Class 4 Social Science Chapter 13 MCQ’s Sankardev School | আমাৰ দেশৰ শাসন ব্য়ৱস্থা | Class 4 Social Science Chapter 13 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 13

আমাৰ দেশৰ শাসন ব্য়ৱস্থা

১। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল?

(ক) নীলম সঞ্জীৱ ৰেড্ডী

(খ) বৰাহগিৰি ভেংকটগিৰি

(গ) জৱাহৰলাল নেহৰু

উত্তৰ- (গ) জৱাহৰলাল নেহৰু ।

২। কিমান তাৰিখৰ দিনটোক ‘গণৰাজ্য় দিৱস’ হিচাপে পালন কৰা হয়?

(ক) ১২ আগষ্ট

(খ) ২৬ জানুৱাৰী

(গ) ২৫ ছেপ্টেম্বৰ

উত্তৰ- (খ) ২৬ জানুৱাৰী ।

৩। শাসনৰ সুবিধাৰ কাৰণে ভাৰতবৰ্ষক কেইখন ৰাজ্য় আৰু কেইখন কেন্দ্ৰীয়শাসিত অঞ্চলত বিভক্ত কৰা হৈছে?

(ক) ২৮খন ৰাজ্য় আৰু ৮খন কেন্দ্ৰীয়শাসিত

(খ) ২৪খন ৰাজ্য় আৰু ৯খন কেন্দ্ৰীয়শাসিত

(গ) ২৫খন ৰাজ্য় আৰু ৫খন কেন্দ্ৰীয়শাসিত

উত্তৰ- (ক) ২৮খন ৰাজ্য় আৰু ৮খন কেন্দ্ৰীয়শাসিত ।

৪। ভাৰতবৰ্ষত কিমান বছৰ বয়সৰ ওপৰৰ সকলো নাগৰিকে ভোট দি চৰকাৰ গঠনৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰিব পাৰে?

(ক) ১৫ বছৰ

(খ) ১৭ বছৰ

(গ) ১৮ বছৰ

উত্তৰ- (গ) ১৮ বছৰ ।

৫। ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?

(ক) ৫ বছৰ

(খ) ৬ বছৰ

(গ) ৭ বছৰ

উত্তৰ- (ক) ৫ বছৰ ।

৬। লোক সভাৰ  মুঠ সদস্য় সংখ্য়া কিমান জন?

(ক) ৩৬০ জন

(খ) ৫৪৫ জন

(গ) ৬৪৫ জন

উত্তৰ- (খ) ৫৪৫ জন ।

৭। নিৰ্বাচনযোগ লোক সভাৰ কাৰণে কিমান জন সদস্য় নিৰ্বাচন কৰা হয়?

(ক) ৫৪৩ জন

(খ) ৫৪৫ জন

(গ) ৫৪২ জন

উত্তৰ- (ক) ৫৪৩ জন ।

৮। ইয়াৰ উপৰি ৰাষ্ট্ৰপতিয়ে কেইজন ইংগ-ভাৰতীয় সদস্য় লোক সভালৈ মনোনীত কৰে?

(ক) ১ জন

(খ) ২ জন

(গ) ৪ জন

উত্তৰ- (খ) ২ জন ।

৯। বিধান সভাৰ নিৰ্বাচিত সদস্য়সকলক কি বোলে?

(ক) পৰিষদ

(খ) প্ৰধানমন্ত্ৰী

(গ) বিধায়ক

উত্তৰ- (গ) বিধায়ক ।

১০। ৰাজ্য় সভাৰ সদস্য়সকলক পৰোক্ষভাৱে নিৰ্বাচত কৰেনে প্ৰত্য়ক্ষভাৱে নিৰ্বাচত কৰে?

(ক) প্ৰত্য়ক্ষভাৱে

(খ) পৰোক্ষভাৱে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) পৰোক্ষভাৱে ।

Type by- Bikul Mandal