Class 10 Assamese Chapter 2 |  জিকিৰ  | MCQs Short Question Answer SEBA School |

Chapter 2

জিকিৰ

1)  জিকিৰৰ ৰচক কোন 

 (ক) আজান ফকিৰ

(খ) ৰঘুনাথ চৌধাৰী

(গ) চৈয়দ আব্দুল মলিক

উত্তৰঃ (ক) আজান ফকিৰ

2)  ৰহম অৰ্থ কি?

(ক) ধ্ৰুৱ নক্ষত্ৰ

(খ) দয়া

(গ) আকাশ

উত্তৰঃ (খ) দয়া

3)  জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে?
(ক) সাগৰ
(খ) আৰবী
(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  (খ) আৰবী

4)  আজান ফকীৰৰ আচল নাম কি?
(ক) হজৰত মহমদ
(খ) চৈয়দ আব্দুল মালিক
(গ) হজৰত শ্বাহ মিলন

উত্তৰঃ  (গ) হজৰত শ্বাহ মিলন

5)  তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে?
(ক) ভূত-প্ৰেতে
(খ) মায়াই
(গ) মানুহে

উত্তৰঃ (খ) মায়াই

6)  ৰচুল শব্দৰ অৰ্থ কি?
(ক) দেৱদূত
(খ) সাগৰ
(গ) ভৃত্য

উত্তৰঃ  (ক) দেৱদূত

7) অসমীয়া থলুৱা ভাষাৰ লগতে আৰু কি ভাষা জিকিৰত অন্তৰ্ভূক্ত হৈছে?
(ক) ব্ৰজাৱলী
(খ) আৰবী-পাৰ্চী
(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) আৰবী-পাৰ্চী

8)  উজনী অসমত প্ৰচলিত এটা লোকগীতৰ নাম কি?
(ক) ‘টোকাৰী গীত’
(খ) ‘ভক্তিমূলকগীত’
(গ) ‘লোকগীত’

উত্তৰঃ (ক) ‘টোকাৰী গীত’

9)  ‘আদম’ শব্দৰ অৰ্থ কি?
(ক) আকাশ
(খ) আল্লাৰ দূত
(গ) আদি মানৱ
 

উত্তৰঃ (গ) আদি মানৱ

10 ) গদাধৰ সিংহই ক’ত আজান ফকিৰক মছজিদ সজাই দিছিল?
(ক) সাগৰৰ পাৰত
(খ) দিখৌমুখৰ সৰাগুৰি চাপৰিত
(গ) লক্ষীমপুৰৰ লেটেকীপুখুৰীৰ পাৰত

উত্তৰঃ  (খ) দিখৌমুখৰ সৰাগুৰি চাপৰিত

11)   আজান ফকীৰে কাৰ সময়ছোৱাত জিকিৰ আৰু জাৰী গীত ৰচনা কৰিছিল?
(ক) দ্বিতীয় বাহাদুৰ ছাহৰ সময়ছোৱাত
(খ) গদাধৰ সিংহৰ সময়ছোৱাত
(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) গদাধৰ সিংহৰ সময়ছোৱাত

12)  মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে?
(ক) গংগা নদীৰ ঘাট
(খ) যমুনা নদীৰ ঘাটত
(গ) তিৰবেণীৰ ঘাটত

উত্তৰঃ  (গ) তিৰবেণীৰ ঘাটত

13)  খোদা ৰছুল কাৰ আঁৰত লুকাই আছিল?
(ক) গছৰ আঁৰত
(খ) মোমিনৰ আঁৰত
(গ) পাতৰ আঁৰত

উত্তৰঃ (খ) মোমিনৰ আঁৰত

14)  আচমান শব্দৰ সমাৰ্থক শব্দ কি?
(ক) আকাশ
(খ) বিশ্বাসী
(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  (ক) আকাশ

15 )  আজান ফকীৰ বিদেশৰ পৰা ক’লৈ  আহিছিল?
(ক) জাপানলৈ
(খ) আমেৰিকালৈ
(গ) অসমলৈ

উত্তৰঃ  (গ) অসমলৈ

16)  অসমীয়া গীতি-সাহিত্যৰ ইতিহাসত ‘জিকিৰ আৰু জাৰী’ গীত সমূহ কি?
(ক) অমূল্য সম্পদ
(খ) প্ৰকৃতিক সম্পদ
(গ) মানৱ সৃষ্ট সম্পদ

উত্তৰঃ  (ক) অমূল্য সম্পদ

17)  মোমিন শব্দৰ অৰ্থ কি?
(ক) বেপাৰ কৰা
(খ) সঁচাৰ
(গ) বিশ্বাসী

উত্তৰঃ (গ) বিশ্বাসী

18)  আনুমানিক কিমান শতিকাত জিকিৰ আৰু জাৰী ৰচনা কৰিছিল?
(ক) খ্ৰীষ্টীয় সপ্তদশ শতিকাত
(খ) খ্ৰীষ্টীয় পঞ্চদশ শতিকাত
(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) খ্ৰীষ্টীয় সপ্তদশ শতিকাত

19)  আজান ফকীৰ ক’ত আহি বিভিন্ন শাস্তীৰ সন্মুখীন হ’ব লগা হৈছিল?
(ক) বিহাৰত
(খ) অসমত
(গ) জাপানত

উত্তৰঃ (খ) অসমত

20) আজান ফকাৰে পোনপ্ৰথম অসমত কি দিছিল?
(ক) আজান
(খ) বিভিন্ন সামগ্ৰী
(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) আজান