Class 4 Social Science Chapter 6 MCQ’s Sankardev School | প্ৰাকৃতিক দুৰ্যোগ আৰু অসম | Class 4 Social Science Chapter 6 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 6

প্ৰাকৃতিক দুৰ্যোগ আৰু অসম

১। প্ৰতি বছৰে অসমত হোৱা বানে অসমৰ অৰ্থনৈতিক আৰু সামাজিক দিশত কি কৰে?

(ক) ক্ষতি কৰে

(খ) উপকাৰ কৰে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ক্ষতি কৰে।

২। কেতিয়াবা কেতিয়াবা বানৰ ফলত আমাৰ কি হয়?

(ক) ক্ষতি হয়

(খ) ইয়াৰ ভিতৰত এটাও নহয়

(গ) উপকাৰ হয়

উত্তৰঃ (গ) উপকাৰ হয়।

৩। বানৰ ফলত কি বৃদ্ধি হয়?

(ক) মাছৰ

(খ) ফল-মূল

(গ) খেতি-বাতি

উত্তৰঃ (ক) মাছৰ।

৪। বান নিয়ন্ত্ৰণৰ বাবে কাম কৰা অসমৰ চৰকাৰী বিভাগটোৰ নাম কি?

(ক) বায়ুসম্পদ

(খ) জলসম্পদ

(গ) স্থলসম্পদ

উত্তৰঃ (খ) জলসম্পদ।

৫। আগ্নেয়গিৰি উদগিৰণৰ ফলত ভূগৰ্ভৰপৰা ওলাই অহা তপত গলিত পদাৰ্থসমূহক কি বোলা হয়?

(ক) জুই

(খ) লাভা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) লাভা।

৬। আমাৰ দেশত কোনো আগ্নেয়গিৰি আছেনে নাই?

(ক) নাই

(খ) আছে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) নাই।

৭। পৃথিৱীৰ বিখ্য়াত আগ্নেয়গিৰি এটাৰ নাম?

(ক) জলসম্পদ

(খ) বিচুভিয়াছ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বিচুভিয়াছ।

৮। সাগৰৰ তলিত কি আছে?

(ক) স্থলসম্পদ

(খ) বায়ুসম্পদ

(গ) আগ্নেয়গিৰি

উত্তৰঃ (গ) আগ্নেয়গিৰি।

৯। কেতিয়াবা আমি হঠাতে পৃথিৱীৰ লগতে ইয়াৰ ওপৰত থকা সকলো বস্তু কঁপা যেন অনুভৱ কৰোঁ। এই কঁপনিটোক কি বোলা হয়?

(ক) আগ্নেয়গিৰি

(খ) ভূমিকম্প

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ভূমিকম্প।

১০। পৃথিৱীৰ ওপৰৰ কঠিন খোলাটো কেইটামান বৃহৎ খণ্ডৰে গঠিত। এই খণ্ডবোৰক কি বোলা হয়?

(ক) নিষ্কাশন

(খ) ভূমিস্খলন

(গ) প্লেট

উত্তৰঃ (গ) প্লেট।

১১। ভূ-গৰ্ভৰ যি বিন্দুত ভূমিকম্পৰ প্ৰথম কঁপনিৰ সৃষ্টি হয় সেই বিন্দুটোক কি বোলা হয়?

(ক) অধিকেন্দ্ৰ

(খ) নিষ্কাশন

(গ) ভূমিকম্প

উত্তৰঃ (ক) অধিকেন্দ্ৰ।

১২। ভূমিকম্পৰ ফলত প্ৰকৃতিকৰ যথেষ্ট কি হয়?

(ক) উপকাৰ

(খ) ক্ষতি

(গ) ইযাৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ক্ষতি।

১৩। কিমান চনত অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল?

(ক) ১৮৯৭

(খ) ১৯৮৭

(গ) ১৯৯৭

উত্তৰঃ (ক) ১৮৯৭।

১৪। এই ভূমিকম্প হৈ যোৱাৰ কিমান বছৰৰ পাছলৈকে কিছুমান সৰু সৰু কম্পন অনুভূত হৈ আছিল?

(ক) ৫ বছৰ

(খ) ১০ বছৰ

(গ) ১৫ বছৰ

উত্তৰঃ (খ) ১০ বছৰ।

১৫।  বতাহ প্ৰচণ্ড বেগত বলাকে কি বোলা হয়?

(ক) ভূমিকম্প

(খ) আগ্নেয়গিৰি

(গ) ধুমুহা

উত্তৰঃ (গ) ধুমুহা।

১৬। ধুমুহায়ো অনেক কি কৰে?

(ক) উপকাৰ

(খ) ক্ষতি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ক্ষতি।

১৭। অসমত কি মাহত ধুমুহা  প্ৰকোপ বেছি হয়?

(ক) বহাগ-জেঠ

(খ) চ’ত-বহাগ

(গ) ভাদ-আহিন

উত্তৰঃ (খ) চ’ত-বহাগ।

১৮। এই ধুমুহাক কি বোলা হয়?

(ক) ভূমিকম্প

(খ) নিষ্কাশন

(গ) বৰদৈচিলা

উত্তৰঃ (গ) বৰদৈচিলা।

১৯। আজিকালি বতৰবিজ্ঞান কেন্দ্ৰসমূহৰপৰা বতৰৰ কি বোৱা যায়?

(ক) আগজাননী

(খ) পিছৰজাননী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) আগজাননী।

২০। ধুমুহাৰ আভাস পালে নৈ বা সাগৰলৈ নাও লৈ যাব লাগে নে নালাগে?

(ক) লাগে

(খ) নালাগে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) নালাগে।

Type By- Subhas Nath