয়ত মুৰবীজনক কি বুলি কোৱা হয়?

(ক) উপাচাৰ্য

(খ) শিক্ষক

(গ) অধ্যাপক

উত্তৰ- (ক) উপাচাৰ্য ।

৪। চিকিৎসালয়সমূহ কেই ধৰণৰ থাকে ?

(ক) তিনি

(খ) এক

(গ) দুই

উত্তৰ- (গ) দুই ।

৫। পুথি হৈছে কিহৰ ভাণ্ডাৰ ?

(ক) জ্ঞানৰ

(খ) পোহৰৰ

(গ) ভাৰতৰ

উত্তৰ- (ক) জ্ঞানৰ ।

৬। পুথিভঁৰাল হৈছে কিহৰ ঘৰ?

(ক) দোকাণ ঘৰ

(খ) কিতাপৰ ঘৰ

(গ) শিক্ষা ঘৰ

উত্তৰ- (খ) কিতাপৰ ঘৰ ।

৭। অসমৰ সামাজিক জীৱনৰ বৈশিষ্ট্যপূৰ্ণ অংগ কি ?

(ক) নামঘৰ

(খ) সত্ৰ

(গ) বিদ্যালয়

উত্তৰ- (খ) সত্ৰ ।

৮। কোনে সত্ৰ স্থাপনৰ পৰস্পৰা আৰম্ভ কৰিছিল?

(ক) শ্ৰী মাধৱ দেৱে

(খ) শ্ৰীমন্ত শংকৰদেৱে

(গ) শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা দেৱে

উত্তৰ- (খ) শ্ৰীমন্ত শংকৰদেৱে ।

৯। সত্ৰৰ মুৰবীজনক কি বুলি কোৱা হয়?

(ক) অধ্যাপক

(খ) সত্ৰাধিকাৰ

(গ) উপাচাৰ্য

উত্তৰ- (খ) সত্ৰাধিকাৰ ।

১০। অসমত কিমাণ সত্ৰ আছে ?

(ক) সাতশৰো অধিক

(খ) তিনিশৰো অধিক

(গ) পাঁচশৰো অধিক

উত্তৰ- (গ) পাঁচশৰো অধিক ।

Type by- Bikul Mandal