AJB Class 6 Social Science Book Chapter 5 | সম্ৰাট হৰ্ষবৰ্দ্ধন | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 5

সম্ৰাট হৰ্ষবৰ্দ্ধন

১। কনৌজ আৰু থানেশ্বৰৰ ৰাজপৰিয়ালৰ মাজত কি সম্পৰ্ক স্থাপিত হৈছিল ?

উত্তৰঃ কনৌজ আৰু থানেশ্বৰৰ ৰাজপৰিয়ালৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপিত হৈছিল ।

২। থানেশ্বৰৰ ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ থানেশ্বৰৰ ৰজাজনৰ নাম প্ৰভাকৰবৰ্দ্ধন আছিল ।

৩। কনৌজৰ মৌখাৰী বংশৰ ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ কনৌজৰ মৌখাৰী বংশৰ ৰজাজনৰ নাম গ্ৰহবৰ্মন আছিল ।

৪। কনৌজৰ মৌখাৰী বংশৰ ৰজা গ্ৰহবৰ্মনে কাক বিয়া কৰিছিল ?

উত্তৰঃ কনৌজৰ মৌখাৰী বংশৰ ৰজা গ্ৰহবৰ্মনে থানেশ্বৰৰ ৰজা প্ৰভাকৰবৰ্দ্ধনৰ জীয়েক  ৰাজ্য়শ্ৰীক বিয়া কৰিছিল । 

৫। গুপ্ত সাম্ৰাজ্য়ৰ পতনৰ পাছত কেইখন উল্লেখযোগ্য় ৰাজ্য়ই মূৰ দাঙি উঠিছিল ?

উত্তৰঃ গুপ্ত সাম্ৰাজ্য়ৰ পতনৰ পাছত দুখন উল্লেখযোগ্য় ৰাজ্য়ই মূৰ দাঙি উঠিছিল ।

৬। গুপ্ত সাম্ৰাজ্য়ৰ পতনৰ পাছত মূৰ দাঙি উঠা ৰাজ্য় দুখনৰ নাম কি ?

উত্তৰঃ  ৰাজ্য় দুখনৰ নাম হ’ল থানেশ্বৰ ৰাজ্য় আৰু কনৌজ ৰাজ্য় ।

৭। খ্ৰিষ্টীয় কিমানত প্ৰভাকৰবৰ্দ্ধনে থানেশ্বৰত পুষ্য়ভূতি বংশ প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ খ্ৰিষ্টীয় ৫৮০ত প্ৰভাকৰবৰ্দ্ধনে থানেশ্বৰত পুষ্য়ভূতি বংশ প্ৰতিষ্ঠা কৰিছিল ।

৮। কোনে কনৌজত ৰাজধানী পাতিছিল ?

উত্তৰঃ হৰ্ষবৰ্দ্ধনে কনৌজত ৰাজধানী পাতিছিল ।

৯। হৰ্ষবৰ্দ্ধনে সিংহাসনত আৰোহণ কৰিয়ে কি উপাধি লৈছিল ?

উত্তৰঃ হৰ্ষবৰ্দ্ধনে সিংহাসনত আৰোহণ কৰিয়ে ৰাজপুত্ৰ শিলাদিত্য় উপাধি লৈছিল ।

১০। উত্তৰ ভাৰতৰ শেষ হিন্দু সম্ৰাট কোন আছিল ?

উত্তৰঃ উত্তৰ ভাৰতৰ শেষ হিন্দু সম্ৰাট হৰ্ষবৰ্দ্ধন আছিল ।

১১। কাদম্বৰী, হৰ্ষচৰিত পুথিসমূহ কোনে ৰচনা কৰিছিল ?

উত্তৰঃ কাদম্বৰী, হৰ্ষচৰিত পুথিসমূহ বাণভট্টৰে ৰচনা কৰিছিল ।

১২। কিমান বছৰ বয়সত হৰ্ষবৰ্দ্ধনে সিংহাসনত উঠে ?

উত্তৰঃ ১৬ বছৰ বয়সত হৰ্ষবৰ্দ্ধনে সিংহাসনত উঠে ।

১৩। কনৌজৰ ৰাজধানী খনৰ নাম কি আছিল ?

উত্তৰঃ কনৌজৰ ৰাজধানী খনৰ নাম স্থানান্তৰিত আছিল । 

১৪। হৰ্ষবৰ্দ্ধনৰ বিষয়ে জনাত সহায় কৰা কেইখনমান উল্লেখযোগ্য় লিপি নাম কি ?

উত্তৰঃ হৰ্ষবৰ্দ্ধনৰ বিষয়ে জনাত সহায় কৰা কেইখনমান উল্লেখযোগ্য় লিপি নাম হ’ল বাঁশখেৰা তামৰ ফলি, দ্বিতীয় পুলকেশীৰ আইহোল লিপি প্ৰধান । 

১৫। ভাস্কৰবৰ্মনে কাৰ হাতত বিভিন্ন উপহাৰ পঠিয়াই হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা কৰিছিল ?

উত্তৰঃ ভাস্কৰবৰ্মনে হংসবেগ নাম কটকী এজনৰ হাতত বিভিন্ন উপহাৰ পঠিয়াই হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা কৰিছিল ।

১৬। কি ৰাজ্য় হৰ্ষবৰ্দ্ধন আৰু ভাস্কৰবৰ্মনৰ মাজত ভাগ হৈছিল ?

উত্তৰঃ শশাংকৰ ৰাজ্য় হৰ্ষবৰ্দ্ধন আৰু ভাস্কৰবৰ্মনৰ মাজত ভাগ হৈছিল ।

১৭। বল্লভী ৰাজ্য়ৰ ৰজা কোন আছিল ?

উত্তৰঃ বল্লভী ৰাজ্য়ৰ ৰজা ধ্ৰুৱসেনা আছিল ।

১৮। হৰ্ষবৰ্দ্ধনে কি অভিযান চলাইছিল ?

উত্তৰঃ হৰ্ষবৰ্দ্ধনে তুষাৰ শৈল্য় অভিযান চলাইছিল ।

১৯। হৰ্ষবৰ্দ্ধনে কি কি আক্ৰমণ কৰিছিল ?

উত্তৰঃ হৰ্ষবৰ্দ্ধনে নেপাল আৰু কাশ্মীৰো আক্ৰমণ কৰিছিল ।

২০। হৰ্ষবৰ্দ্ধনৰ দিনত ৰাইজক  কেইটা ভাগত ভগোৱা হৈছিল ?

উত্তৰঃ হৰ্ষবৰ্দ্ধনৰ দিনত ৰাইজক দুটা ভাগত ভগোৱা হৈছিল ।