AJB Class 6 Social Science Book Chapter 3 | মৌৰ্য্যোত্তৰ যুগৰ ভাৰত | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 3

মৌৰ্য্যোত্তৰ যুগৰ ভাৰত

১। মৌৰ্য্য়বংশৰ শেষ ৰজা কোন আছিল ?

উত্তৰঃ মৌৰ্য্য়বংশৰ শেষ ৰজা বৃহদ্ৰথ আছিল ।

২। বৃহদ্ৰথৰ মৃত্য়ুৰ লগে লগে মৌৰ্য্য়বংশৰ কি হৈছিল ?

উত্তৰঃ বৃহদ্ৰথৰ মৃত্য়ুৰ পাছত মৌৰ্যবংশৰ পতন হৈছিল ।

৩। পুষ্য়মিত্ৰই মগধ ৰাজ্য়ত কি নামেৰে এক নতুন বংশ প্ৰতিষ্ঠা কৰিলে ?

উত্তৰঃ পুষ্য়মিত্ৰই মগধ ৰাজ্য়ত শুংগ নামেৰে এক নতুন বংশ প্ৰতিষ্ঠা কৰিলে ।

৪। পুষ্য়মিত্ৰ কি বংশৰ এজন উল্লেখযোগ্য় ৰজা আছিল ?

উত্তৰঃ পুষ্য়মিত্ৰ শুংগ বংশৰ এজন উল্লেখযোগ্য় ৰজা আছিল ।

৫। পুষ্য়মিত্ৰ নাতিয়েকৰ নাম কি আছিল ?

উত্তৰঃ পুষ্য়মিত্ৰ নাতিয়েকৰ নাম বসুমিত্ৰ আছিল ।

৬। শুংগ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল ?

 উত্তৰঃ শুংগ বংশৰ শেষ ৰজা নাম দেৱভূতিক আছিল ।

৭। চেত বংশৰ বিখ্য়াত ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ চেত বংশৰ বিখ্য়াত ৰজাজনৰ নাম খাৰৱেল আছিল ।

৮। কাৰ মৃত্য়ুৰ পিছত কলিংগ প্ৰদেশ স্বাধীন হৈছিল ?

উত্তৰঃ অশোকৰ মৃত্য়ুৰ পিছত কলিংগ প্ৰদেশ স্বাধীন হৈছিল ।

৯। শুংগ বংশৰ শেষ ৰজা দেৱভূতিক হত্য়া কৰি মন্ত্ৰী কোনে আন এক বংশৰ প্ৰতিষ্ঠা কৰে ?

উত্তৰঃ শুংগ বংশৰ শেষ ৰজা দেৱভূতিক হত্য়া কৰি মন্ত্ৰী বাসুদেৱে আন এক বংশৰ প্ৰতিষ্ঠা কৰে ।

১০।  শুংগ বংশৰ শেষ ৰজাক দেৱভুতিক তেওঁৰ  মন্ত্ৰী বাসুদেৱে হত্য়া কৰি  নিজে কি বংশ প্ৰতিষ্ঠা কৰে ?

উত্তৰঃ শুংগ বংশৰ শেষ ৰজাক দেৱভূতিক তেওঁৰ  মন্ত্ৰী বাসুদেৱে হত্য়া কৰি নিজে মগধত কান্ব বংশ প্ৰতিষ্ঠা কৰে ।

১১। কলিংগত খ্ৰি.পূ. ১ম শতিকাত কি বংশই শাসন কৰিছিল ?

উত্তৰঃ কলিংগত খ্ৰি.পূ. ১ম শতিকাত চেত বংশই শাসন কৰিছিল ।

১২। মহাভাষ্য় পুথিখন কোনে ৰচনা কৰিছে ?

উত্তৰঃ মহাভাষ্য় পুথিখন পতঞ্জলি ৰচনা কৰিছে ।

১৩। ভাৰতৰ বাহিৰে-ভিতৰে  কি ধৰ্মৰ বহুল প্ৰচলন হৈছিল ?

উত্তৰঃ ভাৰতৰ বাহিৰে-ভিতৰে ভাগৱতী ধৰ্ম বা ব্ৰাহ্মণ্য় ধৰ্মৰ বহুল প্ৰচলত হৈছিল ।

১৪। অষ্টাধ্য়য়ী পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ অষ্টাধ্য়য়ী পুথিখন পাণিনী ৰচনা কৰিছিল ।

১৫। গ্ৰীকৰ ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ গ্ৰীকৰ ৰজাজনৰ নাম আছিল এণ্টিয়ালকিডাচ ।

১৬। মালবিকাগ্নিমিত্ৰম পুথিখন কোনে ৰচনা কৰিছে ?

উত্তৰঃ মালবিকাগ্নিমিত্ৰম পুথিখন কালিদাস ৰচনা কৰিছে ।

১৭। বেশ নগৰত থকা গৰুড়ধ্বজ স্তম্ভ কোনে নিৰ্মাণ কৰিছে ?

উত্তৰঃ বেশ নগৰত থকা গৰুড়ধ্বজ স্তম্ভ গ্ৰীক কটকী হেলিয়াডৰাচে নিৰ্মাণ কৰিছে। 

১৮। হাতীগুম্ফা শিলালিপি কোন বংশৰ ৰজা দিনত ?

উত্তৰঃ হাতীগুম্ফা শিলালিপি চেত বংশৰ ৰজা খাৰৱেলৰ দিনত ।

১৯। গ্ৰীক ৰজাসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰঃ গ্ৰীক ৰজাসকলৰ শ্ৰেষ্ঠ ৰজা আছিল মিনান্দাৰ বা মিলিন্দ ।

২০। পহ্লৱসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰঃ পহ্লৱসকলৰ শ্ৰেষ্ঠ ৰজা গণ্ডোফাৰ্নিছ আছিল ।