Class 5 Assamese Chapter 8 MCQ’s Sankardev School | প্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ | Class 5 Assamese Chapter 8 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8

প্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ

১। ভেংকটৰমণৰ কত জন্ম হৈছিল ?

(ক) তামিলনাডুৰ ত্ৰিচনাপল্লীত

(খ) তিনচুকীয়াত

(গ) ডিব্ৰুগড়ত

উত্তৰঃ (ক) তামিলনাডুৰ ত্ৰিচনাপল্লীত।

২। ভেংকটৰমণৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৯৫৭ চনৰ ২১ জানুৱাৰীত

(খ) ১৮৮৮ চনৰ ৭ নৱেম্বৰত

(গ) ১৯৮৩ চনৰ ৪ অক্টোবৰত

উত্তৰঃ (খ) ১৮৮৮ চনৰ ৭ নৱেম্বৰত।

৩।ভেংকটৰমণৰ পিতৃৰ নাম কি ?

(ক) চন্দ্ৰশেখৰ আয়াৰ

(খ) গৰ্গৰাম বৰুৱা

(গ) মিত্ৰদেৱ মহন্ত

উত্তৰঃ (ক) চন্দ্ৰশেখৰ আয়াৰ।

৪। ভেংকটৰমৰণৰ  মাতৃৰ নাম কি ?

(ক) পাৰ্বতী আমল

(খ) নলিনীবালা দেবী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) পাৰ্বতী আমল।

৫। পোহৰৰ সাতোটা ৰঙৰ ভিতৰত আটাইতকৈ বেছিকৈ সিঁচৰতি ৰং কোনটো ?

(ক) হালধিয়া

(খ) নীলা

(গ) ৰঙা

উত্তৰঃ (খ) নীলা।

৬। ভেংকটৰমণ ব্ৰিটিছ চৰকাৰে কি উপাধি দিছিল ?

(ক) ছাৰ উপাধি

(খ) চন্দ্ৰশেখৰ উপাধি

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) ছাৰ উপাধি।

৭। ভেংকটৰমণে কিমান চনত বিষয়াৰূপে যোগদান কৰিছিল ?

(ক) ১৯০৭ চনত

(খ) ২০১০ চনত

(গ) ১৯০৮ চনত

উত্তৰঃ (ক) ১৯০৭ চনত।

৮। ছোভিয়েট চৰকাৰে তেঁওক কি বঁটা প্ৰদান কৰিছিল ?

(ক) লেনিন বঁটা

(খ) নবেল বঁটা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) লেনিন বঁটা।

৯। ভাৰতীয় বিজ্ঞান একাডেমী কিমান চনত স্থাপন কৰিছিল ?

(ক) ১৯৩৪ চনত

(খ) ১৯৪৫ চনত

(গ) ১৮৭৬ চনত

উত্তৰঃ (ক) ১৯৩৪ চনত।

১০। তেওঁ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১৯৭১ চনৰ ২১ নৱেম্বৰত

(খ) ১৯৮৪ চনৰ ৪ আগষ্টত

(গ) ১৮০৭ চনৰ ২৫ ফেব্ৰুৱাৰীত

উত্তৰঃ (ক) ১৯৭১ চনৰ ২১ নৱেম্বৰত।

১১। দিগন্তত আকাশৰ নীলাৰ সৈতে কোন ঠাইৰ কি ৰং মিলি গৈছিল ?

(ক) উৰাজাহাজৰ হালধীয়া ৰং

(খ) সাগৰৰ নীলা ৰং

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) সাগৰৰ নীলা ৰং।

১২।  তেওঁক কিহে মোহিত কৰিছিল ?

(ক) সাগৰৰ বিশাল জলৰাশিয়ে

(খ) আকাশৰ নীলা ৰং

(গ) জাহাজখনে

উত্তৰঃ (ক) সাগৰৰ বিশাল জলৰাশিয়ে।

১৩। বায়ুমণ্ডলত থকা বিভিন্ন কণিকাবোৰে কি কৰে ?

(ক) পোহৰ ধৰি ৰাখে

(খ) তাপ ধৰি ৰাখে

(গ) পোহৰ সিঁচৰতি কৰে

উত্তৰঃ (গ) পোহৰ সিঁচৰতি কৰে।

১৪। তেওঁ কোনটো বিভাগত প্ৰথম স্থান লাভ কৰি স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?

(ক) ৰাজনীতি বিজ্ঞানত

(খ) পদাৰ্থ বিজ্ঞানত

(গ) অৰ্থ বিজ্ঞানত

উত্তৰঃ (খ) পদাৰ্থ বিজ্ঞানত।

১৫। এম.এ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আগতে তেওঁ লিখা কেইটা প্ৰবন্ধ প্ৰকাশ পাইছিল ?

(ক) ছয়টা

(খ) চাৰিটা

(গ) দুটা

উত্তৰঃ (গ) দুটা।

১৬। গৱেষণা শব্দৰ অৰ্থ কি ?

(ক) বিশেষ ৰচনা

(খ) গভীৰ চিন্তা

(গ) এটাও নহয়

উত্তৰঃ (ক) বিশেষ ৰচনা।

১৭। ১৯২১ চনত ভেংকটৰমণে কিহত যোগদান কৰিবলৈ লণ্ডনলৈ গৈছিল ?

(ক) ৰমণ ৰশ্মিত

(খ) কলিকতা বিশ্ৱবিদ্য়ালয়ত

(গ) বিশ্ৱবিদ্যালয় কংগ্ৰেছত

উত্তৰঃ (গ) বিশ্ৱবিদ্যালয় কংগ্ৰেছত।

১৮। ডিনামাইটৰ কোনে আৱিষ্কাৰ কৰিছিল ?

(ক) আলফ্ৰেড ন’বেলে

(খ) ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণে

(গ) পাৰ্বতী আমলে

উত্তৰঃ (ক) আলফ্ৰেড ন’বেলে।

১৯। তেওঁ কি আৱিষ্কাৰ কৰা বাবে ন’বেল বটা লাভ কৰিছিল ?

(ক) ডিনামাইটৰ

(খ) ৰমণ ৰশ্মি

(গ) ৰমণ প্ৰতিষ্ঠান

উত্তৰঃ (খ) ৰমণ ৰশ্মি।

২০। ১৯৫৪ চনত তেওঁ কি উপাধি লাভ কৰিছিল ?

(ক) ভাৰত ৰত্ন

(খ) ছাৰ

(গ) লেনিন বঁটা

উত্তৰঃ (ক) ভাৰত ৰত্ন।

Type By- Subhas Nath