AJB Class 8 Social Science Chapter 6 | ৰাজনীতি বিজ্ঞানৰ ধাৰণা | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 6

ৰাজনীতি বিজ্ঞানৰ ধাৰণা

১) ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি ?
উত্তৰ ঃ ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ’ল Political Science।

২)Politics শব্দটো গ্ৰিক ভাষাৰ শব্দ কিহৰ পৰা লোৱা হৈছিল ?
উত্তৰ ঃ
 Politics শব্দটো গ্ৰিক ভাষাৰ শব্দ ‘পলিছ’ৰ পৰা লোৱা হৈছিল।

৩) পলিছ শব্দৰ অৰ্থ কি ?
উত্তৰ ঃ
 পলিছ শব্দৰ অৰ্থ হ’ল নগৰ বা ৰাষ্ট্ৰ।

৪) ৰাজনীতি বিজ্ঞানৰ তত্ত্ববিদ কোনে পোনপ্ৰথমে ‘ৰাজনীতি’ শব্দটো ব্যৱহাৰ কৰিছিল ?
উত্তৰ ঃ
ৰাজনীতি বিজ্ঞানৰ তত্ত্ববিদ এৰিষ্ট’টলে পোনপ্ৰথমে ‘ৰাজনীতি’ শব্দটো ব্যৱহাৰ কৰিছিল।

৫) ৰাষ্ট্ৰ সম্পৰ্কে এৰিষ্ট’টলে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ  
ৰাষ্ট্ৰ সম্পৰ্কে এৰিষ্ট’টলে ৰচনা কৰা গ্ৰন্থখনৰ নাম হ’ল ৰাজনীতি।

৬) গ্ৰিক ভাষাৰ পলিছ শব্দটোৰপৰা লেটিন ভাষাৰ কি শব্দ সৃষ্টি হৈছে ?
উত্তৰঃ 
গ্ৰিক ভাষাৰ পলিছ শব্দটোৰপৰা লেটিন ভাষাৰ পলিটিকাচ শব্দ সৃষ্টি হৈছে।

৭) পলিটিকাচৰপৰা ইংৰাজী ভাষাৰ কি শব্দৰ সৃষ্টি হৈছে ?
উত্তৰ ঃ
 পলিটিকাচৰপৰা ইংৰাজী ভাষাৰ পলিটিক্স শব্দৰ সৃষ্টি হৈছে।

৮) ৰাজন্ মানে কি ?
উত্তৰ ঃ
 ৰাজন্ মানে হ’ল ৰজা ।

৯) কৌটিল্যক আৰু কি নামেৰে জনা যায়?
উত্তৰ ঃ
 কৌটিল্যক আৰু চাণক্য নামেৰে জনা যায়।

১০) ষষ্ঠদশ শতিকাত ফৰাচী ৰাজনীতিবিদ কোনে ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে  ব্যৱহাৰ কৰিছিল?  
উত্তৰ ঃ
 ষষ্ঠদশ শতিকাত ফৰাচী ৰাজনীতিবিদ জ্যা বঁদাই ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে  ব্যৱহাৰ কৰিছিল।

১১) প্লেট’ৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি ?
উত্তৰ ঃ
 প্লেট’ৰ বিখ্যাত গ্ৰন্থখনৰ নাম হ’ল দ্য লজ।

১২) কলা মানে কি ?
উত্তৰ ঃ
বিজ্ঞানে দিয়া সিন্ধান্ত কাৰ্যকৰী কৰা প্ৰক্ৰিয়াটোকেই কলা বোলা হয় ?

১৩)কাৰ মতে মানুহ কেৱল সামাজিক প্ৰাণীয়েই নহয়, ৰাজনৈতিক প্ৰাণীও ?
উত্তৰ ঃ
গ্ৰিক দাৰ্শনিক এৰিষ্ট’টলৰ মতে মানুহ কেৱল সামাজিক প্ৰাণীয়েই নহয়, ৰাজনৈতিক প্ৰাণীও।

১৪)ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু কি ?
উত্তৰঃ 
ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু হ’ল মানুহ।

১৫) কাৰ মতে ৰাজনীতি বিজ্ঞানেহে মানৱ সভ্যতাক ৰক্ষা কৰিব পাৰে ?
উত্তৰঃ 
বাৰ্ণাড শ্ব’ৰ মতে ৰাজনীতি বিজ্ঞানেহে মানৱ সভ্যতাক ৰক্ষা কৰিব পাৰে।