Class 4 Assamese Book Chapter 13 | জন্ম- দিনৰ আয়োজন | MCQs Short Question Answer SCERT School |

Chapter 13

জন্ম- দিনৰ আয়োজন

১। সীমান্তৰ মাকে পাকঘৰত মজিয়াত বহি কি কৰি আছিল ?

(ক) পাচলি কাটি

(খ) ঘৰ মচি

(গ) চাউল বাছি

উত্তৰঃ (ক) পাচলি কাটি

২। সীমান্তৰ জন্ম-দিনটো কি বাৰত হ’ব ?

(ক) বুধবাৰ

(খ) শনিবাৰ

(গ) সোমবাৰ

উত্তৰঃ (গ) সোমবাৰ

৩। ভন্টি কাৰ লগত বাৰীত আছে ?

(ক) মাৰ লগত

(খ) দেউতাৰ লগত

(গ) ককাৰ লগত

উত্তৰঃ (খ) দেউতাৰ লগত

৪। স্কুলৰ বাইদেৱে জন্ম-দিনত সীমান্তক কি কৰিবলৈ কৈছে ?

(ক) নামঘৰত শৰাই দিব দিছে

(খ) গছপুলি ৰুব দিছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গছপুলি ৰুব দিছে

৫। সীমান্তই পদূলি মূৰত কিহৰ পুলি ৰুইছে ?

(ক) কদম

(খ) চেগুন

(গ) নাহৰ

উত্তৰঃ (গ) নাহৰ

৬। সীমান্তৰ জন্ম-দিনৰ বাবে ক’ ত শৰাই দিম বুলি কৈছিল ?

(ক) নামঘৰত

(খ) মন্দিৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নামঘৰত

৭। মাকক কিহৰ যোগান ধৰিবলৈ সীমান্তই কৈছিল ?

(ক) চাহ-পানী

(খ) জলপান

(গ) মিঠাই

উত্তৰঃ (খ) জলপান

৮। মাকে সীমান্তক কি কামত সহায় কৰিবলৈ কৈছিল ?

(ক) বাচন-বৰ্তন ধোৱাত

(খ) ঘৰ সাৰাত

(গ) টিনটোত চাউলখিনি ভৰোৱাত

উত্তৰঃ (গ) টিনটোত চাউলখিনি ভৰোৱাত

৯। মাকে সীমান্তক কি পৰিপাটী থ’বলৈ কৈছে ?

(ক) টেবুলখন

(খ) বিছনাখন

(গ) ঘৰটো

উত্তৰঃ (ক) টেবুলখন

১০। সীমান্তই এইবাৰ কাৰ লগত জন্ম-দিন পালিব ?

(ক) মাক-দেউতাকৰ লগত

(খ) সবান্ধৱৰ লগত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সবান্ধৱৰ লগত