AJB Class 6 Social Science Book Chapter 6 | দক্ষিণ ভাৰত চালুক্য, পল্লৱ, চোলৰ ৰাজ্য আৰু ৰাজত্বকাল | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 6

দক্ষিণ ভাৰত চালুক্য, পল্লৱ, চোলৰ ৰাজ্য আৰু ৰাজত্বকাল

১। দক্ষিণ ভাৰতত অতি সফলতাৰে শাসন কৰা চালুক্য় বংশৰ কেইবাটাও শাখা আছিল সেই শাখা কেইটাৰ নাম কি কি ?

উত্তৰঃ সেই শাখা কেইটাৰ নাম হ’ল বাতাপীৰ চালুক্য়, কল্য়াণীৰ চালুক্য় আৰু ভেংগিৰ চালুক্য় ।

২। প্ৰথম পুলকেশীৰ দিনত কি ৰাজবংশটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল ?

উত্তৰঃ প্ৰথম পুলকেশীৰ দিনত বাতাপীৰ চালুক্য় ৰাজবংশৰটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল ।

৩। প্ৰথম পুলকেশীয়ে কিমানৰ পৰা কিমান খ্ৰী.লৈকে ৰাজত্ব কৰিছিল ?

উত্তৰঃ প্ৰথম পুলকেশীয়ে  ৫৩৫-৫৬৬ খ্ৰী.লৈকে ৰাজত্ব কৰিছিল ।

৪। প্ৰথম পুলকেশীয়ে লোৱা উপাধিকেইটা কি কি ?

উত্তৰঃ প্ৰথম পুলকেশীয়ে লোৱা উপাধিকেইটা হ’ল ৰণবিক্ৰম, শ্ৰীপৃথিৱীবল্লভ ।

৫। প্ৰথম পুলকেশীৰ পুত্ৰ কীৰ্তিবৰ্মনে ৰজা হৈ কি কি উপাধি গ্ৰহণ কৰিছিল ?

উত্তৰঃ প্ৰথম পুলকেশীৰ পুত্ৰ কীৰ্তিবৰ্মনে ৰজা হৈ সত্য়াশ্ৰয়, পুৰু-ৰাণাপৰাক্ৰম আৰু বল্লভ আদি উপাধি গ্ৰহণ কৰিছিল ।

৬। প্ৰথম কীৰ্তিবৰ্মনে কি কি ৰাজ্য় জয় কৰিছিল ?

উত্তৰঃ প্ৰথম কীৰ্তিবৰ্মনে অংগ, কলিংগ, মগধ, কেৰেলা, পাণ্ড্য় আদি ৰাজ্য় জয়  কৰিছিল ।

৭। প্ৰথম কীৰ্তিবৰ্মনৰ পাছত  কোন ৰজা হৈছিল ?

উত্তৰঃ প্ৰথম কীৰ্তিবৰ্মনৰ পাছত তেওঁৰ ভাতৃ মংগলেশ ৰজা হৈছিল ।

৮। দ্বিতীয় পুলকেশীয়ে কিমান খ্ৰী. পৰা কিমান খ্ৰী.লৈকে ৰাজত্ব কৰিছিল ?

উত্তৰঃ দ্বিতীয় পুলকেশীয়ে ৬১০খ্ৰী. -৬৪২ খ্ৰী. লৈকে ৰাজত্ব কৰিছিল ।

৯। চালুক্য়সকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰঃ চালুক্য়সকলৰ শ্ৰেষ্ঠ ৰজা আছিল দ্বিতীয় পুলকেশী ।

১০। দ্বিতীয় পুলকেশীক কি নামেৰে জনা গৈছিল ?

উত্তৰঃ দ্বিতীয় পুলকেশীক পৃথিৱীবল্লভ, পৰমেশ্বৰ, পৰম ভাগৱত নামেৰে জনা গৈছিল ।

১১। দ্বিতীয় পুলকেশী এজন কি ৰজা আছিল ?

উত্তৰঃ দ্বিতীয় পুলকেশী এজন দ্বিগ্বীজয়ী ৰজা আছিল ।

১২। পল্লৱ ৰাজবংশৰ ৰজা নাম কি আছিল ?

উত্তৰঃ পল্লব ৰাজবংশৰ ৰজা নাম প্ৰথম মহেন্দ্ৰবৰ্মন আছিল ।

১৩। কল্য়াণীৰ চালুক্য়সকলৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল ?

উত্তৰঃ কল্য়াণীৰ চালুক্য়সকলৰ প্ৰতিষ্ঠাপক ৰজা আছিল তালিয়া বা দ্বিতীয় তালিয়াপা ।

১৫।  তালিয়া বা দ্বিতীয় তালিয়াপা কি কি উপাধি লৈছিল ?

 উত্তৰঃ তালিয়া বা দ্বিতীয় তালিয়াপা মহাৰাজাধিৰাজ, পৰমেশ্বৰ, চক্ৰৱতী আদি উপাধি লৈছিল ।

১৬। কল্য়াণীৰ চালুক্য়ৰ বিখ্য়াত ৰজাকেইজনৰ নাম কি ?

উত্তৰঃ কল্য়াণীৰ চলুক্য়ৰ বিখ্য়াত ৰজাকেইজনৰ নাম হৈছে প্ৰথম সোমেশ্বৰ, বিক্ৰমাদিত্য় ইত্য়াদি ।

১৭। ভেংগিৰ চালুক্য়ৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল ?

উত্তৰঃ ভেংগিৰ চালুক্য়ৰ প্ৰতিষ্ঠাপক ৰজা আছিল বিষ্ণুবৰ্দ্ধন ।

১৮। পল্লৱসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?

উত্তৰঃ পল্লৱসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ’ল প্ৰথম নৰসিংহবৰ্মন ।

১৯। চোলসকলৰ অন্তিম ৰজা কোন আছিল ?

উত্তৰঃ তৃতীয় ৰাজেন্দ্ৰ চোলসকলৰ অন্তিম ৰজা আছিল ।

২০। চোলসকলৰ শাসন ব্য়ৱস্থা কি আছিল ?

উত্তৰঃ চোলসকলৰ শাসন ব্য়ৱস্থা ৰাজতান্ত্ৰিক আছিল ।