Class 5 Assamese Chapter 3 MCQ’s Sankardev School | ডক্টৰ বাণীকান্ত কাকতি | Class 5 Assamese Chapter MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-4

ডক্টৰ বাণীকান্ত কাকতি

১। বাণীকান্ত কাকতি কত জন্ম হৈছিল ?

(ক) বৰপেটা জিলাৰ বাতিকুৰিহা গাঁৱত

(খ) নগাঁও

(গ) যোৰহাট

উত্তৰঃ (ক) বৰপেটা জিলাৰ বাতিকুৰিহা গাঁৱত।

২। বাণীকান্ত ককতি কিমান চনত জন্ম হৈছিল ?

(ক) ১৮৯৪ চনৰ ১৫ নৱেম্বৰ

(খ) ১৮৯৭ চনৰ ১২ ডিচেম্বৰ

(গ) ১৯৯৫ চনৰ ১৭ চেপ্তেম্বৰ

উত্তৰঃ (ক) ১৮৯৪ চনৰ ১৫ নৱেম্বৰ।

৩। বাণীকান্ত কাকতি পিতৃৰ নাম কি  ?

(ক) ললিতৰাম কলিতা

(খ) নৱকান্ত বৰুৱা

(গ) পদ্মনাথ গোহাঞিবৰুৱা

উত্তৰঃ (ক) ললিতৰাম কলিতা।

৪। বাণীকান্ত কাকতি মাতৃৰ নাম কি  ?

(ক) নলিনী বালা দেবী

(খ) লাহোবালা কলিতা

(গ) পুতুলীবাই

উত্তৰঃ (খ) লাহোবালা কলিতা।

৫। বাণীকান্ত কাকতি কেনে স্বভাৱৰ লোক আছিল  ?

(ক) সহজ-সৰল লোক

(খ) অহংকাৰী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) সহজ-সৰল লোক।

৬। বাণীকান্ত কাকতি কিহৰ বিষয়ে গৱেযণা কৰিছিল  ?

(ক) অসমীয়া ভাষা বিকাশ সম্বন্ধে

(খ) ইংৰাজী ভাষা

(গ) তামিলভাষা

উত্তৰঃ (ক) অসমীয়া ভাষা বিকাশ সম্বন্ধে।

৭। প্ৰাথমিক পৰীক্ষাত বৃত্তি কৰি তেঁও কত পঢ়িছিল  ?

(ক) বৰপেটা চৰকাৰী হাইস্কুলত

(খ) ডিব্ৰুগড় চৰকাৰী হাইস্কুলত

(গ) মৰিগাঁও চৰকাৰী হাইস্কুলত

উত্তৰঃ (ক) বৰপেটা চৰকাৰী হাইস্কুলত।

৮। বাণীকান্ত কাকতি দুবছৰৰ বাবে কটন কলেজৰ  কি আছিল ?

(ক) অধ্যক্ষ

(খ) প্ৰধান শিক্ষক

(গ) ব্যৱসাৰী

উত্তৰঃ (ক) অধ্যক্ষ।

৯। বাণীকান্ত কাকতি ইংৰাজী বিষয়ত দ্বিতীয়বাৰৰ বাবে এম.এ পৰীক্ষা কিমান স্থানত উত্তীৰ্ণ হৈছিল  ?

(ক) তৃতীয়স্থান

(খ) প্ৰথম স্থান

(গ) দ্বিতীয় স্থন

উত্তৰঃ (খ) প্ৰথম স্থান।

১০। বাণীকান্ত কাকতি কিমান চনত মৃত্যু হৈছিল  ?

(ক) ১৯৫২ চনৰ ১৫ নৱেম্বৰ

(খ) ২০০৭ চনৰ ১০ আগষ্ট

(গ) ২০১২ চনৰ ২১ ডিচেম্বৰ

উত্তৰঃ (ক) ১৯৫২ চনৰ ১৫ নৱেম্বৰ।

১১। বাণীকান্ত কাকতিয়ে কিমান চনত অসম উপত্য়কাৰ ভিতৰত প্ৰথম হৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?

(ক) ১৯১৮ চনত

(খ) ১৯১৩ চনত

(গ) ১৯১১ চনত

উত্তৰঃ (গ) ১৯১১ চনত।

১২। সেই সময়ত মেট্ৰিক পৰীক্ষা কাৰ অধীনত হৈছিল ?

(ক) কলিকতা বিশ্ৱবিদ্য়ালয়ৰ

(খ) কটন কলেজৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) কলিকতা বিশ্ৱবিদ্য়ালয়ৰ।

১৩। তেওঁ দ্বিতীয়বাৰৰ বাবে কি বিষয়ত এম.এ. পৰীক্ষা দি প্ৰথম স্থান লাভ কৰিছিল ?

(ক) ৰাজনীতি বিভাগত

(খ) ইংৰাজী বিভাগত

(গ) গণিত বিষয়ত

উত্তৰঃ

১৪। তেওঁ গুৱাহাটী বিশ্ববিদ্য়ালয়ত কি বিভাগৰ অধ্যাপকৰূপে যোগদান কৰিছিল ? 

(ক) গণিত বিভাগত

(খ) ইংৰাজী বিভাগত

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়।

১৫। পূৰ্বতে কিছুমান পণ্ডিতে অসমীয়া ভাষাতো কি বুলি অপপ্ৰচাৰ চলাই আছিল ?

(ক) বাংলা ভাষাৰ অপভ্ৰংশ বুলি

(খ) কলিতা জাতীৰ ইতিবৃত্ত

(গ) এটাও নহয়

উত্তৰঃ (ক) বাংলা ভাষাৰ অপভ্ৰংশ বুলি।

১৬। বাণীকান্ত কাকতিয়ে শিশুৰ বাবে কি ৰচনা কৰিছিল ?

(ক) শিশু আলোচনী

(খ) পখিলা নামৰ এখন পুথি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) পখিলা নামৰ এখন পুথি।

১৭। সাধনা শব্দৰ অৰ্থ কি ?

(ক) উপযুক্ত

(খ) নিপুণতা

(গ) একান্ত প্ৰচেষ্টা

উত্তৰঃ (গ) একান্ত প্ৰচেষ্টা।

১৮। সুখ্য়াতি শব্দৰ বিপৰীত অৰ্থটো কি ?

(ক) খ্যাতি

(খ) কুখ্যাতি

(গ) অযোগ্য

উত্তৰঃ (খ) কুখ্যাতি।

১৯। স্পৃহা শব্দৰ অৰ্থ কি ?

(ক) হাবিয়াস, ইচ্ছা

(খ) অতি মূল্যৱান

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) হাবিয়াস, ইচ্ছা।

২০। সফলতা শব্দৰ বিপৰীত অৰ্থ কি ?

(ক) অৰ্থহীন

(খ) বিফলতা

(গ) অমূল্য

উত্তৰঃ (খ) বিফলতা।

Type By- Subhas Nath