Class 7 Social Science Sankardev School | Chapter 1 | ভূপৃষ্ঠৰ সময় গণনা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 1

ভূপৃষ্ঠৰ সময় গণনা

১। দ্ৰাঘিমা ৰেখাবোৰৰ প্ৰতিডালৰ দৈৰ্ঘ্য় কিমান?

(ক) সমান

(খ) সমান নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সমান

২। অক্ষ ৰেখাবোৰৰ দৈৰ্ঘ্য় কিমান?

(ক) সমান

(খ) সমান নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সমান নহয়

৩। একেবাৰে মাজভাগত থকা ০ ডিগ্ৰী অক্ষ ৰেখাডাল আটাইতকৈ।

(ক) দীঘল

(খ) চুটি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) দীঘল

৪। পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কাল্পনিক অৰ্দ্ধবৃত্তাকাৰ দ্ৰাঘিমা ৰেখা ধৰাপৃষ্ঠত ১ডিগ্ৰী ব্য়ৱধানত মুঠ কিমান?

(ক) ৩৬০

(খ) ৪৬০

(গ) ৩৫০

উত্তৰঃ (ক) ৩৬০

৫। ক’ ঠাইখন প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবত থকা হেতুকে ‘ক’ৰ দ্ৰাঘিমাংশ হ’ব কি

(ক) ০ ডিগ্ৰী

(খ) ৪০ ডিগ্ৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৪০ ডিগ্ৰী

৬। পৃথিৱীৰ সময় গণনা কৰোঁতে  কেইটা সময় মানি লোৱা হয়?

(ক) ৩

(খ) ১

(গ) ২

উত্তৰঃ (গ) ২

 ৭। বেলেগ বেলেগ দেশৰ মান সময় বেলেগ বেলেগ

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৮। ইংলেণ্ডৰ মান সময়তকৈ ভাৰতৰ মান সময় কিমান ঘণ্টা কিমান মিনিট আগবাঢ়ে?

(ক) ৫ঘণ্টা ৩০ মিনিট

(খ) ১ঘণ্ট ২০ মিনিট

(গ) ৪ঘণ্টা ৪০ মিনিট

উত্তৰঃ (ক) ৫ঘণ্টা ৩০ মিনিট

৯। ভাৰততকৈ পূবৰ দেশ জাপানৰ সৈতে আমাৰ দেশৰ সময়ৰ পাৰ্থক্য় কিমান পাছ পৰা?

(ক) ৪ঘণ্টা ৩০ মিনিট

(খ) ৩ঘণ্টা ৩০ মিনিট

(গ) ৪ঘণ্টা ২০ মিনিট

উত্তৰঃ (খ) ৩ঘণ্টা ৩০ মিনিট

 ১০। আমাৰ দেশত এলাহাবাদৰ স্থানীয় সময়কে দেশখনৰ মান সময় বুলি ধৰি লোৱা ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

১১। ১ মিনিট দ্ৰাঘিমাংশৰ পাৰ্থক্য়ত সময়ৰ পাৰ্থক্য় কিমান ছেকেণ্ড।

(ক) ৫ ছেকেণ্ড

(খ) ৪ ছেকেণ্ড

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৪ ছেকেণ্ড

১২। ০ ডিগ্ৰী দ্ৰাঘিমাংশৰ পাৰ্থক্য় কিমান মিনিট?

(ক) ৪

(খ) ৩

(গ) ২

উত্তৰঃ (ক) ৪

১৩। ভূপৃষ্ঠৰ কোনো এখন ঠাইত অৱস্থিতি জনাৰ বাবে কেই প্ৰকাৰৰ কাল্পনিক ৰেখাৰ সহায় লোৱা হয়

(ক) ৪ প্ৰকাৰৰ

(খ) ২ প্ৰকাৰৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ২ প্ৰকাৰৰ

১৪। পৃথিৱীৰ আকৃতি গোলাকাৰ হোৱাৰ বাবে কোনো এখন ঠাইৰ অৱস্থান নিৰ্ণয় কৰা

(ক) সুবিধাজনক

(খ) অসুবিধাজনক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অসুবিধাজনক

১৫। দ্ৰাঘিমা ৰেখাবোৰ উত্তৰ আৰু দক্ষিণলৈ ক্ৰমে চুটি হৈ হৈ মেৰু অঞ্চলত একোটা কি হৈছেগৈ ।

(ক) বিন্দু

(খ) অক্ষ ৰেখা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বিন্দু

১৬। অক্ষ ৰেখাডাল দৈৰ্ঘ্য় কিমান কিলোমিটাৰ ?

(ক) ৪০,০৭৫

(খ) ২৯, ১২০

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৪০,০৭৫

১৭। ১৮০ ডিগ্ৰী ‘পূব দ্ৰাঘিমা’ আৰু ১৮০ ডিগ্ৰী ‘পশ্চিম দ্ৰাঘিমা’  ৰেখা প্ৰকৃততে একেডাল ৰেখা।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

১৮। পৃথিৱীৰ সকলো দেশেই সময় আৰু দিন গণনাৰ সীমাৰেখা বুলি মানি ।

(ক) লৈছে

(খ) নাইলোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লৈছে

১৯। প্ৰত্য়েক দেশে, দেশৰ সকলোৰে সুবিধাৰ বাবে কোনো এখন ঠাইৰ স্থানীয় সময়কে মান সময় হিচাপে ধৰি।

(ক) নলয়

(খ) লয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) লয়

২০। দ্ৰাঘিমা ৰেখাৰ ভিন ভিন অৱস্থিতিয়ে সময়ৰ ভিন্নতা ।

(ক) আনে

(খ) নানে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আনে

Type: Pompi Hazarika