Class 7 Social Science Sankardev School | Chapter 9 | ভাৰতৰ জলবায়ু | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 9

ভাৰতৰ জলবায়ু

১। ভাৰতৰ দক্ষিণত থকা মহাসাগৰখনৰ নাম কি ?

(ক) প্ৰশান্ত মহাসাগৰ

(খ) আটলাণ্টিক মহাসাগৰ

(গ) ভাৰত মহাসাগৰ

উত্তৰঃ (গ) ভাৰত মহাসাগৰ

২। ভাৰতৰ প্ৰায় সোঁমাজেদি পাৰ হৈ যোৱা ৰেখাডালৰ নাম কি ?

(ক) কৰ্কটক্ৰান্তি

(খ) বিষুৱ ৰেখা

(গ) মকৰক্ৰান্তি

উত্তৰঃ (ক) কৰ্কটক্ৰান্তি

৩। ক্ৰান্তীয় অঞ্চল ক’ত অৱস্থিত ?

(ক) বিষুৱৰ ওচৰত

(খ) কৰ্কটক্ৰান্তিৰ ওচৰত

(গ) এটাও নহয়

উত্তৰঃ (ক) বিষুৱৰ ওচৰত

৪। কোন দিশে আগবাঢ়ি গ’লে উষ্ণতাৰ তাৰতম্য অধিক হয় ?

(ক) দক্ষিণ দিশে

(খ) পশ্চিম দিশে

(গ) উত্তৰ দিশে

উত্তৰঃ (গ) উত্তৰ দিশে

৫। জলবায়ুৰ তাৰতম্য অনুসৰি বছৰটোক কেইটা প্ৰধান ঋতুত ভাগ কৰিব পাৰি ?

(ক) সাতটা

(খ) ছটা

(গ) নটা

উত্তৰঃ (খ) ছটা

৬। চ’ত মাহৰ আৰম্ভণিৰপৰা ব’হাগৰ শেষ পৰ্যন্ত কি কাল বুলি ধৰিব পাৰি ?

(ক) বসন্ত কাল

(খ) বৰ্ষা কাল

(গ) হেমন্ত কাল

উত্তৰঃ (ক) বসন্ত কাল

৭। কি কালত জাৰৰ প্ৰকোপ কমি বতৰ নাতিশীতোষ্ণ হয় ?

(ক) বৰ্ষা কালত

(খ) শীত কালত

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

৮। বসন্তৰ বতৰ কাৰ মাতে উতলা কৰে ?

(ক) ঘনচিৰিকাৰ মাতে

(খ) কুলিৰ মাতে

(গ) শালিকাৰ মাতে

উত্তৰঃ (খ) কুলিৰ মাতে

৯। আহিন মাহৰ আৰম্ভণিৰপৰা কাতি মাহৰ শেষলৈ সাধাৰণতে কি ঋতুৰ সময় ?

(ক) শৰৎ

(খ) হেমন্ত

(গ) বসন্ত

উত্তৰঃ (ক) শৰৎ

১০। ইউৰোপ মহাদেশ তথা অন্যান্য পশ্চিমীয়া দেশসমূহত ঋতুক প্ৰধানত কেইটা ভাগত ভগাব পাৰি ?

(ক) ছটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (গ) চাৰিটা

১১। প্ৰাক্-শীত কালক আমাৰ কোনটো ঋতুৰ সৈতে তুলনা কৰিব পাৰি ?

(ক) শীত

(খ) হেমন্ত

(গ) বৰ্ষা

উত্তৰঃ (খ) হেমন্ত

১২। ক্ৰান্তীয় আৰ্দ্ৰ জলবায়ু বা মৌচুমী বৰষুণৰ অঞ্চলত গ্ৰীষ্ম কালৰ উষ্ণতা কিমান হয় ?

(ক) ১৪° চেলছিয়াছ

(খ) ৩৪° চেলছিয়াছ

(গ) ৩২° চেলছিয়াছ

উত্তৰঃ (গ) ৩২° চেলছিয়াছ

১৩। ক্ৰান্তীয় ছাভানা জলবায়ু অঞ্চলত শীত কালৰ উষ্ণতা কিমান হয় ?

(ক) ৩২° চেলছিয়াছ

(খ) ১৮° চেলছিয়াছ

(গ) ১২° চেলছিয়াছ

উত্তৰঃ (খ) ১৮° চেলছিয়াছ

১৪। তাল, সিজু আদি কি অঞ্চলত দেখা যায় ?

(ক) শুকান বননি অঞ্চলত

(খ) পৰ্বতীয়া অৰণ্য অঞ্চলত

(গ) ক্ৰান্তীয় ছাভানা অঞ্চলত

উত্তৰঃ (ক) শুকান বননি অঞ্চলত

১৫। ভাৰতবৰ্ষৰ কিমান অঞ্চলত জলাহ হাবি আছে ?

(ক) ৬৭৪০ বৰ্গ কিঃ মিঃ

(খ) ১৫০০ বৰ্গ কিঃ মিঃ

(গ) ২০০০ বৰ্গ কিঃ মিঃ

উত্তৰঃ (ক) ৬৭৪০ বৰ্গ কিঃ মিঃ

১৬। যিবোৰ অঞ্চলত বছৰি ২০৩ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় সেইবোৰত কি দেখা যায় ?

(ক) পৰ্ণপাতী বননি

(খ) শুকান বননি

(গ) চিৰসেউজীয়া বৃষ্টি ঘন বননি

উত্তৰঃ (গ) চিৰসেউজীয়া বৃষ্টি ঘন বননি

১৭। ইংৰাজী ভাষাত কেইটা ঋতু পঢ়িবলৈ পোৱা যায় ?

(ক) তিনিটা

(খ) চাৰিটা

(গ) ছটা

উত্তৰঃ (খ) চাৰিটা

১৮। কি দেশত পৰ্ণপাতী অৰণ্য দেখা যায় ?

(ক) পাদদেশত

(খ) হিমালয়ত

(গ) ভাৰতত

উত্তৰঃ (ক) পাদদেশত

১৯। উচ্চতা বৃদ্ধিৰ লগে লগে উত্তাপ কমি অহাৰ বাবে কি সলনি হয় ?

(ক) প্ৰকৃতি সালসলনি

(খ) পৰ্বতীয়া অৰণ্য

(গ) উদ্ভিদৰ প্ৰকৃতি

উত্তৰঃ (গ) উদ্ভিদৰ প্ৰকৃতি

২০। যিবোৰ ঠাইত ৫০-১০১ চেঃ মিঃ বৰষুণ হয়, বিশেষকৈ গ্ৰীষ্ম কালত গৰম আৰু বৰষুণ, শীত কালত শুকান আৰু ঠাণ্ডা , তেনেবোৰ ঠাইত কি দেখা যায় ?

(ক) পৰ্ণপাতী বননি

(খ) ক্ৰান্তীয় ছাভানা

(গ) শুকান বননি

উত্তৰঃ (খ) ক্ৰান্তীয় ছাভানা

Type: Pompi Hazarika