Class 4 Science Chapter 4 MCQ’s Jatiya Bidyalay | কাৰ্য্য,বল আৰু শক্তি | AJB Class 4 Science Chapter 4 MCQ’s Assamese Medium | Class 4 Science Chapter 4 | MCQ’s Type Question Answer |

Chapter- 4

কাৰ্য্য,বল আৰু শক্তি

১। কাম কৰিবলৈ কি দিয়া হয় ?

(ক) বল

(খ) হেঁচা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বল ।

২। গৰুয়ে কি কৰে ?

(ক) শিল গুটি ওপৰলৈ দলিয়াই

(খ) হাল বায়

(গ) ডেউকা কোবাই উৰে

উত্তৰ- (খ) হাল বায় ।

৩। চুম্বকে কাক আকৰ্ষণ কৰে ?

(ক) মানুহক

(খ) জীৱ-জন্তুক

(গ) লোহাক

উত্তৰ- (গ) লোহাক ।

৪। চাইকেল কিহেৰে চলায় ?

(ক) হাতেৰে

(খ) ভৰিৰে

(গ) হাত, ভৰি দুয়োটাই

উত্তৰ- (গ) হাত, ভৰি দুয়োটাই ।

৫। সৰি পৰা সকলো ফল-মূলক কোনে টানি আনে ?

(ক) বতাহে

(খ) বায়ুৱে

(গ) পৃথিৱীয়ে

উত্তৰ- (গ) পৃথিৱীয়ে ।

৬। বস্তুৱে নতুন অৱস্থানৰ বাবে পোৱা শক্তিক কি শক্তি বোলে ?

(ক) গতি শক্তি

(খ) ৰাসায়নিক শক্তি

(গ) স্থিতি শক্তি

উত্তৰ- (গ) স্থিতি শক্তি ।

৭। উদ্ভিদক খাদ্য কোনে তৈয়াৰ কৰি দিয়ে ?

(ক) মানুহে

(খ) শক্তিয়ে

(গ) উদ্ভিদে নিজেই

উত্তৰ- (গ) উদ্ভিদে নিজেই ।

৮। তাৰবাবে উদ্ভিদক কি লাগে ?

(ক) সাৰ, পানী, বায়ু

(খ) বতাহ, পোহৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সাৰ, পানী, বায়ু ।

৯। কিহৰ সহায়ত যন্ত্ৰপাতি চলে ?  

(ক) কেৰাচিন আৰু মিঠাতেলৰ সহায়ত

(খ) কয়লা আৰু পেট্ৰ’লৰ সহায়ত

(গ) কয়লা আৰু কেৰাচিন তেলৰ সহায়ত

উত্তৰ- (খ) কয়লা আৰু পেট্ৰ’লৰ সহায়ত ।

১০। চৰাইটোক উৰিবলৈ শক্তি লাগে নে নালাগে ?

(ক) নালাগে

(খ) লাগে

(গ) লাগে কিন্তু কম

উত্তৰ- (খ) লাগে ।

Type by- Bikul Mandal