AJB Class 6 Social Science Book Chapter 4 | গুপ্ত সাম্ৰাজ্য | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 4

গুপ্তসাম্ৰাজ্য

১। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন ?

উত্তৰঃ গুপ্ত বংশৰ প্ৰতিষ্ঠাপক শ্ৰীগুপ্ত ।

২। গুপ্ত ৰাজবংশৰ প্ৰথমজন বিখ্য়াত ৰজা কোন আছিল ?

উত্তৰঃ গুপ্ত ৰাজবংশৰ প্ৰথমজন বিখ্য়াত ৰজা চন্দ্ৰগুপ্ত ।

৩। প্ৰথম চন্দ্ৰগুপ্ত কিমান খ্ৰীষ্টাব্দত ৰজা হৈছিল ?

উত্তৰঃ প্ৰথম চন্দ্ৰগুপ্ত ৩২০ খ্ৰীষ্টাব্দত ৰজা হৈছিল।

৪। প্ৰথম চন্দ্ৰগুপ্তই কি উপাধি লৈছিল ?

উত্তৰঃ প্ৰথম চন্দ্ৰগুপ্তই মহাৰাজাধিৰাজ উপাধি লৈছিল ।

৫। শ্ৰীগুপ্তই কি উপাধি গ্ৰহণ কৰিছিল ?

উত্তৰঃ শ্ৰীগুপ্তই মহাৰাজ উপাধি গ্ৰহণ কৰিছিল।

৬। শ্ৰীগুপ্তই প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম কি আছিল ?

উত্তৰঃ শ্ৰীগুপ্তই প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম আছিল গুপ্তবংশ ।

৭। প্ৰথম চন্দ্ৰগুপ্ত সিংহাসনত উঠাৰ সময়ৰ পৰা কি নামেৰে এটা নতুন বছৰ গণনা কৰা হৈছিল ?

উত্তৰঃ গুপ্তাব্দ নামেৰে এটা নতুন বছৰ গণনা কৰা হৈছিল ।

৮। প্ৰথম চন্দ্ৰগুপ্ত কি বংশৰ ৰজা আছিল ?

উত্তৰঃ প্ৰথমচন্দ্ৰগুপ্ত গুপ্ত বংশৰ ৰজা আছিল ।

৯। প্ৰথম চন্দ্ৰগুপ্তই কাক বিয়া কৰাইছিল ?

উত্তৰঃ প্ৰথমচন্দ্ৰগুপ্তই লিচ্ছাবী ৰাজকুমাৰী কুমাৰ দেৱীক বিয়া কৰাইছিল ।

১০। প্ৰথম চন্দ্ৰগুপ্তই বিয়া কৰোৱাৰ পাছত যৌতুকৰূপে কি লাভ কৰিছিল ?

উত্তৰঃ প্ৰথম চন্দ্ৰগুপ্তই বিয়া কৰোৱাৰ পাছত যৌতুকৰূপে বৈশালী আৰু পাটলিপুত্ৰ ঠাই দুখন লাভ কৰিছিল ।

১১। কিমান খ্ৰীষ্টাব্দত চন্দ্ৰগুপ্তৰ মৃত্য়াু হয় ?

উত্তৰঃ ৩৩০ খ্ৰীষ্টাব্দত চন্দ্ৰগুপ্তৰ মৃত্য়াু হয় ।

১২। প্ৰথম চন্দ্ৰগুপ্তই মহাৰাজাধিৰাজ উপাধিয়ে কি পৰিচয় দিয়ে ?

উত্তৰঃ প্ৰথম চন্দ্ৰগুপ্তই মহাৰাজাধিৰাজ উপাধিয়ে তেওঁৰ ক্ষমতা আৰু শ্ৰেষ্ঠতাৰ পৰিচয় দিয়ে ।

১৩। প্ৰথম চন্দ্ৰগুপ্তৰ ৰাজত্ব কালতে কি সাম্ৰাজ্য় গঢ় লৈ উঠিছিল ?

উত্তৰঃ প্ৰথম চন্দ্ৰগুপ্তৰ ৰাজত্ব কালতে এখন বিশাল গুপ্ত সাম্ৰাজ্য় গঢ় লৈ উঠিছিল ।

১৪। লিচ্ছাবী ৰাজকন্য়া কুমাৰদেৱীৰ সন্তানটোৰ নাম কি আছিল ?

উত্তৰঃ লিচ্ছাবী ৰাজকন্য়া কুমাৰদেৱীৰ সন্তানটোৰ নাম সমুদ্ৰগুপ্ত আছিল ।

১৫। গুপ্তবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ গুপ্তবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম সমুদ্ৰগুপ্ত আছিল ।

১৬। কিমান খ্ৰীষ্টাব্দত সম্ৰাট সমুদ্ৰগুপ্তৰ মৃত্য়াু হৈছিল ?

উত্তৰঃ ৩৮০ খ্ৰীষ্টাব্দত সম্ৰাট সমুদ্ৰগুপ্তৰ মৃত্য়াু হৈছিল । 

১৭। সমুদ্ৰগুপ্তৰ পুতেকৰ নাম কি আছিল ?

উত্তৰঃ সমুগ্ৰগুপ্ত পুতেকৰ নাম দ্বিতীয় চন্দ্ৰগুপ্ত আছিল । 

১৮। দ্বিতীয় চন্দ্ৰগুপ্তই কি উপাধি লৈছিল ?

 উত্তৰঃ দ্বিতীয় চন্দ্ৰগুপ্তই বিক্ৰমাদিত্য় উপাধি লৈছিল ।

১৯। দ্বিতীয় চন্দ্ৰগুপ্তই কাক বিয়া কৰাইছিল ?

উত্তৰঃ দ্বিতীয় চন্দ্ৰগুপ্তই কুবেৰ নাগ নামৰ এগৰাকী নাগবংশৰ ৰাজকন্য়াক বিয়া কৰাইছিল।

২০। কিমান খ্ৰিষ্টাব্দত দ্বিতীয় চন্দ্ৰগুপ্ত মৃত্য়ু হৈছিল ?

উত্তৰঃ ৪১৪ খ্ৰিষ্টাব্দত দ্বিতীয় চন্দ্ৰগুপ্ত মৃত্য়ু হৈছিল ।