Class 8 New Science 2 Chapter 18 MCQ’s Assam Jatiya Bidyalaya | বৈদ্য়ুতিক আধান আৰু বজ্ৰপাত | AJB Class 8 New Science 2 Chapter 18 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 18 | MCQ’s Type Question Answer |

Chapter- 18

বৈদ্য়ুতিক আধান আৰু বজ্ৰপাত

১। তলৰ কোনটোত বিদ্যুতৰ উৎপত্তি হয়

(ক) মেঘত

(খ) ডাৱৰত

(গ) বজ্ৰপাত

উত্তৰ- (ক) মেঘত ।

২। আধান সকলো বস্তুৰে কি ?

(ক) মৌলিক ধৰ্ম

(খ) ভৌতিক ধৰ্ম

(গ) বৈদ্যুতিক

উত্তৰ- (ক) মৌলিক ধৰ্ম ।

৩। আধানৰ কেই প্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ

(খ) চাৰি প্ৰকাৰৰ

(গ) ছয় প্ৰকাৰৰ

উত্তৰ- (ক) দুই প্ৰকাৰৰ ।

৪। ঋণাত্মকভাৱে আহিত বস্তুত কোনবিধ কণিকা বেছিকৈ থাকে ?

(ক) প্ৰ’টন

(খ) ইলেক্ট্ৰ’ন

(গ) নিউট্ৰন

উত্তৰ- (খ) ইলেক্ট্ৰ’ন ।

৫। তলৰ কোনটো আধানহীনযুক্ত ?

(ক) ইলেক্ট্ৰ’ন

(খ) প্ৰ’টন

(গ) নিউট্ৰন

উত্তৰ- (গ) নিউট্ৰন ।

৬।  আধান দুই প্ৰকাৰৰ বুলি কোনজন বৈজ্ঞানিকে পোন প্ৰথমে আগবঢ়াইছিল ?

(ক) থেলছ

(খ) বেঞ্জামিন ফ্ৰেংকলিন

(গ) আলেকজেণ্ডাৰ

উত্তৰ- (খ) বেঞ্জামিন ফ্ৰেংকলিন ।

৭। প্ৰ’টন কণিকা ইলেক্ট্ৰ’তকৈ কিমান গধুৰ ?

(ক) ১০০০ গুণে

(খ) ২০০০ গুণে

(গ) ৩০০০ গুণে

উত্তৰ- (খ) ২০০০ গুণে ।

৮। তলৰ কিহৰ মাজেৰে বিদ্যুৎ প্ৰবাহ নহয় ?

(ক) তেষ্টাৰ

(খ) নিমখ পানী

(গ) বায়ু

উত্তৰ- (গ) বায়ু ।

৯। বিদ্যুৎ প্ৰবাহ মানে কিহৰ প্ৰবাহ ?

(ক) আধানৰ

(খ) বায়ুৰ

(গ) প্ৰ’টন

উত্তৰ- (ক) আধানৰ ।

১০। আৱিষ্ট আধানৰ ক্ষেত্ৰত কি বস্তু সম্ভৱ নহয় ?

(ক) পৰিবাহী বস্তু

(খ) অপৰিবাহী বস্তু

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অপৰিবাহী বস্তু ।

১১। কোনো এবিধ পদাৰ্থ আহিত হয়নে নহয় তাক পৰীক্ষা কৰিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় ?

(ক) বিদ্য়ুৎবীক্ষণ যন্ত্ৰ

(খ) অণুবীক্ষণ যন্ত্ৰ

(গ) মেন’মিটাৰ

উত্তৰ- (ক) বিদ্য়ুৎবীক্ষণ যন্ত্ৰ।

১২। ইলেক্ট্ৰ’ন কি আধানযুক্ত ?

(ক) ধণাত্মক আধানযুক্ত

(খ) ঋণাত্মক আধানযুক্ত

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰ- (খ) ঋণাত্মক আধানযুক্ত ।

১৩। ইলেক্ট্ৰ’ট আৰু প্ৰ’টনৰ থকা আধানৰ পৰিমাণ ?

(ক) সমান

(খ) কম

(গ) বেছি

উত্তৰ- (ক) সমান ।

১৪। প্ৰাকৃতিক ভাৱে সকলো বস্তু—

(ক) ধণাত্মক

(খ) প্ৰ’টন

(গ) উদাসীন

উত্তৰ- (গ) উদাসীন ।

১৫। উদাসীনৰ আন এটা নাম কি ?

(ক) অনাহিত

(খ) প্ৰ’টন

(গ) ইলেক্ট্ৰ’ন

উত্তৰ- (ক) অনাহিত ।

১৬। ঠাণ্ডাৰ দিনত ছুৱেটাৰ খুলিলে আমাৰ চুলিবোৰ কি হয় ?

(ক) থিয় হৈ যায়

(খ) উৰি ফুৰে

(গ) পৰি থাকে

উত্তৰ- (ক) থিয় হৈ যায় ।

১৭। থেলচৰ জন্ম কিমান খ্ৰীষ্টপূৰ্বত হৈছিল ? 

(ক) ২০১

(খ) ৫৪৬

(গ) ৬৫০

উত্তৰ- (গ) ৬৫০ ।

১৮। এম্বাৰ নামৰ এবিধ বস্তুক প্ৰাণীৰ নোমেৰে ঘঁহিলে চৰাইৰ পাখি, প্ৰাণীৰ নোম, চুলি আদি পদাৰ্থ আৰ্কষণ কৰিব পৰা হয়। এইটো কোনে ধৰা পেলাইছিল ?

(ক) থেলচয়ে

(খ) গ্ৰামাম বেলে

(গ) বেঞ্জামিন ফ্ৰেংকলিনে

উত্তৰ- (ক) থেলচয়ে ।

১৯। দুটা আৰ্হিত বেলুনৰ মাজত কি হয় ?

(ক) বিকৰ্ষণ

(খ) আকৰ্ষণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বিকৰ্ষণ ।

২০। ঋণাত্মক আধানৰ প্ৰতীক হৈছে —

(ক) +Q

(খ) -Q

(গ) +Q, -Q

উত্তৰ- (খ) -Q ।

Type by- Bikul Mandal