Class 10 General Science Chapter 1 | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | MCQs Short Question Answer SEBA School |

Chapter 1

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

১। কেলছিয়াম অক্সাইডক কি বোলা হয়?

(ক) পোৰা চুণ

(খ) বাহি চুণ

(গ) শিথিলিত চুণ

উত্তৰঃ (ক) পোৰা চুণ

২। অদ্ৰাৱ্য পৰ্দাথক কি বোলে?

(ক) দ্বিঅপসৰণ বিক্ৰিয়া

(খ) অধঃক্ষেপ

(গ) তাপগ্ৰাহী বিক্ৰিয়া

উত্তৰঃ (খ) অধঃক্ষেপ

৩। অধঃক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক কি বোলে?

(ক) অধঃক্ষেপ

(খ) অধঃক্ষেপন বিক্ৰিয়া

(গ) দ্বিঅপসৰণ বিক্ৰিয়া

উত্তৰঃ (খ) অধঃক্ষেপন বিক্ৰিয়া

৪। বিক্ৰিয়া পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো কি হোৱা বুলি কয়?

(ক) জাৰিত

(খ) বিজাৰিত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) জাৰিত

৫। মাৰ্বলৰ ৰাসায়নিক সংকেত কি?

(ক) H₂O

(খ) CaCO₃

(গ) C₆H₁₂O₆(aq)

উত্তৰঃ (খ) CaCO₃

৬। দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক কি বোলে?

(ক) দ্বিঅপসৰণ বিক্ৰিয়া

(খ) বিযোজন বিক্ৰিয়া

(গ) সংযোজন বিক্ৰিয়া

উত্তৰঃ (গ) সংযোজন বিক্ৰিয়া

৭। বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় তাক কি বোলে?

(ক) তাপগ্ৰাহী বিক্ৰিয়া

(খ) তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া

(গ) সংযোজন বিক্ৰিয়া

উত্তৰঃ (খ) তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া

৮। বনস্পতিজাত দ্ৰৱ্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তনো এটা কি?

(ক) তাপগ্ৰাহী বিক্ৰিয়া

(খ) তাপবৰ্জী বিক্ৰিয়া

(গ) সংযোজন বিক্ৰিয়া

উত্তৰঃ (খ) তাপবৰ্জী বিক্ৰিয়া

৯। Fe₂O₃ + 2A→ Al₂O₃ + 2Fe বিক্ৰিয়াটো এটা উদাহৰণ

(ক) এটা সংযোজন বিক্ৰিয়াৰ

(খ) এটা বিযোজন বিক্ৰিয়াৰ

(গ) এটা অপসৰণ বিক্ৰিয়া

উত্তৰঃ (গ) এটা অপসৰণ বিক্ৰিয়া

১০। লেড ক্ল’ৰাইডৰ ৰাসায়নিক সংকেট কি?

(ক) PbCl₂

(খ) PbCl

(গ) CuCl₂

উত্তৰঃ (ক) PbCl₂

১১। 2FeSO₄(S) → Fe₂O₃(s) + SO₂(g) + SO₂(g) এই বিক্ৰিয়াটোে কি বিক্ৰিয়া?

(ক) সংযোজন বিক্ৰিয়া

(খ) বিযোজন বিক্ৰিয়া

(গ) তাপগ্ৰাহী বিক্ৰিয়া

উত্তৰঃ (খ) বিযোজন বিক্ৰিয়া

১২। ফেৰিক অক্সাইড কি পদাৰ্থ?

(ক) জুলীয়া পদাৰ্থ

(খ) গেছীয় পদাৰ্থ

(গ) গোটা পদাৰ্থ

উত্তৰঃ(গ) গোটা পদাৰ্থ

১৩। চিমেণ্ট উৎপাদনত কি ব্যৱহাৰ কৰা হয়?

(ক) পোৰা চুণ

(খ) শিথিলিত চুণ

(গ) বাহি চুণ

উত্তৰঃ (ক) পোৰা চুণ

১৪। বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত কি ৰঙৰ হৈ পৰে?

(ক) নীলা ৰঙৰ

(খ) ৰঙা ৰঙৰ

(গ) মটীয়া ৰঙৰ

উত্তৰঃ (গ) মটীয়া ৰঙৰ

১৫। যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তাক কি বিক্ৰিয়া বোলে?

(ক) তাপবৰ্জী বিক্ৰিয়া

(খ) তাপগ্ৰাহী বিক্ৰিয়া

(গ) দ্বিঅপসৰণ বিক্ৰিয়া

উত্তৰঃ (খ) তাপগ্ৰাহী বিক্ৰিয়া

১৬। ক’পাৰতকৈ দুটা অধিক সক্ৰিয় মৌলৰ নাম কি?

(ক) যিংক আৰু লেড

(খ) সোণ আৰু ৰূপ

(গ) ছডিয়াম আৰু মেগনেছিয়াম

উত্তৰঃ (ক) যিংক আৰু লেড

১৭। বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো কি হয়?

(ক) জাৰিত

(খ) বিজাৰিত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) জাৰিত

১৮। অপসৰণ বিক্ৰিয়াৰ আন এটা নাম কি?

(ক) সংযোজন বিক্ৰিয়া

(খ) প্ৰতিষ্ঠাপন বিক্ৰিয়া

(গ) তাপগ্ৰাহী বিক্ৰিয়া

উত্তৰঃ (খ) প্ৰতিষ্ঠাপন বিক্ৰিয়া

১৯। কি বিক্ৰিয়াত অদ্ৰাৱ্য লৱণ উৎপন্ন হয়?

(ক) অধঃক্ষেপ বিক্ৰিয়া

(খ) দ্বিঅপসৰণ বিক্ৰিয়াত

(গ) অধঃক্ষেপন বিক্ৰিয়াত

উত্তৰঃ (গ) অধঃক্ষেপন বিক্ৰিয়াত

২০। কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ গুৰিত যোগ কৰা হয়?

(ক) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়

(খ) ক্ল’ৰি গেছ আৰু আইৰন হাইড্ৰ’ক্সাইড উৎপন্ন হয়

(গ) আইৰন লৱন আৰু পানী উৎপন্ন হয়

উত্তৰঃ (ক) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়